ETV Bharat / state

ব্ৰহ্মপুত্ৰত নিখোজ অৰ্জুন নাথৰ মৃতদেহ উদ্ধাৰ : পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ - Missing In Brahmaputra

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:12 PM IST

Youth missing in Brahmaputra : ব্ৰহ্মপুত্ৰত নিখোজ হোৱা অৰ্জুন নাথ নামৰ কলেজীয়া ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা এছ ডি আৰ এফে ৷ মৃত অৰ্জুন নাথৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি ভুক্তভোগী পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

RECOVERED BODY FROM BRAHMAPUTRA
মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 29 মে’ : পানীখাইতিৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হোৱা অৰ্জুন নাথ নামৰ কলেজীয়া ছাত্ৰজনৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা এছ ডি আৰ এফে ৷ মহানগৰীৰ লতাশিলৰ ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷ বিগত তিনিদিনে ঘটনা সংঘটিত হোৱা সম্ভাব্য স্থানত পাথৰকুৱেৰীৰ অৰ্জুন নাথৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে এছ ডি আৰ এফে চেষ্টা অব্যাহত ৰাখিছিল ৷ ইতিমধ্যে একে ঘটনাতে নিখোজ হোৱা আন এগৰাকী কলেজীয়া ছাত্ৰ নাৰেংগী ফৰেষ্টগেটৰ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ৷

ব্ৰহ্মপুত্ৰত নিখোজ হোৱা অৰ্জুন নাথৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

ইফালে মৃত অৰ্জুন নাথৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি ভুক্তভোগী পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ সেয়েহে মৃত যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি বুধবাৰে পিতৃ দুলেন নাথে পানীখাইতি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে 26 মে’ত দিনৰ প্ৰায় 2.30 বজাত নাৰেংগী ফৰেষ্টেগেট,পথৰকুৱেৰী অঞ্চলৰ 10 জনীয়া যুৱকৰ দল এটাই প্ৰথমে খামৰেঙা বিলত উপস্থিত হৈছিল ৷ তাত আটাইকেইজন যুৱকে মদ্যপান কৰি কিছু সময় কটোৱাৰ পিচত বিয়লি প্ৰায় 4 মান বজাত পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছিল ৷ ইয়াৰে চাৰিজন যুৱকে উৎকট গৰমৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে ৷ কিন্তু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত চাৰিজন ডুব যায় যদিও ইয়াৰে এজনে কোনোমতে সাঁতুৰি পাৰলৈ আহে ৷ আনহাতে আন এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে ৷

কিন্ত চিন্ময় পাঠক আৰু অৰ্জুন নাথ নামৰ যুৱক দুজনক উদ্ধাৰ কৰিব পৰা নগ’ল ৷ ইফালে ঘটনাৰ প্ৰথমদিনা নিখোজ যুৱক দুজনৰ সন্ধান লাভ কৰাত ব্যৰ্থ হোৱাৰ পিচত পিচদিনা পুনৰ এছ ডি আৰ এফে অভিযান চলাই চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে লতাশিলৰ ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা অৱস্থাত আৰক্ষীয়ে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পিচত মৃত যুৱকজন অৰ্জুন নাথ বুলি পৰিয়ালে চিনাক্ত কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে ৷ মৃত অৰ্জুন নাথৰ মূৰত চুলি নোহোৱাৰ লগতে মুখমণ্ডল আৰু বুকুত আঘাতৰ চিন থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীৰ ওচৰত উচিত ন্যায়ৰ দাবী তুলিছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ - Missing In Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.