যোৰহাট, 10 মে’ : চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা যিমানেই নকওক কিয়, কাৰ্যক্ষেত্ৰত যে ফলপ্ৰসূ হৈ উঠা নাই সেয়া মৰিয়নী নগৰত থকা মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই প্ৰমাণ কৰে ৷ কাৰণ মৰিয়নীবাসী বিশেষকৈ চাহ শ্ৰমিক ৰাইজৰ একমাত্ৰ আশা-ভৰষাস্থলী এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এমাহে বিকল হৈ পৰি আছে এক্স-ৰে মেচিন ৷
ইফালে এই মেচিন মেৰামতি কৰিবলৈ অহা কৰ্মচাৰীয়ে ঊৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত এক্স-ৰে মেচিনৰ যাৱতীয় যন্ত্ৰাংশ লৈ যোৱাৰ গুৰুতৰ অভিযোগ উথাপন হৈছে ৷ ফলত জোৰা-টাপলি মাৰি চলি আছে মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৷ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ এক্স-ৰে মেচিনটো বিকল হৈ থকাৰ পৰিণতিত চিকিৎসালয়খনলৈ অহা ৰোগীসকলে যমৰ যাতনাৰ সন্মুখীন হ'ব লগা হৈছে ৷
এই স্বাস্থ্যকেন্দ্ৰৰ ৰেডিঅ'গ্ৰাফাৰজনে জনোৱা মতে, সামান্য কাৰিকৰী বিজুতি ঘটাত এক্স-ৰে মেচিন মেৰামতি কৰিবলৈ 'কৃষ্ণা ডায়েগনষ্টিকছ' নামৰ প্ৰতিষ্ঠানটোৱে প্ৰেৰণ কৰিছিল এজন কৰ্মচাৰী ৷ এই কৰ্মচাৰীজনে মেচিনটো ভাল কৰাৰ পৰিবৰ্তে মেচিনৰ গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ খুলি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ পৰিণতিত বিগত এটা মাহে সম্পূৰ্ণ বিকল হৈ আছে এক্স-ৰে মেচিনটো ৷
ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ এক্স-ৰে মেচিনটো বিকল হৈ থকাত দৰিদ্ৰ জনসসাধাৰণ হাৰাশাস্তিৰ সন্মূখীন হ’ব লগা হৈছে ৷ এই সন্দৰ্ভত যোৰহাট জিলা স্বাস্থ্য সঞ্চালকক বহুবাৰ অৱগত কৰাৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপন হৈছে ৷ আনহাতে মৰিয়নী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত দিন ধৰি এক্স-ৰে মেচিন বিকল হৈ থকাৰ পিচতো মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উথাপিত হৈছে ৷
লগতে পঢ়ক : দায়িত্বজ্ঞানহীন অইল ! পুনৰ তৈলক্ষেত্ৰৰ খননত নিয়োজিত ‘জন এনাৰ্জী’ - OIL Rig In Naharkatia