ETV Bharat / state

২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষাৰ উদ্বেগজনক তথ্য

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:48 PM IST

Assam Govt Education Sector : চৰকাৰী শিক্ষা ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । কিন্তু সেই অনুপাতে চৰকাৰী খণ্ডত শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছেনে ? এই ক্ষেত্ৰত কিন্তু খোদ চৰকাৰী তথ্যয়ে বিপৰীত দৃশ্য প্ৰদান কৰে । ৰাজ্য চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ এক উদ্বেগজনক ছবিহে প্ৰকাশ পাইছে ।

২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষাৰ উদ্বেগজনক তথ্য
২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষাৰ উদ্বেগজনক তথ্য

গুৱাহাটী, ৬ মার্চ : চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে কোনো বিশেষ গুৰুত্ব দিয়া নাই । সেই কথা অসমৰ ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত উন্নোচিত হৈছে ।‌ শেহতীয়াকৈ প্ৰকাশ‌ পোৱা ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ এক উদ্বেগজনক তথ্য প্ৰকাশ‌ পাইছে ।

অর্থনৈতিক জৰীপ প্ৰতিবেদন ২০২৩-২৪
অর্থনৈতিক জৰীপ প্ৰতিবেদন ২০২৩-২৪

অর্থনৈতিক জৰীপ প্ৰতিবেদনত শিক্ষাৰ একত্ৰিত জিলা তথ্য ব্যৱস্থা (ইউ ডাইছ/ UDISE) 2022-23 অনুসৰি, নিম্ন প্রাথমিক বিদ্যালয়ত আধাতে শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ গড় ৮.৩৯ শতাংশ । অৱশ্যে চৰকাৰে বছৰি অনেক ব্যৱস্থা গ্ৰহণ কৰি অহা বুলি দাবী কৰি আহিছে । কিন্তু সেই দাবীক প্ৰহসনত পৰিণত কৰি ২০১৮-১৯ বৰ্ষৰপৰা আধাতে নিম্ন প্রাথমিক বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা বাঢ়িহে আছে ।

অর্থনৈতিক জৰীপ প্ৰতিবেদন ২০২৩-২৪
অর্থনৈতিক জৰীপ প্ৰতিবেদন ২০২৩-২৪

উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি, ২০১৮-১৯ বৰ্ষত এই হাৰ আছিল ৩.১ শতাংশ, ২০১৯-২০ বৰ্ষত ৪.৩ শতাংশ আৰু ২০২১ - ২২ বৰ্ষত ই ৬.০২ শতাংশলৈ বৃদ্ধি পায় । আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ত ২০২১-২২ বৰ্ষত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮.৮১ শতাংশলৈ বৃদ্ধি পায় । ২০২২-২৩ বৰ্ষত এই হাৰ বৃদ্ধি পায় ১০.৩৩ শতাংশলৈ । নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্রথম স্থানত আছে দক্ষিণ শালমাৰা ।

  • " class="align-text-top noRightClick twitterSection" data="">

অর্থনৈতিক জৰীপ প্রতিবেদনৰ তথ্য অনুসৰি অৱশ্যে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমত নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে । অর্থনৈতিক জৰীপত সন্নিৱিষ্ট তথ্য অনুসৰি, এই হাৰ ক্ৰমে ১০৯.৮, ৭৪.৫ আৰু ৪০.১ শতাংশ । ইপিনে অর্থনৈতিক জৰীপৰ প্ৰতিবেদনে দেখুৱাইছে যে ৰাজ্যৰ বহু বিদ্যালয়ত খোৱাপানী আৰু শৌচাগাৰৰ ব্যৱস্থা নাই । প্ৰতিবেদনত সন্নিৱিষ্ট ২০২২-২৩ৰ ইউ ডাইছৰ তথ্য অনুসৰি, ৰাজ্যৰ ৬৬৪ খন নিম্ন প্রাথমিক বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা নাই ।

আনহাতে, ১,১৭৬খন বিদ্যালয়ত ল'ৰাৰ শৌচাগাৰ আৰু ৬৫২ খন বিদ্যালয়ত ছোৱালীৰ শৌচাগাৰ নাই । উচ্চ প্রাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ২৮ খন বিদ্যালয়ত খোৱাপানীৰ সুব্যৱস্থা নাই । উচ্চ প্ৰাথমিকৰ ১৭০ খন বিদ্যালয়ত ল'ৰাৰ শৌচাগাৰ আৰু ৫৬ খন বিদ্যালয়ত ছোৱালীৰ শৌচাগাৰ নাই । উল্লেখ্য, চৰকাৰী শিক্ষাক লৈ বিভিন্ন বিতর্ক, বিভ্ৰান্তি, অবিশ্বাসৰ বাতাৱৰণৰ মাজতে ৰাজ্যৰ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ত আধাতে শিক্ষানুষ্ঠান এৰা (ড্রপ আউট) শিক্ষার্থীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধিয়ে ৰাজ্যৰ চৰকাৰী শিক্ষাৰ দৈন্য ৰূপ উদঙাই দিছে ।

লগতে পঢ়ক :মিত্ৰতা হ'ব নেকি কংগ্ৰেছ-বি পি এফৰ মাজত ? AIUDFৰো BPFলৈ মিত্ৰতাৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.