ETV Bharat / technology

স্মাৰ্টফোন ব্যৱহাৰৰ পূৰ্বে সাৱধান ! বৃদ্ধৰ পৰা দুষ্ট চক্ৰই সৰকালে কোটি টকা - Largest Cyber Fraud Case

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 4:14 PM IST

Cyber farud In Telangana: আজিকালি আবাল-বৃদ্ধ-বণিতা সকলোৰে হাতে-হাতে স্মাৰ্টফোন ৷ আজৰি সময় কটাবলৈ ই এক উন্নত মাধ্যম যদিও সম্প্ৰতি এই স্মাৰ্টফোনটোৱেই সকলোৰে বাবে কাল হৈ পৰিছে ৷ গতিকে আপোনাৰ পিতৃ-মাতৃ অথবা পৰিয়ালৰ বয়সস্থ ব্যক্তিসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়ত যথাসম্ভৱ নজৰ দিয়ক, নহ’লে সৰ্বস্বান্ত হৈ পৰিব পাৰে আপুনিও !

Etv Bharat
স্মাৰ্টফোন ব্যৱহাৰৰ পূৰ্বে সাৱধান ! বৃদ্ধৰ পৰা দুষ্ট চক্ৰই সৰকালে কোটি টকা (ETV Bharat (File Photo))

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: দেশত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ ঘটনা ৷ অপৰাধীৰ দৃষ্টিৰ পৰা সাৰি নাযায় বৃদ্ধ পৰ্যন্ত ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত ৷ জানিব পৰা মতে, ভুক্তভোগী বৃদ্ধজনৰ পৰা দুষ্কৃতিকাৰীয়ে লুটি নিলে 13.26 কোটি টকা ।

কিছুদিন পূৰ্বে সংঘটিত হোৱা এক কেলেংকাৰিৰ সৈতে এই ঘটনাৰ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে জনায় । ইয়াৰ পূৰ্বে হায়দৰাবাদত এজন ব্যক্তিক 8.6 কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল অপৰাধীয়ে ৷ উক্ত কেলেংকাৰীৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে ।

অনলাইন ষ্টক ট্ৰেডিং টিপছ অফাৰ: শেহতীয়া ঘটনাটো হায়দৰাবাদৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সৈতে জড়িত । অনলাইন ষ্টক ট্ৰেডিং টিপছ দিয়া এটা মেছেজ হোৱাটছএপযোগে তেওঁ লাভ কৰিছিল । পূৰ্বে শ্বেয়াৰ বজাৰৰ পৰা লাভৱান হোৱা বৃদ্ধগৰাকীয়ে এই বাৰ্তাৰ প্ৰতি সঁহাৰি জনাইছিল । ইয়াৰ পিছতে প্ৰৱঞ্চকসকলে এ এফ এছ এল, আপষ্টক্স আৰু ইণ্টাৰনেশ্যনেল ব্ৰোকাৰছ (আই বি)ৰ দৰে বিখ্যাত কোম্পানীসমূহৰ নামত লিংক প্ৰেৰণ কৰি হোৱাটছএপ গ্ৰুপত অংশগ্ৰহণ কৰিবলৈ তেওঁক বাধ্য কৰাইছিল ।

ষ্টক মাৰ্কেটত বিনিয়োগ: উল্লেখিত কোম্পানীবোৰৰ প্ৰতিনিধি হিচাপে দুষ্ট চক্ৰটোৱে বৃদ্ধ ব্যক্তিগৰাকীক ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । প্ৰথম অৱস্থাত বৃদ্ধগৰাকীক লাভ কম হ’ব বুলি জনোৱা হৈছিল । গতিকে তেওঁলোকে বিশ্বাস কৰিলে । পিছত দুষ্ট চক্ৰটোৱে তেওঁক ধন উলিয়াবলৈ কয় । সেয়ে বৃদ্ধজনে এবাৰতে 13.26 কোটি টকা দিলে । অৱশ্যে পিছত প্ৰৱঞ্চকসকলে বৃদ্ধজনৰ প্ৰতি সঁহাৰি দিয়া বন্ধ কৰি দিয়ে । তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি বৃদ্ধজনে 2 ছেপ্টেম্বৰত TGCSBত অভিযোগ দাখিল কৰে ।

তদন্ত অব্যাহত, 3 গ্ৰেপ্তাৰ: তদন্তৰ সময়ত TGCSB য়ে হিমায়তনগৰৰ হায়দৰাবাদ মেট্ৰ’ ৰে’লৱেৰ কৰ্মচাৰী মহম্মদ আথিৰপাছা (25)ৰ বেংক একাউণ্টত কিছু ধন ট্ৰেন্সফাৰ হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা কৰাৰ পিছত আন দুজন ইয়াৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ আহে । আন দুজনৰ নাম হ’ল হিমায়তনগৰৰ আৰাফাত খালেদ মহিউদ্দিন (25) আৰু চাৰ্মিনাৰ ফাতেহ দৰৱাজাৰ চৈয়দ খাজা হাছিমুদ্দিন (24) ।

দুয়োজনে মহম্মদ আথিৰপাছাৰ নামত বেংক একাউণ্ট খোলাৰ কথা অস্বীকাৰ কৰে । অথিৰপাশাৰ মতে, প্ৰধান অভিযুক্তই ক্ৰিপ্টোকাৰেন্সীৰ লেনদেন সন্দৰ্ভত অনলাইনযোগে তেওঁৰ সৈতে যোগাযোগ কৰিছিল । য'ত তেওঁ একাউণ্ট খুলিবলৈ অনুৰোধ কৰিছিল । ইয়াৰ পিছতে আথিৰপাছাৰ একাউণ্টৰ পৰা ধন উলিয়াই ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰা হয় । অৱশ্যে মূল অভিযুক্ত বৰ্তমানেও চিনাক্ত হোৱা নাই । এই গোচৰত বুধবাৰে তিনিজনক গ্ৰেপ্তাৰ কৰি জিম্মালৈ প্ৰেৰণ কৰা হয় ।

এই জালিয়াতিৰ মাষ্টাৰমাইণ্ডক বিচাৰি উলিয়াবলৈ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ - Cyber crime in Assam

স্মাৰ্টফোনযোগে ঋণ লোৱাৰ পূৰ্বে সাৱধান ! - Struggling to get a loan online

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.