ETV Bharat / state

মৰিয়নীত ভয়ংকৰ ঘটনা, নৃশংসভাৱে হত্যা যুৱকক

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:56 PM IST

Mariani murder case: মৰিয়নীৰ ডকলঙিয়া চাহ বাগিচাত দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত । পিতা-পুত্ৰৰ আক্ৰমণত মৃত্যু ২০ বছৰীয়া যুৱক কাৰ্তিক তেলীৰ । অভিযুক্ত হত্যাকাৰীক আটক আৰক্ষীৰ ।

Mariani murder
মৰিয়নিত ভয়ংকৰ ঘটনা, নৃশংসভাৱে হত্যা যুৱকক

যোৰহাট,২৩ জানুৱাৰী : অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । অসমৰো বিভিন্ন প্ৰান্তত প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাইজক মাজত উছাহ দেখিবলৈ পোৱা গৈছে । ঠায়ে ঠায়ে মিঠাই বিতৰণ কৰা হৈছে, বন্তি প্ৰজ্বলন কৰাৰ লগতে আতচবাজী ফুটাই সকলোৱে এই ক্ষণ উদযাপন কৰিছে । কিন্তু এই আনন্দ উল্লাহৰ মাজতে যোৰহাটত নৃশংস ঘটনা সংঘটিত হৈছে । পিতা-পুত্ৰই মিলি মৰিয়নীত নিশা এজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে ।

এই ভয়ংকৰ ঘটনাটো মৰিয়নীৰ ডকলঙিয়া চাহ বাগিচাত সংঘটিত হৈছে ৷ জানিব পৰা মতে মৰিয়নীৰ ডকলঙিয়া চাহ বাগিচাৰ বৰলাইনৰ কাৰ্তিক তেলী নামৰ এজন যুৱকক ঘৰৰ সন্মুখতে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হৈছে । ২০ বছৰীয়া যুৱকজনক হত্যাৰ অভিযোগত একেখন বাগিচাৰে ইন্দ্ৰ মুণ্ডা ওৰফে চুনকু আৰু তেওঁৰ পিতৃ চংচাৰ মুণ্ডাক ইতিমধ্যে মৰিয়নি আৰক্ষীয়ে আটক কৰিছে ।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে যে পিতা-পুত্ৰই মিলি কাৰ্তিক তেলীক হত্যা কৰিছিল । জানিব পৰা মতে কুকুৰা চুৰি আৰু জুৱা খেলক লৈ দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । সেই কাজিয়াই পিচত ভয়ংকৰ ৰূপ লয় আৰু দুয়ো কাৰ্তিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । উল্লেখ্য যে কাৰ্তিক তেলী আৰু হত্যাৰ অভিযুক্ত চুনকু মুণ্ডাৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছিল । এই ঘটনাৰ পাছতে মৰিয়নিত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কাৰ্তিকৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে ভুক্তভোগী পৰিয়াল আৰু অঞ্চলটোৰ লোকসকলে ।

লগতে পঢ়ক :যৌতুকৰ দাবীক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.