নিউজ ডেস্ক, 31 আগষ্ট: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ পৰিছে দক্ষিণ এছিয়া ৷ বাংলাদেশৰ 1 কোটি 80 লাখৰো অধিক লোক ভয়াৱহ বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, দেশখনৰ পূব আৰু দক্ষিণ-পূবৰ বিশাল অঞ্চলসমূহ কৃত্ৰিম বানত ডুব যোৱাৰ ফলত 12 লাখতকৈ অধিক পৰিয়াল আৱদ্ধ হৈ পৰিছে ।
এই পৰিস্থিতিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল হৈছে চট্টগ্ৰাম আৰু চিলেট, য'ত প্ৰধান নদীসমূহ “বিপদ সীমাৰ বহু ওপৰেৰে বৈ আছে ৷ যিয়ে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (UNICEF) এ । 20 লাখ শিশুকে ধৰি প্ৰায় 5 নিযুত লোক এই বানৰ ফলত আক্ৰান্ত হৈছে ৷ বহুতেই খাদ্য আৰু কোনো সাহায্য লাভ নকৰাকৈ আৱদ্ধ হৈ পৰিছে ।
বাংলাদেশত ঘূৰ্ণীবতাহ আৰু বাৰিষাৰ বানপানীৰ প্ৰভাৱ: বাংলাদেশত ঘূৰ্ণীবতাহ আৰু বাৰিষাৰ বানপানীৰ প্ৰভাৱৰ ফলত (2024 চনৰ মে’ৰ পৰা আগষ্টলৈকে) মঙলবাৰলৈকে 20 জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে আৰু 2 লাখ 85 হাজাৰ লোকে আশ্ৰয় বিচাৰিছে 3500 তকৈ অধিক আশ্ৰয় শিবিৰত বুলি UNICEF এ জনায় । (উৎস: OCHA)
ৰাস্তা, শস্যৰ মাটি আৰু মীনপালনৰ ক্ষেত্ৰতো ব্যাপক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত জীৱিকা ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পৰিছে । চৰকাৰৰ নেতৃত্বত দুৰ্গম কিছুমান অঞ্চলত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে ।
কিছুমান ঠাইত ৰাষ্ট্ৰসংঘৰ অংশীদাৰসকলে জনোৱা মতে, পানীৰ মাত্ৰা কমেও এসপ্তাহলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা নাই, যাৰ ফলত স্থায়ীভাৱে পানী জমা হোৱাৰ আশংকা আৰু ইয়াৰ লগত পানী আৰু ভেক্টৰজনিত ৰোগৰ ভাবুকিৰ সৃষ্টি হৈছে ।
পূব ভাৰতত অসাধাৰণ বৰষুণ
পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰায় দহ দিন পূৰ্বে 72 ঘণ্টাৰো অধিক সময় দিয়া অস্বাভাৱিক বৰষুণৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হৈছিল ৷ 1983 চনৰ পিছত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ।
বৰষুণৰ লগতে 2000 ৰো অধিক ভূমিস্খলন হোৱাৰ ফলত 17 লাখ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে ৷ য’ত প্ৰায় 1 লাখ 17 হাজাৰ লোক জিলা কৰ্তৃপক্ষই স্থাপন কৰা সাহায্য শিবিৰলৈ স্থানান্তৰিত হৈছে ।
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে বিষয়াসকলৰ উদ্ধৃতি দি কয় যে প্ৰায় 26 জন লোকৰ মৃত্যু হৈছে।চৰকাৰৰ নেতৃত্বত সাহায্য অভিযান অব্যাহত আছে, বানৰ মাত্ৰা হ্ৰাস পোৱা বুলি কোৱা হৈছে যদিও জুলাইৰ শেষৰ ফালে হিমাচল প্ৰদেশত কেইবাজনো লোকৰ মৃত্যু ঘটিছে ।
নেপালতো সদৃশ পৰিৱেশ
এই বাৰিষাই নেপালতো গ্ৰহণ কৰিছে বিধ্বংসী ৰূপ, যথেষ্ট অস্বাভাৱিক আৰু হিমবাহৰ দ্ৰুত উষ্ণতা বৃদ্ধিৰ ফলত ভয়াৱহভাৱে কৃত্ৰিম বান আৰু ভূমিস্খলনৰ সৃষ্টি হয় । দেশখনৰ এভাৰেষ্টত হিমবাহৰ বিস্ফোৰণ বান (GLOF) হয় । যাৰ পৰিপ্ৰেক্ষিতত পানীত ডুব যায় প্ৰায় 3800 মিটাৰ (12500 ফুট) উচ্চতাত অৱস্থিত আৰু ট্ৰেকাৰসকলৰ মাজত জনপ্ৰিয় থামে গাঁওখন ।
যদিও কোনো লোকৰ মৃত্যু বা গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা হোৱা নাই, তথাপিও ডজনতকৈও অধিক ঘৰ আৰু সৰু হোটেল, এখন বিদ্যালয় আৰু এটা স্বাস্থ্য কেন্দ্ৰ বানত উটি যায় । দেশৰ আন ঠাইত অৱশ্যে 2024 চনৰ বাৰিষাৰ ফলত ৰাজধানী কাঠমাণ্ডুকে ধৰি 200 ৰো অধিক লোকৰ মৃত্যু ঘটে । এটা বিশেষ মৰ্মান্তিক ঘটনাত যোৱা মাহত দুখন বাছ ফেনে-ফুটুকাৰে ওফন্দি উঠাৰ ফলত প্ৰায় 65 জন লোকৰ মৃত্যু ঘটে । কৰ্তৃপক্ষই মাত্ৰ তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ।