ETV Bharat / technology

ষ্টাৰলিংক আৰু ৰিলায়েন্স জিঅ’ৰ মাজত বৃদ্ধি বিবাদ: হেঁচা প্ৰয়োগ TRAI ৰ ওপৰত - CONFLICT BETWEEN JIO AND SPECTRUM

ভাৰতৰ চেটেলাইট স্পেকট্ৰামক লৈ ষ্টাৰলিংক আৰু ৰিলায়েন্স জিঅ’ৰ মাজত বিবাদ । ভাৰতৰ টেলিকম নিয়ন্ত্ৰকক হেঁচা প্ৰয়োগ জিঅ’ৰ ।

Ambani's Reliance lobbies for India satellite spectrum auction in new clash with Musk's Starlink
ষ্টাৰলিংক আৰু ৰিলায়েন্স জিঅ’ৰ মাজত বৃদ্ধি বিবাদ: হেঁচা প্ৰয়োগ TRAI ৰ ওপৰত (Getty Images/IANS)
author img

By ETV Bharat Tech Team

Published : Nov 9, 2024, 5:10 PM IST

হায়দৰাবাদ: ভাৰতত চেটেলাইট স্পেকট্ৰামক লৈ ইলন মাস্কৰ ষ্টাৰলিংক আৰু মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ মাজত বিবাদ অব্যাহত । শুকুৰবাৰে ৰিলায়েন্স জিঅ’ই ভাৰতৰ টেলিকম নিয়ন্ত্ৰকক হেঁচা প্ৰয়োগ কৰি নিলামৰ পৰিৱৰ্তে কেৱল চেটেলাইট স্পেকট্ৰাম আবণ্টন দিয়াৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

ভাৰতৰ টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিগত মাহত কয় যে চৰকাৰে বিশ্বৰ ধাৰা অনুসৰি প্ৰশাসনিকভাৱে স্পেকট্ৰাম আবণ্টন দিব ৷ কিন্তু স্পেকট্ৰাম কেনেকৈ দিয়া হয় তাৰ চূড়ান্ত অধিসূচনা টেলিকম নিৰীক্ষণকাৰী সংস্থা ট্ৰাইয়ে নিজৰ মতামত প্ৰদানৰ পিছতহে দিয়া হ’ব ।

আফ্ৰিকাত সফল মুকলিৰ পিছত মাস্কে ষ্টাৰলিংক ভাৰতত মুকলি কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ৷ যিয়ে স্থানীয় টেলিকম কোম্পানী তথা ব্ৰডবেণ্ডৰ মূল্যৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

ৰিলায়েন্সৰ শীৰ্ষ নীতি কাৰ্যবাহী ৰবি গান্ধীয়ে শুকুৰবাৰে অৱশ্যে টেলিকম নিয়ন্ত্ৰক ট্ৰাইক এই সিদ্ধান্ত পুনৰীক্ষণ কৰিবলৈ আহ্বান জনায় ৷ ট্ৰাইয়ে আয়োজন কৰা আলোচনাত উল্লেখ কৰে যে প্ৰশাসনিকভাৱে আৱণ্টনৰ পদক্ষেপ “যিকোনো ধৰণৰ চৰকাৰী সম্পদ নিযুক্তি দিয়াৰ আটাইতকৈ বৈষম্যমূলক পদ্ধতি" ।

আনহাতে, ষ্টাৰলিংক ইণ্ডিয়াৰ কাৰ্যবাহী পাৰ্নিল উৰ্ধ্বৰেশে কয় যে ভাৰতৰ আবণ্টন পৰিকল্পনা “অন্তৰ্মুখী”।

উল্লেখ্য যে, কোটিপতি আম্বানীয়ে পৰিচালনা কৰি আছে ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ । বিশ্লেষকসকলে কয় যে বহু বেছি বিনিয়োগৰ প্ৰয়োজন হোৱা স্পেকট্ৰম নিলামে বিদেশী প্ৰতিদ্বন্দ্বীসকলক বাধা দিয়াৰ সম্ভাৱনা আছে ।

অনাগত সপ্তাহকেইটাত গঠন হ’বলগীয়া ট্ৰাইৰ পৰামৰ্শসমূহ চেটেলাইট স্পেকট্ৰম কেনেকৈ বিতৰণ কৰা হ’ব তাৰ ভৱিষ্যতৰ গতিপথ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ হ’ব ।

বছৰ বছৰ ধৰি ভাৰতৰ টেলিকম খণ্ডত আধিপত্য বিস্তাৰ কৰা ৰিলায়েন্স চিন্তিত যে এয়াৰৱেভ নিলামত 19 বিলিয়ন ডলাৰ ব্যয় কৰাৰ পিছত মাস্কৰ এই সেৱাৰ বাবে ব্ৰডবেণ্ড গ্ৰাহক হেৰুৱাবলগীয়া হোৱাৰ আশংকা আছে ৷ প্ৰযুক্তিৰ উন্নতিৰ লগে লগে পিছলৈ ডাটা আৰু ভইচ ক্লায়েণ্টকো হেৰুৱাবলগীয়া হোৱাৰ আশংকাও আছে বুলি ৰয়টাৰে পূৰ্বে প্ৰকাশ কৰিছিল ।

ভাৰতত উপগ্ৰহ সেৱাৰ বাবে স্পেকট্ৰম দিয়াৰ পদ্ধতি কোটিপতিসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ পৰিছে ।

এসময়ত আম্বানীয়ে নিজৰ মোবাইল প্লেনত বিনামূলীয়াকৈ ডাটা দিছিল যদিও এনে ব্যৱসায়িক কৌশল মাস্কেও অৱলম্বন কৰি অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ইণ্ডোনেছিয়াত মুকলি ইলন মাস্কৰ ষ্টাৰলিংক সেৱা: উপগ্ৰহীয় ইণ্টাৰনেটে লাভান্বিত কৰিব বুলি আশাবাদী - Starlink satellite Internet

মাস্ক আৰু জেলেনস্কিয়ে একেলগে ট্ৰাম্পক জনালে অভিনন্দন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.