ETV Bharat / technology

নতুন কথা নহয় : ২০১১ তে ISRO ৰ বিজ্ঞানীয়ে বিচাৰি পাইছিল চন্দ্ৰৰ গুহাটো - Newly discovered cave in Moon

author img

By ETV Bharat Tech Team

Published : Jul 18, 2024, 9:01 PM IST

Cave On Moon : চন্দ্ৰত এটা গুহা আছে ৷ শেহতীয়াকৈ এছ’চিয়েটেড প্ৰেছ আৰু BBC কে ধৰি বহুকেইটা বিদেশী সংবাদ মাধ্যমত প্ৰকাশিত হৈছে এই বাতৰি ৷ কিন্তু আচৰিত কথা যে, সেই গুহা ২০১১ চনতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আৱিষ্কাৰ কৰিছে ৷

Cave On Moon
২০১১ তে ISRO ৰ বিজ্ঞানীয়ে বিচাৰি পাইছিল চন্দ্ৰৰ গুহাটো (Getty Image)

নেশ্যনেল ডেস্ক, ১৮ জুলাই : আপুনি বা মই কিমান জানো আমাৰ মৰমৰ জোনবাইটিৰ বিষয়ে ? জোনবাইৰ বিষয়ে জানিবলৈ ইচ্ছুক হৈ থকা পঢ়ুৱৈসকলৰ বাবে আজিৰ এই প্ৰতিবেদন ৷

প্ৰতিদিনে বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে জোনবাই সন্দৰ্ভত ন ন তথ্য ৷ সূৰ্যৰ পোহৰত জিলিকি উঠা জোনবাই নামৰ উপগ্ৰহটোৰ বিষয়ে এইবাৰ পৃথিৱীৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলে কৰিছে কেতবোৰ মন্তব্য ৷

বিদেশী সংবাদ মাধ্যমত (Foreign Media) প্ৰকাশিত কেইবাটাও বাতৰিত প্ৰকাশিত হৈছে যে, বিজ্ঞানীসকলে চন্দ্ৰত এটা গুহা আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল । কিন্তু আচৰিত কথাটো হ’ল যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ২০১১ চনতে জোনবাই অৰ্থাৎ চন্দ্ৰটোত যে এটা গুহা আছে সেই তথ্য আৱিষ্কাৰ কৰিছিল ৷

BBC ৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ১০০ মিটাৰ দ’ এই গুহাটো মানুহৰ বাবে স্থায়ীভাৱে বাস কৰিব পৰা এটা উত্তম স্থান হ’ব পাৰে । গৱেষকসকলৰ মতে, “ভূগৰ্ভস্থ, অনাৱিষ্কৃত পৃথিৱী” (underground, undiscovered world)ত লুকাই থকা সম্ভৱতঃ শ শ গুহাৰ ভিতৰত ই একমাত্ৰ ।

পৃথিৱীৰ বিভিন্ন দেশে চন্দ্ৰত মানুহৰ স্থায়ী বাসস্থান স্থাপনৰ বাবে দৌৰি ফুৰিছে যদিও মহাকাশচাৰীসকলক বিকিৰণ, চৰম উষ্ণতা, মহাকাশৰ বতৰ আদি সন্দৰ্ভত গৱেষণা কৰি আছে । মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ব্ৰিটিছ মহাকাশচাৰী হেলেন শৰ্মানে (Helen Sharman) BBC ৰ আগত উল্লেখ কৰা মতে, নতুনকৈ আৱিষ্কাৰ কৰা গুহাটো বসতিৰ বাবে ভাল ঠাই যেন অনুমান হয় ৷ ২০-৩০ বছৰৰ ভিতৰত মানুহে সম্ভৱত চন্দ্ৰৰ এই গুহাত বাস কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে ।

লগতে পঢ়ক : আদিত্য এল 1 ৰ সূৰ্য-পৃথিৱীৰ চাৰিওফালে প্ৰথম হেলো কক্ষপথ সম্পূৰ্ণ - Indian Space Research Organisation

বিদেশী সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছত মহাকাশ সংবাদদাতাই লিখা এক প্ৰতিবেদনতো দাবী কৰা হৈছে যে বিজ্ঞানীসকলে চন্দ্ৰত এটা গুহা আৱিষ্কাৰ কৰিছে । BCC ৰ প্ৰতিবেদন অনুসৰি ইটালীৰ ট্ৰেণ্টো বিশ্ববিদ্যালয়ৰ লৰেঞ্জো ব্ৰুজ’ন আৰু লিঅ’নাৰ্ডো কেৰেৰে ৰাডাৰৰ সহায়ত মাৰে ট্ৰেংকুলিটাটিছ নামৰ শিলৰ সমভূমিৰ এটা গাঁতৰ মুকলি অংশত সোমাই গুহাটো বিচাৰি উলিয়াইছিল । এই গুহাটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা যায় আৰু ১৯৬৯ চনত এপ’ল’ ১১ অৱতৰণ কৰা ঠাইখিনি এই স্থানতে আছে ।

বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি, গুহাটোৰ চন্দ্ৰৰ পৃষ্ঠত কিছু পোহৰ পৰে, যিটো তলৰ ফালে উলম্বভাৱে ওলমি থকা দেৱাল সদৃশ দেখা যায় আৰু এখন ঢালযুক্ত মজিয়া আছে, সম্ভৱতঃ মাটিৰ তললৈ আৰু অধিক বিস্তৃত হ’ব পাৰে । লাখ লাখ বা ​​কোটি কোটি বছৰ আগতে চন্দ্ৰৰ ওপৰত লাভা বৈ আহি শিলৰ মাজেৰে এটা সুৰংগ সৃষ্টি কৰিছিল ৷ যাৰ ফলতে ইয়াৰ উৎপত্তি হৈছিল ।

BBC ৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, অধ্যাপক কেৰেৰে ব্যাখ্যা কৰে যে পৃথিৱীৰ আটাইতকৈ ওচৰৰ সমতুল্য হ’ব স্পেইনৰ লানজাৰ’টৰ আগ্নেয়গিৰিৰ গুহাসমূহ ৷ লগতে তেওঁ কয় যে গৱেষকসকলে তেওঁলোকৰ কামৰ অংশ হিচাপে সেই গুহাসমূহ ভ্ৰমণ কৰিছিল ।

কিন্তু ২০১১ চনত সংবাদ সংস্থা PTI ৰ এক প্ৰতিবেদন অনুসৰি, ISRO ৰ বিজ্ঞানীসকলে চন্দ্ৰত এটা বিশাল ভূগৰ্ভস্থ কক্ষ আৱিষ্কাৰ কৰিছে, যিটো মহাকাশচাৰীয়ে আন্তঃগ্ৰহ অভিযানৰ বাবে চন্দ্ৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰে ।

PTI ৰ প্ৰতিবেদন অনুসৰি, চন্দ্ৰযান-1 ৰ পৰা প্ৰেৰিত Terrain Mapping Camera and Hyper Spectral Imager (HySI) ত ধৰা পৰিছে যে চন্দ্ৰপৃষ্ঠত উলম্বভাৱে লাভা বৈ আহি এটা lava tube ৰ সৃষ্টি কৰিছিল আৰু এই lava tube মহাকাশচাৰীসকলৰ বাবে নিৰাপদ হোৱাৰ লগতে বিভিন্ন বৈজ্ঞানিক সা-সজুলি সংৰক্ষণৰ বাবেও যথেষ্ঠ নিৰাপদ ৷

লগতে পঢ়ক : আৰএলভিৰ প্ৰযুক্তি প্ৰদৰ্শনত সফলতা ইছৰোৰ; তৃতীয় পৰীক্ষণো সম্পূৰ্ণ - RLV landing experiment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.