ETV Bharat / technology

শেষ হোৱাৰ পূৰ্বেই এল পি জি চিলিণ্ডাৰে দিব খালী হোৱাৰ সংকেত : অষ্টম শ্ৰেণীৰ ছাত্ৰই উলিয়ালে সমাধান - Cylinder depletion

author img

By ETV Bharat Tech Team

Published : Aug 24, 2024, 3:36 PM IST

LPG cylinder: হঠাতে এল পি জি চিলিণ্ডাৰ শেষ হৈ গ’লে সমস্যাৰ সন্মুখীন হৈ নেকি ? শীঘ্ৰেই নাইকিয়া হ’ব সেই সমস্যাৰ ! সৃষ্টিশীল চিন্তাৰে এগৰাকী অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সাজি উলিয়াইছে এবিধ বিশেষ যন্ত্ৰ, যাৰ জৰিয়তে এল পি জি চিলিণ্ডাৰ খালী হোৱাৰ পূৰ্বে আপুনি লাভ কৰিব সতৰ্কবাণী আৰু আপুনি পঞ্জীয়নৰ বাবে সাজু হ’ব পাৰিব ৷ ক’ত, কেনেদৰে উপলব্ধ এই বিশেষ যন্ত্ৰটি, জানো আহক...

a student of private school design an device to warns before the LPG gas cylinder becomes empty
অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী মিথ্ৰন (ETV Bharat)

নেশ্যনেল ডেস্ক, 24 আগষ্ট: এগৰাকী ছাত্ৰৰ উদ্ভাৱনী শক্তি ৷ এই উদ্ভাৱনী শক্তিৰ দ্বাৰাই ছাত্ৰজনে প্ৰস্তুত কৰি উলিয়াইছে নিত্য প্ৰয়োজনীয় তথা অত্যাৱশকীয় এবিধ যন্ত্ৰ ৷ যাৰ জৰিয়তে ৰন্ধা-বঢ়াৰ সৈতে জড়িত এজন লোকে চিলিণ্ডাৰৰ এল পি জি গেছ শেষ হোৱাৰ পূৰ্বে অৱগত হ’ব পাৰিব ৷ কাৰণ, ৰন্ধন কাৰ্য কৰি থকাৰ সময়ত হঠাতে এল পি জি গেছ শেষ হ’লে ই এক বৃহৎ সমস্যা হৈ পৰে ।

এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ৰান্ধনিসকলৰ সুবিধাৰ্থে তামিলনাডুৰ মাদুৰাই জিলাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মিথ্ৰনে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰা লোকৰ বাবে ‘Cylinder depletion’ নামৰ এটা সতৰ্ক প্ৰদান কৰা যন্ত্ৰ উদ্ভাৱন কৰিছে ।

ছাত্ৰজনে কয়, "যদি এই সতৰ্কবাণী যন্ত্ৰটোত চিলিণ্ডাৰটো স্থাপন কৰা হয়, তেতিয়া চিলিণ্ডাৰৰ ভিতৰত থকা এল পি জিৰ ওজন কমি গ’লে 10 দিন আগতে চিগনেল লাইট জ্বলি উঠিব আৰু শব্দ বাজি উঠিব । চিলিণ্ডাৰৰ ওজন কমি গ’লে সংকেত প্ৰদান কৰিবলৈ স্প্ৰিং এডাল সংযোগ কৰা হৈছে যিডাল ওজন কমি গ’লে টান আৰু শিথিল হৈ পৰাৰ লগতে সংকেত প্ৰদান কৰে ।

এই সন্দৰ্ভত ছাত্ৰ মিথ্ৰনে কয়, "আমাৰ ঘৰত মাত্ৰ এটা চিলিণ্ডাৰ আছে । সেয়েহে গেছ শেষ হ'লে মাৰ ৰান্ধিবলৈ বৰ কষ্ট হোৱা বহুদিন দেখিবলৈ পাইছো । সেয়ে চাৰ্কিট ড্ৰাফ্ট আঁকি স্কুল শিক্ষক আব্দুল ৰজ্জাকক দেখুৱাইছিলো । তাৰ ওপৰত ভিত্তি কৰি মই শিক্ষকৰ সহায় লৈ এই সঁজুলিটো ডিজাইন কৰিলো । 10 দিন আগতে যেতিয়া গেছ কম হ’ব তেতিয়া চিগনেল লাইট জ্বলি উঠিব আৰু শব্দ বাজিব । সেইটো লক্ষ্য ৰাখি আমি নিশ্চিত কৰিব পাৰো যে চিলিণ্ডাৰটো খালী হ’বলৈ ওলাইছে আৰু পৰৱৰ্তী চিলিণ্ডাৰৰ বাবে পঞ্জীয়ন কৰিব লাগে ।"

কেৱল এটা চিলিণ্ডাৰ সংযোগ থকা পৰিয়ালৰ বাবে এই যন্ত্ৰটো আশীৰ্বাদস্বৰূপ হ’ব বুলি উল্লেখ কৰি বিদ্যালয়খনৰ শিক্ষক ৰজ্জাকে কয় যে যদিও ছাত্ৰ মিথ্ৰানৰ আৱিষ্কাৰ সৰু আছিল, তথাপিও বাণিজ্যিকভাৱে ডিজাইন কৰিলে কম খৰচত ইয়াক অধিক উন্নতভাৱে তৈয়াৰ কৰিব পৰা যাব ।

লগতে পঢ়ক: অস্ত্ৰোপচাৰৰ নতুন শৈলী উদ্ভাৱন : ডাঃ ফৰিদুল হুছেইন দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰিত - New surgery innovation

সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হৈছে সৃষ্টিশীলতা আৰু উদ্ভাৱন দিৱস - Creativity And Innovation Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.