ETV Bharat / technology

স্কেনযোগে অৱগত হওঁক আপোনাৰ গাড়ীখনৰ সুৰক্ষাৰ বিষয়ে - Bharat NCAP QR Code

author img

By ETV Bharat Tech Team

Published : Sep 1, 2024, 1:01 PM IST

Bharat NCAP QR Code Launched: এয়া ডিজিটেল যুগ ৷ স্কেনৰ জৰিয়তে ডিজিটেল লেন দেন কৰাৰ দৰে এতিয়াৰে পৰা স্কেনযোগে জানক আপোনাৰ মৰমৰ গাড়ীখনৰ সুৰক্ষা বৈশিষ্ট্যৰ বিষয়ে ।

Bharat NCAP QR Code
এটা স্কেনতেই জানক আপোনাৰ গাড়ীখনৰ সুৰক্ষাৰ বিষয়ে (Instagram/bncapofficial)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: যোৱা বছৰ দেশত আৰম্ভ হোৱা ভাৰত নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম (ভাৰত এনচিএপি)য়ে এতিয়ালৈকে দেশত বিক্ৰী হোৱা কেইখনমান গাড়ী পৰীক্ষা কৰি সুৰক্ষা সম্বন্ধীয় ৰেটিং প্ৰদান কৰিছে । এতিয়া ভাৰত NCAP য়ে গাড়ীৰ বাবে ছেফটি ৰেটেড QR ক’ড ষ্টীকাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে । এই পদক্ষেপৰ লক্ষ্য হৈছে যান-বাহনৰ সুৰক্ষাৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা । গ্ৰাহকে ষ্টীকাৰত থকা QR ক’ড স্কেন কৰি বাহনখনৰ সুৰক্ষা বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিব ।

ভাৰত এনচিএপি QR Code কি ?: ভাৰত NCAP য়ে সুৰক্ষা কাৰ্যসূচীৰ অধীনত যিসকল অটোমোবাইল নিৰ্মাতা বাহনৰ ক্ৰেচ টেষ্ট কৰা হৈছে তেওঁলোকক QR কোড ষ্টিক প্ৰদান কৰিব । এই ষ্টীকাৰসমূহত প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে বাবে প্ৰস্তুতকাৰকৰ নাম, বাহন বা মডেলৰ নাম, পৰীক্ষাৰ তাৰিখ আৰু সুৰক্ষাৰ তাৰকা ৰেটিং থাকিব ।

ষ্টীকাৰ স্কেন কৰিলে বাহনখনৰ সবিশেষ তথ্য গ্ৰাহকৰ আগত প্ৰকাশ পাব । জনাওঁ যে বৰ্তমান ক্ৰেচ টেষ্ট সম্পূৰ্ণ কৰা বাহনসমূহৰ ভিতৰত টাটা মটৰ্ছৰ টাটা ছাফাৰী, হেৰিয়াৰ, নেক্সন ইভি আৰু পাঞ্চ ইভি মডেল আছে । এই মডেলসমূহক ভাৰত এনচিএপিয়ে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে সুৰক্ষাৰ বাবে পঞ্চতাৰকা ৰেটিং দিছে ।

ভাৰত NCAP কি: যোৱা বছৰ গ্ল’বেল এনচিএপিৰ সহযোগত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ভাৰত NCAP সুৰক্ষা ৰেটিং আৰম্ভ কৰিছিল । এই ক্ৰেচ-টেষ্টিং নীতিৰ জৰিয়তে ভাৰত বিশ্বৰ ভিতৰতে এনে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা পঞ্চমখন দেশ হিচাপে পৰিগণিত হয় । ভাৰত NCAP ঘোষণাৰ সময়ত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে উল্লেখ কৰে যে এই স্বেচ্ছামূলক সুৰক্ষা আঁচনিৰ অধীনত ইতিমধ্যে তেওঁলোকে 30 টাতকৈও অধিক দুৰ্ঘটনা পৰীক্ষাৰ বাবে অনুৰোধ লাভ কৰিছে ।

‘অধিক ষ্টাৰ, নিৰাপদ গাড়ী’ শ্লোগানে ভাৰত NCAP ৰ সকলো নতুন বাহনৰ সুৰক্ষাৰ সজাগতা বৃদ্ধি আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰা অভিযানক প্ৰতিফলিত কৰিছে । সংস্থাটোৱে এইটোও বিশ্বাস কৰে যে এই পদক্ষেপে বাহন ক্ৰেতাসকলক বাহনৰ সুৰক্ষা বৈশিষ্ট্যসমূহ বুজি উন্নত জ্ঞাত পছন্দ কৰিবলৈ সক্ষম কৰিব ।

লগতে পঢ়ক: উৎসৱৰ বতৰত 6 লাখতে ক্ৰয় কৰক আপোনাৰ পছন্দৰ গাড়ীখন - Maruti Suzuki Wagon R

উৎসৱৰ বতৰত গাড়ী ক্ৰয় কৰি লাভ কৰক 20,000 টকাৰ ৰেহাই - Discount on Vehicles

5 লাখ টকাৰ ভিতৰত ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন - Budget friendly cars

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.