ETV Bharat / technology

গুগল পে’ত একাউণ্ট নাথাকিলেও আপুনি লাভ কৰিব পাৰিব ধন ! কেনেকৈ ? - Google Pay

author img

By ETV Bharat Tech Team

Published : Aug 31, 2024, 7:47 PM IST

Google Pay New Features: গুগল পে’ত সংযুক্ত হ’ব বহু নতুন বৈশিষ্ট্য ৷ যাৰ সহায়ত এপ নোহোৱাকৈও আপুনি এপটোৰ দ্বাৰা ধন লাভ কৰিব পাৰিব ৷ কেনেকৈ, কেতিয়াৰ পৰা জানো আহক---

Etv Bharat
গুগল পে’ (Getty Images)

নিউজ ডেস্ক, 31 আগষ্ট: ডিজিটেল লেনদেন এপ Google Pay য়ে গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) 2024 ত কিছু নতুন বৈশিষ্ট্য ঘোষণা কৰিছে । একে সময়তে কোম্পানীটোৱে চলিত বছৰৰ শেষৰ ফালে এপটোৰ সৈতে এই বৈশিষ্ট্যসমূহ সংযুক্ত হ’ব বুলি জনায় । এই নতুন বৈশিষ্ট্যসমূহে এপটো ব্যৱহাৰকাৰীসকলক এপটোৰ জৰিয়তে পেমেণ্ট আৰু লেনদেন সহজ কৰি তুলিব বুলিও কৰ্তৃপক্ষই উল্লেখ কৰে ।

GFF ত গুগল পেই ঘোষণা কৰা কিছুমান বৈশিষ্ট্যৰ ভিতৰত আছে UPI Circle, UPI Voucher বা e-Rupi, Clickpay QR স্কেন, প্ৰিপেইড ইউটিলিটি পেমেণ্ট, RuPay কাৰ্ডৰ সৈতে Tap & Pay আৰু বহুতো । ইয়াৰ উপৰিও কোম্পানীটোৱে এই অনুষ্ঠানত কেইবাটাও অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে ।

UPI পেমেণ্ট এপটোৱে এটা ব্লগ পোষ্টত নতুন বৈশিষ্ট্যসমূহৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি কয় যে এই বৈশিষ্ট্যসমূহৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে পেমেণ্টৰ সময়ত অথবা এপটো ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বতকৈ যথেষ্ট সুবিধা আৰু সহজ পাব । ইউ পি আই চাৰ্কল হৈছে এন পি চি আইৰ এক নতুন বৈশিষ্ট্য, যাৰ জৰিয়তে ইউ পি আই একাউণ্টধাৰীয়ে বিশ্বাসযোগ্য লোকক ডিজিটেল পেমেণ্ট কৰিব পাৰে, যদিও তেওঁলোকৰ বেংক একাউণ্ট নাথাকে ।

UPI Circle ৰ কি লাভ: এই বৈশিষ্ট্য সেইসকল বৃদ্ধ পৰিয়ালৰ সদস্যৰ বাবে উপকাৰী হ’ব পাৰে যিসকলৰ বেংক একাউণ্ট বা গুগল পে’ৰ সৈতে সংযুক্ত একাউণ্ট নাই, কিন্তু ইউপিআই পেমেণ্ট কৰিবলগীয়া হয় । এই পৰিয়ালৰ সদস্যসকলে যিকোনো এটা আংশিক বিশেষাধিকাৰ লাভ কৰিব পাৰে ।

য’ত প্ৰাথমিক ব্যৱহাৰকাৰীয়ে প্ৰতিটো লেনদেনত অনুমোদন দিব লাগে বা সম্পূৰ্ণ প্ৰতিনিধিত্বৰ বিশেষাধিকাৰ থাকিব পাৰে, তেনে ক্ষেত্ৰত তেওঁলোকে 15000 টকা পৰ্যন্ত মাহিলী সীমা লাভ কৰিব পাৰে । ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম (এন পি চি আই)ৰ সৈতে অংশীদাৰিত্বৰে এই বৈশিষ্ট্য মুকলি কৰা হৈছে ।

UPI Voucher বা e-Rupi কি: ইউপিআই ভাউচাৰ বা ই-ৰূপী হৈছে 2021 চনত মুকলি কৰা ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি) বৈশিষ্ট্য, যিটো অতি সোনকালে গুগল পে’ত সমৰ্থিত হ’ব । এই বৈশিষ্ট্যৰ সহায়ত মানুহে এটা প্ৰিপেইড ভাউচাৰ তৈয়াৰ কৰিব পাৰে যিটো মোবাইল নম্বৰৰ সৈতে সংযুক্ত আৰু ইয়াৰ সহায়ত ডিজিটেল পেমেণ্ট কৰিব পাৰি, যদিও ব্যৱহাৰকাৰীয়ে বেংক একাউণ্টটো ইউপিআইৰ সৈতে লিংক কৰা নাই । এই বৈশিষ্ট্য এনপিচিআই আৰু বিত্তীয় সেৱা বিভাগৰ সহযোগত সংযোগ কৰা হ’ব ।

Clickpay QR স্কেন কি: গুগল পে’ত আহিবলগীয়া বিল পেমেণ্টৰ বাবে ক্লিকপে কিউআৰ স্কেন আন এক নতুন বৈশিষ্ট্য । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে এপটোৰ ভিতৰত এটা QR ক’ড স্কেন কৰি গুগল পে’ত বিল পৰিশোধ কৰিব পাৰিব । বিলাৰে গ্ৰাহকৰ বাবে এটা কাষ্টমাইজড QR ক’ড সৃষ্টি কৰাৰ পাচতহে এই পেমেণ্টসমূহ কৰিব পাৰিব । গুগলৰ মতে, স্কেন কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে বিলৰ পৰিমাণ চাব পাৰিব ।

প্ৰিপেইড ইউটিলিটি বিলৰ বৈশিষ্ট্য: গুগল পে’ত নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্ৰিপেইড ইউটিলিটি বিলও সৃষ্টি কৰিব পাৰিব । পেটিএমত উপস্থিত বৈশিষ্ট্যৰ দৰেই এই এপটোৱে ব্যৱহাৰকাৰীৰ প্ৰিপেইড ইউটিলিটি বিলত সন্ধান কৰিব যেতিয়া তেওঁলোকে এপটোত তেওঁলোকৰ গ্ৰাহকৰ তথ্য যোগ কৰিব । এবাৰ এইটো কৰা হ’লে ব্যৱহাৰকাৰীয়ে প্ৰিপেইড পেমেণ্টৰ বাবে ছেট কৰা বিলাৰসকলক পুনৰাবৃত্তিমূলক পেমেণ্ট কৰিব পাৰিব। এই বৈশিষ্ট্যই বিভিন্ন শিতানত কাম কৰিব। এন পি চি আই ভাৰত বিল পেৰ সৈতে অংশীদাৰিত্বৰে ইয়াক সংযোজন কৰা হৈছে।

RuPay কাৰ্ডৰ সৈতে Tap & Pay বৈশিষ্ট্য: RuPay কাৰ্ডৰ সৈতে Tap & Pay কাৰ্ডসমূহো চলিত বৰ্ষৰ শেষৰ ফালে গুগল পেত যোগ কৰা হ’ব । ইয়াৰ জৰিয়তে ৰুপে কাৰ্ডধাৰীয়ে এপটোত নিজৰ ৰুপে কাৰ্ড যোগ কৰিব পাৰে আৰু কাৰ্ড মেচিনত নিজৰ নিয়াৰ-ফিল্ড কমিউনিকেচন (এনএফচি) সক্ষম স্মাৰ্টফোন টেপ কৰি পেমেণ্ট কৰিব পাৰে ।

উল্লেখযোগ্য যে, কাৰ্ডৰ তথ্য এপটোত সংৰক্ষণ কৰা নহয় বুলি কোম্পানীটোৱে জনায় ।

লগতে পঢ়ক: এই পদ্ধতি অৱলম্বন কৰক আৰু ৰে’লৰ টিকট বুকিঙত পাওঁক নিশ্চিত ৰেহাই ! - Save Money on Train Tickets

10,000 টকা পৰ্যন্ত ৰেহাই লাভ কৰি আজিয়েই ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন - Subsidy for electric scooters

উৎসৱৰ বতৰত গাড়ী ক্ৰয় কৰি লাভ কৰক 20,000 টকাৰ ৰেহাই - Discount on Vehicles

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.