ETV Bharat / state

চিলাপথাৰত শিলগুটি আক্ৰমণত আহত যুৱকৰ মৃত্যু - Youth dies in Silapathar

Youth dies in stone attack : ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু অৱতাৰ যাদৱৰ ৷ চিলাপথাৰত অভিযুক্ত পাপল পাইতৰ শিলগুটিৰ আক্ৰমণত আহত হৈছিল যাদৱ ৷ ইফালে বিগত এসপ্তাহে পলাতক হৈ আছে অভিযুক্তটো ৷

Youth dies in stone attack
চিলাপথাৰত শিলগুটিৰে আক্ৰমণত আহত যুৱকৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 12:25 PM IST

চিলাপথাৰত শিলগুটিৰে আক্ৰমণত আহত যুৱকৰ মৃত্যু

জোনাই, ২২ ফেব্ৰুৱাৰী : অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে ২৪ বছৰীয়া অৱতাৰ যাদৱে ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু হয় অৱতাৰ যাদৱৰ ৷ জানিব পৰা মতে, চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ অঞ্চলৰ লামাবৰগঁড়া গাঁৱৰ সমীপত সৰস্বতী পূজাৰ দিনা শিলগুটিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যাদৱ ৷ তেতিয়াৰ পৰাই জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছিল যাদৱে ৷

বিৱৰণি অনুসৰি, সৰস্বতী পূজাৰ দিনা চিমেনমুখ বালিকুতিৰ নিৰ্মল যাদৱৰ পুত্ৰ ৰাম অৱতাৰ যাদৱে ডিমৌ চাৰিআলিৰ পৰা বজাৰ কৰি ঘৰলৈ উভতি আহি আছিল ৷ তেনেতে মাজ ৰাস্তাতে বিপৰীতমুখী এখন অট’ৰ সৈতে মুখামুখি হয় অৱতাৰ ৷ তাৰ পাচতে সেই অট’খনৰ পৰা টেঙাবাৰী গাঁৱৰ যুৱক পাপল পাইতে নামি আহি এটা প্ৰচণ্ড শিলৰে অৱতাৰৰ মূৰত প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় অৱতাৰ ৷ আনকি ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত অৱতাৰক ঘৰৰ লোকে প্ৰথমাৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ তাৰ পাচৰ পৰাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল অৱতাৰ ৷

অৱশেষত বুধবাৰে বিয়লি মৃত্যু হয় অৱতাৰ যাদৱৰ । বুধবাৰে নিশা প্ৰায় ৯ বজাত নিজ বাসগৃহলৈ অনা হয় যাদৱৰ নিথৰ দেহ ৷ অৱতাৰ যাদৱৰ মৃত্যুৰ বাতৰিয়েই শোকাকুল কৰি তুলিছে সমগ্ৰ অঞ্চলটো ৷

উল্লেখ্য যে, মৃত অৱতাৰ ১৮ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল । অকালতে স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছে এতিয়া অন্তঃসত্ত্বা মৃত অৱতাৰৰ পত্নী । এই ঘটনাটোৱে অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ইফালে ঘটনাৰ সংক্ৰান্তত মৃতকৰ পৰিয়ালে বিগত ১৫ ফেব্ৰুৱাৰীত আৰক্ষী ওচৰত দাখিল কৰে এক এজাহাৰ ৷ কিন্তু বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে অভিযুক্ত পাপল পাইত ৷ অভিযুক্ত পাপল পাইতক আটক কৰি বিহিত ব্যৱস্থা প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : লাখ টকা দাবী কৰি ৰঙাঘৰত সোমাল প্ৰাক্তন আমছু নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.