ETV Bharat / technology

কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNL ৰ 5G সেৱা ? - BSNL 5G launch date

author img

By ETV Bharat Tech Team

Published : Sep 10, 2024, 5:22 PM IST

BSNL 5G Service: BSNL ৰ 5G সেৱা শীঘ্ৰে আৰম্ভ হ’ব ৷ কোম্পানীটোৱে শেহতীয়াভাৱে জনাইছে এই কথা ৷ কেতিয়াৰ পৰা, কোন কোন ৰাজ্যত আৰম্ভ হ’ব এই সেৱা ৷

BSNL 5G launch date finally CONFIRMED: Everything you need to know
কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNL ৰ 5G সেৱা ? (ETV Bharat)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: BSNL ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । টেলিকম কোম্পানীটোৱে 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে । BSNL এ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে অতি সোনকালে ব্যৱহাৰকাৰীয়ে এই সেৱা ব্যৱহাৰ কৰিব পাৰিব ।

ভাৰত সঞ্চাৰ নিগম লিমিটেডে বিগত কেইমাহমানৰ পৰা টেলিকম খণ্ডত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ৰিচাৰ্জ পৰিকল্পনাৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি 4G নেটৱৰ্ক ঠিক কৰালৈকে এই চৰকাৰী টেলিকম কোম্পানীটোৱে এতিয়া লাহে লাহে ব্যক্তিগত কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে । জানিব পৰা মতে, কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে শীঘ্ৰে 5G সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ।

2025 চনৰ জানুৱাৰী মাহত 5G সেৱা আৰম্ভ: BSNL ৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰধান মহাপ্ৰবন্ধক এল.শ্ৰীণুৱে সংবাদমেলত ঘোষণা কৰে যে BSNL এ 2025 চনৰ জানুৱাৰী মাহত 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে । কোম্পানীটোৱে 5G ৰোলআউটৰ সুবিধা অতি সোনকালে সহজ কৰি তুলিবলৈ নিজৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ ভিতৰত টাৱাৰ আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলিও অন্তৰ্ভুক্ত ।

4G সেৱা 5 Gলৈ ৰূপান্তৰ: 4G সেৱা 5 Gলৈ ৰূপান্তৰিত কৰাৰ কাম চলি আছে বিএছএনএলৰ উদ্যোগত । অৰ্থাৎ 5G সেৱা আৰম্ভ কৰিবলৈ বিশেষ বিনিয়োগৰ প্ৰয়োজন নহ’ব । ইতিমধ্যে BSNL s 4G সেৱা আৰম্ভ কৰা অঞ্চলসমূহত 5G ৰোলআউট আৰম্ভ হ’ব । ইয়াৰ পিছত আপডেট প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি BSNL এ জানিবলৈ দিয়ে ।

শেহতীয়াকৈ মুক্তি পোৱা বিজ্ঞাপন: কোম্পানীটোৱে কোনবোৰ চহৰত প্ৰথমে 5G সেৱা মুকলি কৰিব সেই কথা প্ৰকাশ কৰা নাই । কিন্তু কোম্পানীটোৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে । ইয়াত BSNL আৰু MTNL দুয়োটাৰে ল’গ’ আছে । ভিডিঅ’টোত হাই স্পীড কানেক্টিভিটিৰ কথা কোৱা হৈছে । গ্ৰাহকে অপেক্ষা কৰি আছে BSNL-এ অতি সোনকালে 5G সেৱা আৰম্ভ কৰিবলৈ ।

লগতে পঢ়ক: উৎসৱৰ বতৰত এয়াৰটেলৰ আকৰ্ষণীয় অফাৰ - Airtel launches new plans

আপোনাৰ জিঅ’ চিমখন ৰিচাৰ্জ কৰক আৰু লাভ কৰক Zomato Gold সদস্যপদ - Jio 8th anniversary offers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.