নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ: 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল 2024 ৰ চেল । এই সময়ছোৱাত স্মাৰ্টফোন, টেবলেট, টিভি, ঘৰুৱা সঁজুলি আৰু অন্যান্য ইলেক্ট্ৰনিকছৰ দৰে বহু ধৰণৰ সামগ্ৰীত বৃহৎ বৃহৎ ৰেহাই উপলব্ধ হ’ব । সমান্তৰালভাৱে, এই সময়ত ক্ৰেতাই আকৰ্ষণীয় বেংক অফাৰ, বিনামূলীয়া ইএমআই আৰু এক্সচেঞ্জ অফাৰৰ সুবিধাও ল’ব পাৰিব ।
এই চেল আৰম্ভ হোৱাৰ পূৰ্বেই ই-কমাৰ্চ প্লেটফৰ্মটোৱে OnePlus 11R আৰু Samsung Galaxy S21 FE ৰ দৰে স্মাৰ্টফোনত আকৰ্ষণীয় ডিল আগবঢ়াইছে । এই স্মাৰ্টফোনসমূহৰ মূল্য হ্ৰাসৰ উপৰিও এমাজনে এছ বি আইৰ সৈতে অংশীদাৰিত্ব কৰি ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ লেনদেনত 10 শতাংশ পৰ্যন্ত ৰেহাই আগবঢ়াইছে ।
OnePlus 11R ক্ষেত্ৰত ৰেহাই
ভাৰতত 39,999 টকাত মুকলি কৰা OnePlus 11R এতিয়া 27,999 টকাত ক্ৰয় কৰিব পাৰিব । ক্ৰেতাই বেংকৰ অফাৰ ব্যৱহাৰ কৰি মূল্য 26,749 টকালৈ হ্ৰাস কৰিব পাৰিব ।
এই হেণ্ডছেটটোত কোৱালকম স্নেপড্ৰেগন 8+ জেন 1 চিপছেট আছে আৰু ইয়াত 120 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে 6.7 ইঞ্চিৰ ছুপাৰ ফ্লুইড এমোলেড ডিছপ্লে আছে । ইয়াত 5,000mAh বেটাৰী আছে যিয়ে 100W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে ।
Samsung Galaxy S21 FE ৰ ক্ষেত্ৰত ৰেহাই
Samsung Galaxy S21 FE তো উপলব্ধ কিকষ্টাৰ্টাৰ সুবিধা । এই স্মাৰ্টফোনটো মুকলিৰ সময়ত মূল্য আছিল 74,999 টকা আৰু ইয়াৰ পিছৰ পৰা ইয়াৰ মূল্য কেবাবাৰো কৰ্তন কৰা হৈছে । আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল 2024 ৰ চেলৰ সময়ত এই হেণ্ডছেটটো 26,999 টকাত ক্ৰয় কৰিব পাৰিব । ইয়াত আছে 6.4 ইঞ্চি Dynamic AMOLED 2X 120Hz ডিছপ্লে আৰু 4,500mAh বেটাৰী ।
ইয়াৰ উপৰিও 20,999 টকাৰ শেহতীয়া OnePlus Nord CE 4 Lite 5G ৰ মূল্য 17,999 টকাত সকলো বেংক অফাৰকে ধৰি ক্ৰয় কৰিব পাৰিব । এই স্মাৰ্টফোনটোত 80W SuperVOOC চাৰ্জিঙৰ সৈতে 5,500mAh বেটাৰী আছে ।
আন আন স্মাৰ্টফোন যেনে iQOO Z9s Pro 5G, Realme Narzo 70 Turbo 5G আৰু Lava Blaze Curve আদিতো একেধৰণৰ ৰেহাই উপলব্ধ । প্ৰাইম সদস্যসকলে 26 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল 2024 আৰম্ভ হোৱাৰ এদিন পূৰ্বেই ৰেহাই মূল্যত পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰিব পাৰিব ।