ETV Bharat / technology

অহা দুবছৰৰ ভিতৰত পেট্ৰ'ল, ডিজেল বাহনৰ সমান হ’ব বৈদ্যুতিক বাহনৰ খৰচ : নীতিন গাডকাৰী - Electric vehicles in india

author img

By ETV Bharat Tech Team

Published : Sep 9, 2024, 5:11 PM IST

Minister Nitin Gadkari on EV: ৰাজ্যত বৃদ্ধি হৈছে বৈদ্যুতিক বাহনৰ প্ৰতি গুৰুত্ব ৷ বৈদ্যুতিক বাহনৰ বাবে অতিৰিক্ত ৰাজসাহায্য বা উত্‍সাহ প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়ায় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ আনকি অহা দুবছৰৰ ভিতৰত বৈদ্যুতিক বাহনৰ খৰচ পেট্ৰ’ল, ডিজেলৰ সৈতে সমান হ’ব বুলিও আশা কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

Etv Bharat
মন্ত্ৰী নীতিন গাডকাৰী (ETV Bharat (File Photo))

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: বৈদ্যুতিক বাহনৰ প্ৰতি বৃদ্ধি হৈছে দেশবাসীৰ গুৰুত্ব ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে কয় যে দেশবাসীয়ে বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা অহা দুবছৰৰ ভিতৰত বৈদ্যুতিক বাহনৰ ব্যয় পেট্ৰ’ল আৰু ডিজেল বাহনৰ সৈতে প্ৰায় সমান হৈ পৰিব ।

নতুন দিল্লীত অটোমোটিভ কম্পোনেণ্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই (ACMA) আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে অটোমোবাইল কোম্পানীসমূহক পথ সুৰক্ষাৰ পদক্ষেপসমূহত অৰিহণা যোগাবলৈও আহ্বান জনায় ৷ পথ সুৰক্ষা মন্ত্ৰণালয়ৰ বাবে বৰ্তমানেও এক উল্লেখযোগ্য চিন্তাৰ বিষয় হৈয়েই আছে ।

গাডকাৰীয়ে লগতে কয়, "দহ বছৰৰ আগতে যেতিয়া মই বৈদ্যুতিক বাহনৰ বাবে হেঁচা প্ৰয়োগ কৰিছিলো, তেতিয়া ভাৰতৰ অটোম’বাইল খণ্ডই মোক গুৰুত্বসহকাৰে লোৱা নাছিল । এতিয়া, তেওঁলোকে মোক কয় যে তেওঁলোকে হয়তো বাছখন হেৰুৱাই পেলাইছে ।"

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৈদ্যুতিক বাহনৰ বাবে তেওঁ কোনো অতিৰিক্ত ৰাজসাহায্য বা উত্‍সাহ প্ৰদানৰ উদ্দেশ্য গ্ৰহণ কৰা কোনো ব্যৱস্থাৰ বিৰোধী নহয় আৰু বিত্ত মন্ত্ৰণালয় আৰু বৃহৎ উদ্যোগ মন্ত্ৰণালয়ে যদি বৈদ্যুতিক বাহনক অধিক ৰাজসাহায্য দিব বিচাৰে তেন্তে তেওঁৰ কোনো সমস্যা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

নতুন বৈদ্যুতিক বাহন (ইভি) নিৰ্মাণ নীতিৰ লক্ষ্য হৈছে বিশ্বৰ গ্ৰাহকসকলক ভাৰতলৈ আকৰ্ষণ কৰা যদিও ঘৰুৱা মূল্য সংযোজনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ।

ACMA ৰ মতে, ইভি নীতিয়ে অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ দিশত আৰু ভাৰতৰ অটোমোটিভ খণ্ডত উদ্ভাৱনক লাভান্বিত কৰাৰ দিশত আন এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । এই নতুন নীতিয়ে ভাৰতত ভৱিষ্যতৰ গতিশীলতাৰ এক সজীৱ গ্লোবেল মেনুফেকচাৰিং হাবৰ বাবে মঞ্চ তৈয়াৰ কৰিছে ।

নতুন নীতি অনুসৰি 3 বছৰৰ ভিতৰত উৎপাদনৰ সুবিধা স্থাপন আৰু উৎপাদন আৰম্ভ কৰি তিনি বছৰৰ ভিতৰত 25 শতাংশ DVA আৰু 5 বছৰৰ ভিতৰত 50 শতাংশ DVA লাভ কৰিবলৈ নূন্যতম 4150 কোটি টকা (প্ৰায় 50 কোটি ডলাৰ) বিনিয়োগৰ প্ৰয়োজন সৰ্বোচ্চ ।

গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে জনোৱা মতে, কেন্দ্ৰই দুমাহৰ ভিতৰত ইলেক্ট্ৰিক বাহন (ইভি) গ্ৰহণক অধিক প্ৰসাৰিত কৰাৰ বাবে তৃতীয়খন ফাষ্টাৰ এডপচন এণ্ড মেনুফেকচাৰিং অৱ (হাইব্ৰিড এণ্ড) ইলেক্ট্ৰিক ভেহিকেল (এফ এ এম ই) আঁচনিখন ক্লিয়াৰ কৰাৰ সম্ভাৱনা আছে।

23 বিত্তীয় বৰ্ষৰ তুলনাত 24 বিত্তীয় বৰ্ষৰ যোৱা মাহত পঞ্জীয়নকৃত বৈদ্যুতিক বাহনৰ সংখ্যা 42.06 % পৰ্যন্ত বৃদ্ধি পাইছে । ক্ৰেডিট ৰেটিং এজেন্সী ICRI 2030 চনৰ ভিতৰত নতুন গাড়ীৰ বিক্ৰীৰ প্ৰায় 15 % ইলেক্ট্ৰিক হ’ব বুলি আশা কৰিছে ।

লগতে পঢ়ক: ভাৰতৰ ট্ৰাক উদ্যোগ, বৈদ্যুতিক বাহন অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা

ভাৰতৰ ট্ৰাক উদ্যোগ, বৈদ্যুতিক বাহন অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.