ETV Bharat / technology

আপুনিও ফ্লিপকাৰ্টৰ গ্ৰাহক নেকি; সামগ্ৰী ক্ৰয়ৰ পূৰ্বে সাৱধান ! - Flipkart Scam

author img

By ETV Bharat Tech Team

Published : Sep 18, 2024, 5:28 PM IST

Customers Allegation against Flipkart: ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ফ্লিপকাৰ্টৰ বিৰুদ্ধে । ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ চেল আৰম্ভ হোৱাৰ পূৰ্বেই সংঘটিত হৈছে এই ঘটনাৰ । প্ৰকৃত ঘটনাটো কি জানো আহক...

Etv Bharat
আপুনিও ফ্লিপকাৰ্টৰ গ্ৰাহক নেকি; সামগ্ৰী ক্ৰয়ৰ পূৰ্বে সাৱধান ! (ETV Bharat)

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টে অতি সোনকালে আৰম্ভ কৰিবলৈ ওলাইছে ‘বিগ বিলিয়ন ডেজ চেল’ । ইয়াৰ সৈতে সংগতি ৰাখি ফ্লিপকাৰ্ট এপৰ ‘ব্ৰেণ্ড মল’ চাইটৰ জৰিয়তে আয়োজন কৰা ফায়াৰড্ৰপ চেলেঞ্জত অংশগ্ৰহণ কৰা গ্ৰাহকসকলক Motorola G85 স্মাৰ্টফোন অফাৰৰ বাবে 99 % কুপন দিয়া হৈছে । কিন্তু অভিযোগ উত্থাপিত হৈছে যে সেই কুপন ব্যৱহাৰ কৰি মটৰ’লাৰ ফোন বুকিং কৰা গ্ৰাহকৰ অৰ্ডাৰ ফ্লিপকাৰ্টে বাতিল কৰিছে ।

আনহাতে, কোম্পানীটোয়ে দিয়া স্পষ্টীকৰণত গ্ৰাহকসকল হতাশ । অৰ্থাৎ ফ্লিপকাৰ্টে উত্তৰ দিছে যে তেওঁলোকৰ কোনো দোষ নাই আৰু ইয়াৰ বাবে বিক্ৰেতাসকল (ফ্লিপকাৰ্ট বিক্ৰেতা) সম্পূৰ্ণৰূপে দায়ী । ক্ষুব্ধ গ্ৰাহকে ছ’চিয়েল মিডিয়াত #FlipkartScam হেচটেগ তৈয়াৰ কৰি 18 ছেপ্টেম্বৰৰ পুৱাৰে পৰা ক্ষোভ প্ৰকাশ কৰি আহিছে ।

  • ফ্লিপকাৰ্টৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক

এজন ভুক্তভোগীয়ে এই সন্দৰ্ভত স্পষ্টকৈ পোষ্ট কৰিছিল । তেখেতে কয় যে "ফায়াৰড্ৰপৰ 99% ৰেহাইৰ অফাৰৰ বিষয়ে আমাৰ কেইবাটাও চিন্তা মনলৈ আহিছে । ই সম্পূৰ্ণ কেলেংকাৰী যেন লাগে । ই হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ প্ৰতি প্ৰতাৰণা কৰিছে ।"

কেইমাহমানৰ আগতে ফ্লিপকাৰ্টৰ “ফায়াৰড্ৰপ” প্ৰত্যাহ্বানত ব্যৱহাৰকাৰীক ৰেহাইৰ কুপন আৰু বেজ দিয়া হৈছিল । সেই অনুসৰি 17,999 টকাৰ Motorola G85 128 GB স্মাৰ্টফোন 179 টকাত উপলব্ধ হ’ব বুলি কোৱা হৈছে । গতিকে ডেলিভাৰী আৰু প্লেটফৰ্ম চাৰ্জকে ধৰি মুঠ মূল্য আহে 222 টকা ।"

"বহু ব্যৱহাৰকাৰীয়ে এই মূল্যত মটৰ’লাৰ ফোন ক্ৰয় কৰিছিল । কিন্তু কোম্পানীয়ে অধিকাংশ গ্ৰাহকৰ বাবে এই ৰেহাইৰ সৈতে অৰ্ডাৰ বাতিল কৰিলে । যেতিয়া ভুক্তভোগীয়ে ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰৰ সৈতে যোগাযোগ কৰে, তেতিয়া তেওঁলোকে কয় যে ই বিক্ৰেতাৰ সমস্যা । কিন্তু ইয়াৰ অৰ্থ কি ? গ্ৰাহকে এই কথা বুজি পোৱা নাছিল ।"

গ্ৰাহকে কয় "আমি বিক্ৰেতাৰ জৰিয়তে অৰ্ডাৰ দিছিলো নে ফ্লিপকাৰ্টৰ জৰিয়তে ? ফ্লিপকাৰ্টেই ফায়াৰড্ৰপক ৰেহাই দিছিল, বিক্ৰেতাই নহয় । ফ্লিপকাৰ্টে কোনো দায়িত্ব লোৱা নাই । তেওঁলোকৰ যুক্তি আমাৰ বাবে সন্তোষজনক নহয় ।"

ভুক্তভোগী গ্ৰাহকসকলে পোষ্টটোত আৰু লিখিছে যে "আমাৰ অনুৰোধ যে আপুনি অফাৰত উল্লেখ কৰা মূল্যত প্ৰডাক্টটো উপলব্ধ কৰা হওক । আপুনি দিয়া প্ৰমাণ আৰু চৰ্ত আমাৰ হাতত আছে । যদি আপুনি ফোনটো নিদিয়ে, তেন্তে ফোনটোৰ কমেও 50 শতাংশ মূল্য দিব লাগিব, বিনিময়ত আপুনি এটা কুপন দিব লাগিব ।"

গ্ৰাহকে দাবী জনাইছে, "আপুনি আমাক দিয়া 500 টকাৰ গিফ্ট ভাউচাৰৰ আমাৰ কোনো কাম নাই । ইয়াৰ ফলত আমি মানসিক চাপত ভুগিছো । যদি ফ্লিপকাৰ্টে সঠিক সমাধান নিদিয়ে তেন্তে আমি ফ্লিপকাৰ্ট আৰু মটৰ'লাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম । গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই বিষয়টোত হস্তক্ষেপ কৰি এই সমস্যাটো তৎক্ষণাত সমাধান কৰিব লাগে ।"

লগতে পঢ়ক: Big Billion Days ৰ সময় ঘোষণা : কি কি সামগ্ৰীত পাব ৰেহাই - Flipkart Big Billion Days

বজাৰত মুকলি Motorola ৰ Edge ছিৰিজৰ পঞ্চমটো স্মাৰ্টফোন - Motorola Edge 50 series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.