ETV Bharat / state

আৰক্ষীয়েই জনা নাছিল, মই কেনেকৈ জানিম : জুবেইৰ আনম মজুমদাৰ - Investment Scam in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 6:51 PM IST

Allegation against Zubair Anam Mazumdar : অনলাইন ট্ৰেডিঙত নাম সাঙোৰ খাই পৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ নাম ৷ এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে যুৱনেতাগৰাকীয়ে ৷

INVESTMENT SCAM IN ASSAM
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 8 ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কঁপালত তুলিছে ।

অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কিয়নো একাংশই অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভৰ সপোন দেখুৱাই প্ৰৱঞ্চনা কৰিলে অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে ৷ কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন বহু প্ৰৱঞ্চকৰ ।

এই অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত বহু ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মীৰ নাম সাঙোৰ খাইছে ৷ শেহতীয়াকৈ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছিল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ ৷ কৰিমগঞ্জৰ চাকিল নামৰ এজন যুৱকৰ সৈতে অবৈধ ট্ৰেডিঙত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ পিচতে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অবৈধ ট্ৰেডিং সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে । প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘চিনি পোৱাটো যদি ভুল হৈছে, সেই ভুল মই কৰিছো । আমি য’লৈ যাওঁ বহুত মানুহ লগপাওঁ ৷ কোনে কি কৰিছে আমি গম পোৱাৰ কথা নহয় ।’’

তদুপৰি তেওঁ কয়, ‘‘ছয় মাহৰ আগতেই এই ল'ৰাজনক লগ পাইছিলো ৷ এখন দামী গাড়ী আনিছিল উঠিলো । এমাহ আগলৈকে অনলাইন ট্ৰেডিঙৰ কথা আৰক্ষীয়েই গম নাপায়, মই কেনেকৈ গম পাম ? প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে লগতে কয়, ‘‘আমি যেতিয়া য়ুথ জোড়ো যাত্ৰা কৰিছিলো, তেতিয়া বৰাক ভেলীত কোনোৱে সেই ল'ৰাজনৰ লগত চিনাকী কৰাই দিছিল । আমি বহুত মানুহ লগ পাওঁ, কাৰোবাৰ গাড়ীত উঠাটো ভুল হ'ব পাৰে ৷ মই পলাই থকা নাই । আৰক্ষীয়ে বিচাৰিলে সকলোধৰণৰ সহযোগিতা কৰিম ।’’

অনলাইন ট্ৰেডিঙৰ ওপৰত ‘‘মোৰ কোনো জ্ঞান নাই’’ বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে ।

লগতে পঢ়ক : বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক

ধনৰ 'বিশাল' সাম্ৰাজ্য় এৰি আলহী হ'ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ

মই বেআইনী কাম কৰা নাছিলো, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো : দীক্ষু শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.