ETV Bharat / technology

সুখবৰ : শীঘ্ৰেই মুকলি হ’ব 21 লাখ চাকৰি - Job opportunities in IT sector

author img

By ETV Bharat Tech Team

Published : Sep 1, 2024, 5:15 PM IST

IT Sector Jobs : শীঘ্ৰেই দেশত মুকলি হ’ব নিয়োগৰ সুবিধা ৷ আই টি খণ্ডত 21 লাখ চাকৰিৰ বাবে শীঘ্ৰেই সৃষ্টি হ’ব এই নিয়োগৰ সুবিধা । ক’ত, কেনেদৰে আবেদন কৰিব লাগিব জানো আহক---

2.1 million job opportunities will be created for women in the IT sector
সুখবৰ : শীঘ্ৰেই মুকলি হ’ব 21 লাখ চাকৰি (BT)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে নাৰীও কৰ্মক্ষেত্ৰত আগবঢ়া পৰিলক্ষিত হৈছে । আজিৰ নাৰী সকলো দিশৰ পৰাই স্বাৱলম্বী । দেশৰ বিভিন্ন ক্ষেত্ৰত মহিলা কৰ্মচাৰী সংস্থাপিত হৈ আছে ।

শীঘ্ৰেই নাৰীসকলৰ বাবে নিয়োগৰ সুযোগ মুকলি হ’ব বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, অহা বছৰৰ ভিতৰত মহিলাসকলৰ বাবে 21 লাখ নিয়োগৰ সুবিধা মুকলি হ’ব । চফট্ ৱেৰ ডেভেলপমেণ্ট, চাইবাৰ ছিকিউৰিটি, ক্লাউড কম্পিউটিং, ডাটা এনালাইছিছ আৰু চফ্টৱেৰ অপাৰেচনত মুকলি হ’ব এই সুবিধা । প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, 15 হাজাৰতকৈ অধিক ক্ষেত্ৰত চাকৰিৰ সুযোগ মুকলি হ’ব ।

AI ৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তনৰ সম্ভাৱনা

ভাৰতীয় প্ৰযুক্তি খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আছে কৃত্ৰিম বুদ্ধিমত্তা (AI), ডাটা, চাইবাৰ ছিকিউৰিটি আৰু ক্লাউড । 2024 চনত এই ক্ষেত্ৰত দৰমহাৰ সীমা 8 শতাংশৰ পৰা 15 শতাংশলৈ বৃদ্ধি পোৱা বুলি কোৱা হৈছে । প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ বাবে এই সকলোবোৰ ক্ষেত্ৰ সম্ভৱ হৈ উঠিছে । হাইৰিং মাৰ্কেটত নতুন কৰ্মচাৰীৰ বাবে 19-20 শতাংশ স্থান থকাৰ বিপৰীতে অভিজ্ঞসকলৰ বাবে 40 শতাংশ স্থান আছে । ডিজিটেল দক্ষতাৰ চাহিদা এতিয়া বৃদ্ধি পোৱাৰ লগে লগে অনাগত দিনত নিযুক্তিৰ বজাৰখনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

21 লাখলৈ মহিলা কৰ্মশক্তি বৃদ্ধি

2022 চনৰ পৰা 2025 চনৰ ভিতৰত মহিলা কৰ্মশক্তি 16.8 লাখৰ পৰা 21 লাখ পৰ্যন্ত বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে । আনহাতে, পুৰুষ কৰ্মশক্তি 34.2 লাখৰ পৰা 38.9 লাখলৈ বৃদ্ধি পাব । 2025 চনৰ ভিতৰত যদি দুয়োটাকে একত্ৰিত কৰা হয় তেন্তে মুঠ কৰ্মশক্তি 59.9 লাখ হ’ব । গ্ল’বেল কম্পিটেন্স চেণ্টাৰ (GCC)ত মুঠ পেছাদাৰী মহিলাৰ সংখ্যা প্ৰায় 4.82 লাখ ।

সমান্তৰালভাৱে, 2027 চনৰ ভিতৰত জিচিচিত মহিলাৰ সংখ্যা বৰ্তমানৰ 25 শতাংশৰ পৰা 35 শতাংশলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।

দুৰ্ভাগ্যজনক বিষয় যে, 2024-25 বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় পেছাদাৰী ক্ষেত্ৰত পুৰুষ-মহিলাৰ মাজত দৰমহাৰ ব্যৱধান এক বৃহৎ সমস্যা হৈয়ে আছে । সেয়েহে বিভিন্ন ক্ষেত্ৰত মহিলা আৰু পুৰুষ কৰ্মচাৰীৰ মাজত দায়িত্ব বিতৰণৰ পাৰ্থক্য দেখা যায় ৷ যিয়ে কেৰিয়াৰ উন্নতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে ।

মূল ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দক্ষতা

2024-25 বিত্তীয় বৰ্ষত প্ৰতিযোগিতামূলক হৈ থাকিবলৈ সংস্থাসমূহে মূল প্ৰযুক্তিগত দক্ষতা গ্ৰহণ কৰিব লাগিব । ক্লাউড কম্পিউটিং, AI আৰু ডাটা এনালাইটিক্স আয়ত্ত কৰাটো অতি প্ৰয়োজনীয় । এই প্ৰযুক্তিসমূহ গ্ৰহণ কৰিলে সংস্থাসমূহে নতুন প্ৰযুক্তিসমূহৰ সুবিধা লোৱাত, প্ৰক্ৰিয়াসমূহ অনুকূল কৰাত আৰু খৰচ ৰাহি কৰাত সহায় কৰে । সেয়েহে কোম্পানীয়ে দক্ষ কৰ্মচাৰীক আকৰ্ষণ কৰিব পাৰে ।

IT এণ্টাৰপ্ৰাইজৰ ৰাজহ

ভাৰতৰ প্ৰযুক্তি উদ্যোগে 2026 চনৰ ভিতৰত 350 বিলিয়ন ডলাৰৰ ৰাজহ অতিক্ৰম কৰিব পাৰে । য’ত 2025 চনৰ বিত্তীয় বৰ্ষৰ ভিতৰত 58 লাখ কৰ্মচাৰী থাকিব । ক্লাউড কম্পিউটিং আৰু চাইবাৰ ছিকিউৰিটিয়ে আকৰ্ষণীয় দৰমহা প্ৰদান কৰিছে । শীৰ্ষ প্ৰযুক্তিসমূহৰ ভিতৰত আছে এন এল পি, ডাটা মাইনিং, বি আই, নেটৱৰ্ক সুৰক্ষা আৰু ক্লাউড প্লেটফৰ্ম ।

লগতে পঢ়ক: এপলত নিয়োগৰ সুবিধা : কেতিয়া হ’ব নিযুক্তি প্ৰক্ৰিয়া ? - Job opportunity in Apple India

বন্ধ হৈ পৰিল Zomato ৰ এটি বিশেষ সেৱা : X যোগে জনালে মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে - ZOMATO Intercity Legends services

দেশত বৃদ্ধি কৃত্ৰিম বুদ্ধিমত্তাৰ চাহিদা : 12 লাখতকৈ অধিক বৃদ্ধি হোৱাৰ আশা AI পেচাদাৰীৰ চাহিদা - AI skilled professionals

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.