ETV Bharat / technology

Royal Enfield 350 ক্ৰয় কৰক আৰু লাভ কৰক দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা ! - 2024 Royal Enfield Classic 350

author img

By ETV Bharat Tech Team

Published : Sep 2, 2024, 3:06 PM IST

Royal Enfield Classic 350: বজাৰত ইতিমধ্যে ক্ৰয়ৰ বাবে মুকলি হৈছে Royal Enfield . আৰম্ভ হৈছে বুকিঙো ৷ ছেপ্টেম্বৰৰ বিশেষ এক সময়ৰ ভিতৰত নতুন ক্লাছিক 350 বুকিং কৰা গ্ৰাহকে বিশেষ অভাৰ লাভ কৰিব বুলি Royal Enfield এ জনায় ৷

2024 Royal Enfield Classic 350 launched in India bookings open today
Royal Enfield Classic 350 (Royal Enfield Website)

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: Royal Enfield এ ভাৰতৰ বজাৰত মুকলি কৰিছে 2024 চনৰ অন্যতম এখন শক্তিশালী বাইক Classic 350 । যাৰ মূল্য আৰম্ভ হৈছে 1.99 লাখ (এক্স শ্ব’ৰুম) ৰ পৰা । আনহাতে ইয়াৰ টপ-এণ্ড ভেৰিয়েণ্টৰ মূল্য 2.30 লাখ টকা (এক্স-শ্ব’ৰুম)। নতুন বাইকখনত নতুন ৰং, অতিৰিক্ত বৈশিষ্ট্য সংযোগ কৰা হৈছে । 2024 চনৰ নতুন ৰয়েল এনফিল্ড ক্লাছিক 350 ৰ বুকিং আৰম্ভ হৈছে ।

Royal Enfieldত নতুনত্ব কি আছে

Royal Enfield এ দুখন বাইক পাঁচটা ভেৰিয়েন্টত সাতটা নতুন ৰঙৰ বজাৰত মুকলি কৰিছে । ইয়াৰ ভিতৰত হেৰিটেজ (মাদ্ৰাজ ৰেড আৰু যোধপুৰ ব্লু), হেৰিটেজ প্ৰিমিয়াম (মেডেলিয়ন ব্ৰঞ্জ), চিগনেল (কমাণ্ডো ছেণ্ড), ডাৰ্ক (গান গ্ৰে আৰু ষ্টেলথ ব্লেক) আৰু ক্ৰ’ম (এমাৰ্ল্ড) আদি ৰং উল্লেখযোগ্য ।

নতুন বৈশিষ্ট্য

নতুন Royal Enfield classic 350 বহুতো কাৰ্যকৰী বৈশিষ্ট্যৰে ভৰপূৰ । ইয়াৰ ভিতৰত আছে LED হেডলেম্প, LED পাইলট লাইট, ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰত গিয়াৰ পজিচন ইনডিকেটৰ আৰু টাইপ চি ইউ এছ বি চাৰ্জিং প’ৰ্ট । এই সকলোবোৰ বৈশিষ্ট্যৰ সৈতে এই বাইকখন বজাৰত উপলব্ধ বিশেষ সৌন্দৰ্য আৰু চৰিত্ৰৰ সৈতে । ইয়াৰ উপৰিও ৰয়েল এনফিল্ড ক্লাছিক 350 ত প্ৰিমিয়াম ভেৰিয়েন্ট, এমাৰ্ল্ড আৰু ডাৰ্ক ছিৰিজ, ট্ৰিপাৰ পড, লিভাৰ আৰু এল ই ডি টাৰ্ণ চিগনেলৰ সৈতে সজ্জিত ।

বিশেষ অফাৰ

ইয়াৰ বাবে ৰয়েল এনফিল্ড ব্ৰেণ্ডেও ঘোষণা কৰিছে বিশেষ অফাৰ । 1-4 ছেপ্টেম্বৰৰ ভিতৰত নতুন ক্লাছিক 350 বুকিং কৰা গ্ৰাহকে ৰয়েল এনফিল্ড প্ৰস্তুত কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সুযোগ পাব । লগতে বাইকখনৰ ডিজাইনৰ বাবে চেন্নাই ভ্ৰমণৰ সুযোগ লাভ কৰিব ।

ইঞ্জিন শক্তি

পাৱাৰট্ৰেইনৰ বিকল্পৰ কথা ক’বলৈ গ’লে 2024 চনৰ ৰয়েল এনফিল্ড ক্লাছিক 350 ত কোনো পৰিৱৰ্তন হোৱা নাই । ইয়াত 2021 চনত বাইকখনত প্ৰৱৰ্তিত 349 CC, একক চিলিণ্ডাৰ জে ছিৰিজৰ ইঞ্জিন পোৱা যায় । এই ইঞ্জিনে 6100 আৰ পি এমত 20.2 এচপি শক্তি আৰু 4000 আৰ পি এমত 27 এন এম টৰ্ক উৎপন্ন কৰে । এই ইঞ্জিনটো 5 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।

ব্ৰেকিং আৰু ছাচপেনচন

ব্ৰেকিং আৰু ছাচপেনচনো বৰ্তমানৰ মডেলৰ পৰা কঢ়িয়াই অনা হৈছে । ইয়াৰ সন্মুখত 41 মিমি টেলিস্কোপিক ফৰ্ক আৰু পিছফালে প্ৰি-লোড এডজাষ্টেবল টুইন শ্বকৰ সৈতে ডুৱেল ক্ৰেডল ফ্ৰেম আছে । ব্ৰেকিং আগফালে 300 মিলিমিটাৰ ডিস্ক আৰু পিছফালে 270 মিলিমিটাৰ ডিস্কৰ দ্বাৰা কৰা হয় । ইয়াত একক চেনেল আৰু ডুৱেল চেনেল ABS দুয়োটা বিকল্পৰ সৈতে উপলব্ধ হ’ব । বাইকখনৰ সন্মুখত 19 ইঞ্চি আৰু পিছফালে 18 ইঞ্চি চকা উপলব্ধ । যদিও এলয় হুইল আৰু টিউবলেছ টায়াৰ কেৱল শীৰ্ষ মডেলবোৰত সীমাবদ্ধ ।

লগতে পঢ়ক: বজাৰত শীঘ্ৰেই উপলব্ধ হ’ব আপোনাৰ পছন্দৰ স্মাৰ্টফোনটো : জানক সবিশেষ - New smartphone

হোৱাটছ এপত আহে নেকি বিজুলী বিল ! ক্লিক কৰাৰ পূৰ্বে সাৱধান - Digital scam

নিষিদ্ধ ঘোষিত হ’ব নেকি মেছেজিং এপ টেলিগ্ৰাম : কি কয় চৰকাৰী বিষয়াই ? - Telegram Messenger in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.