ETV Bharat / state

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024 - WORLD TOURISM DAY 2024

Tourist spots in Kaliabor: আজি বিশ্ব পৰ্যটন দিৱস । এইবাৰৰ বিষয়বস্তু 'পৰ্যটন আৰু শান্তি' । অসমত আছে পৰ্যটনৰ মেটমৰা ভঁৰাল । আনহাতে, সাংস্কৃতিক পৰ্যটন, চাহ পৰ্যটন, প্ৰাকৃতিক পৰ্যটনৰ আকৰ হৈছে কলিয়াবৰ । অৱশ্যে চৰকাৰী পৃষ্ঠপোষকতাতহে ঠন ধৰি উঠিব অসমৰ পৰ্যটন উদ্যোগ ।

World Tourism Day
পৰ্যটনৰ সম্পদ আৰু সম্ভাৱনাৰ আকৰ কলিয়াবৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 8:40 AM IST

কলিয়াবৰ, ২৭ ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ সৈতে এক যোগসূত্ৰ স্থাপনৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ বিশেষ উদ্যোগত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে বিশ্ব পৰ্যটন দিৱস পালন কৰি আহিছে । বিগত ৪৪ টা বছৰে পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । 'পৰ্যটন আৰু শান্তি' মূল বিষয়বস্তু হিচাপে লৈ পালিত হ'বলগীয়া এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজক পূব ইউৰোপ আৰু পশ্চিম এছিয়াৰ সংযোগস্থলৰ দেশ জৰ্জিয়া ।

পৰ্যটন মানচিত্ৰত অসম

বিশ্বৰ পৰ্যটন মানচিত্ৰত অসমৰ এক সুকীয়া মৰ্যাদা আছে । ইয়াৰ মূলতে এশিঙীয়া গঁড়ৰ লগতে প্ৰাকৃতিক আৰু ঐতিহাসিক সমলসমূহ । প্ৰাকৃতিক বুলি কওঁতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভ্যয়াৰণ্যকেইখনকে বিশেষ গুৰুত্ব দি অহা হৈছে । অৱশ্যে ইয়াক অস্বীকাৰো কৰিব পৰা নাযায়। তাৰ বিপৰীতে প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা লৈ বৈ থকা ব্ৰহ্মপুত্ৰক আজি পৰ্যন্ত সঠিক ব্যৱহাৰ কৰিব পৰা নাই ।

পৰ্যটনৰ সম্পদ আৰু সম্ভাৱনাৰ আকৰ কলিয়াবৰ (ETV Bharat Assam)

পাহাৰীয়া প্ৰাকৃতিক শোভাৰ উৎসসমূহ এতিয়াও অনাদৃত হৈ আছে । অসমত ব্ৰিটিছৰ দিনতে আৰম্ভ হোৱা চাহ উদ্যোগে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়ে যদিও চাহ পৰ্যটনৰ বিষয়ত কোনো সুপৰিকল্পিত চৰকাৰী আঁচনি দেখা নগ'ল । সাংস্কৃতিক-ধৰ্মীয় পৰ্যটনৰো সেই একে অৱস্থা । বিহু, সত্ৰীয়া সংস্কৃতি, দৌল-দেৱালয়, সত্ৰ-নামঘৰ অসম পৰ্যটনৰ উৎকৃষ্ট সমল হিচাপে গঢ় দিয়াৰ বিষয়তো চৰকাৰ নিমাত ।

চৰকাৰৰ পৃষ্ঠপোষকতা

মাজখিনিতে অসম দৰ্শন আঁচনিৰ নামত ৰাজ্যৰ সত্ৰ-নামঘৰ, দৌল-দেৱালয়, মন্দিৰ-মছজিদ-গুৰুদ্বাৰ-গীৰ্জা আদি ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ উন্নয়নত বহু কোটি টকা খৰচ কৰিলেও, সেই আঁচনিয়ে অসম দৰ্শন কৰিবলৈ কিমান পৰ্যটকক আকৰ্ষিত কৰিব পাৰিলে সেই বিষয়ে জনা নাযায় । সত্ৰীয়া নৃত্য-গীত-ভাওনা, বিহু, বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উৎসৱ বা সমলসমূহক সাংস্কৃতিক পৰ্যটনৰ সমলৰূপে গঢ়ি তুলিবলৈ চৰকাৰী আঁচনিৰ প্ৰয়োজন, যি বাস্তৱিকতে দেখা নাযায় ।

লগতে পঢ়ক :বাঁহৰ চুঙাত বিয়াৰ চিঠি, ৬ আঘোণত গগনৰ বিয়া - Special wedding invitation letter

কলিয়াবৰৰ পৰ্যটন সম্ভাৱনা

পৰ্যটকক আকৰ্ষণ কৰিব পৰা এনে অলেখ সমল কলিয়াবৰতো বিদ্যমান । কিন্তু চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱেই এনে সম্ভাৱনা নোহোৱা কৰি অনাৰ লগতে নিয়োগৰ সুবিধাসমূহো লুপ্ত কৰিছে । সত্ৰ সংস্কৃতি আৰু নামঘৰেৰে পৰিবেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে । সেয়ে, কলিয়াবৰখন সাংস্কৃতিক পৰ্যটনৰো বিশাল সম্ভাৰেৰে পৰিপূৰ্ণ এখন চহকী স্থানৰূপে চিহ্নিত হৈছে ।

সত্ৰ সংস্কৃতি

বিশেষকৈ ছ-অৰা নামৰ এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন‍্যতম বৰঘৰ । সত্ৰসমূহত থকা আপুৰুগীয়া সমল, সত্ৰীয়া সাংস্কৃতিক কলা– গীত-নৃত‍্য-ভাওনা সাংস্কৃতিক পৰ্যটনৰ অন‍্যতম কেন্দ্ৰবিন্দু হ'ব পাৰে । পবিত্ৰ ভাদ মাহ, বিভিন্ন সময়ত প্ৰদৰ্শিত গুৰুদুজনাৰ অংকীয়া ভাওনা, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা, ফল্গুৎসৱ কলিয়াবৰৰ বিভিন্ন স্থানৰ সত্ৰ তথা নামঘৰসমূহত ধৰ্মীয় নীতি-নিয়মেৰে পালন কৰা হয় ।

সম্পূৰ্ণ সত্ৰীয়া শৈলীৰে উদযাপন কৰা ৰাস উৎসৱ মাজুলীতকৈ কোনো গুণে কম নহয় । মাত্ৰ সঠিক পৰিকল্পনাৰে এই ৰাস উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন ।

বিশ্ব ঐতিহ্য কাজিৰঙা

কলিয়াবৰৰ মাজেদিয়েই বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী-বিদেশী পৰ্যটক আহে যদিও অপৰ্যাপ্ত প্ৰাকৃতিক সমল, আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখনে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ ফলত গুৰুত্বহীন হৈ আছে ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰখন কেৱল সাংস্কৃতিক, স্থাপত্যৰ ক্ষেত্ৰতেই অগ্ৰণী নহয়, কলিয়াবৰত আছে অনন্য প্ৰাকৃতিক শোভা ৷

ঐতিহাসিক সমল

জৈৱ-বৈচিত্ৰ্য আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল ৷ এই কলিয়াবৰক পৰিৱেশকেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছিল অভিলাষী আঁচনি ৷ পৰ্যটনৰ সমল হিচাপে সিঁচৰতি হৈ থকা শিলঘাটৰ কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ, দুইমুনি শিলা, ব্ৰিটিছৰ আমোলৰ খাৰঘৰ, বৰটোপ, হাতীমূৰাৰ দুৰ্গা মন্দিৰ,ভৰালী নামঘৰ, নৃসিংহ দেৱালয়, মিছাকোঠ, চামধৰা গড়,পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি ল'ব পৰ্যটনৰ মানচিত্ৰই ৷

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নতুন পৰ্যটন বৰ্ষ আৰম্ভ হ’ব কেতিয়া ? প্ৰকাশ পালে জাননী - Manas National Park

অন্যান্য পৰ্যটন সম্ভাৱনা

শিলঘাটৰ মহাবাহুত নাওচালনা, হাটবৰত স্থাপন হ'বলগা তাৰকা গৃহ আৰু বিজ্ঞান উদ্যান, কঁঠালগুৰিৰ নীলা পানীৰ হ্ৰদ, লুংচুঙৰ হদ-হদী জলপ্ৰপাত, হাতীমূৰাৰ প্ৰস্তাৱিত প্ৰত্নতাত্বিক উদ্যান, কুঠৰীৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প হ'ব পৰ্যটকৰ আকৰ্ষণৰ স্থলী ৷ আঁচনিখনৰ মতে, প্ৰাকৃতিক আৰু ঐতিহাসিক সমল-প্ৰাচুৰ্যৰে ভৰি থকা কলিয়াবৰ হৈ পৰিব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

কিন্তু আঁচনি ৰূপায়ণৰ সোপাঢিলা নীতিৰ বাবে অসমৰ অৰ্থনীতি সবল কৰিব পৰা সম্ভাৱনাপূৰ্ণ পৰ্যটন ক্ষেত্ৰ অৱহেলিত হৈ ৰ'ল স্বাধীনতাৰ সাতটা দশক পাৰ হোৱাৰ পাছতো । অথচ অসমৰ চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ‍্যৰ পৰ্যটনে সেই ৰাজ‍্যৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাই আছে । সেই উদাহৰণেও অসমৰ বিয়াগোম বিভাগটোৰ নিদ্ৰা ভঙ্গ কৰিব নোৱৰাটো চৰম পৰিতাপৰ বিষয় বুলি চিহ্নিত হৈ আহিছে ।

চাহ পৰ্যটনৰ সম্ভাৱনীয়তা

শেহতীয়াকে, চাহ পৰ্যটনৰ ক্ষেত্ৰৰ ওপৰত চৰকাৰে দিয়া গুৰুত্বলৈ চাই কলিয়াবৰত এই পৰ্যটন বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা প্ৰৱল আছিল । য'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সমীপৰ কলিয়াবৰ আৰু বোকাখাতৰ চাহ বাগিচাসমূহ বিশেষভাৱে উপকৃত হোৱাৰ প্ৰচুৰ সম্ভাৱনা প্ৰকট হৈছিল । ইতিমধ‍্যে কলিয়াবৰৰ কেলিডেন চাহ বাগিচা আৰু হাতীখুলি চাহ বাগিচাত পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ সিদ্ধান্ত লৈছে চৰকাৰে । চাহ বাগিচাত পৰ্যটন কেন্দ্ৰ স্থাপনৰ বাবে ২০০ কোটি টকালৈকে ৰাজসাহায্যযুক্ত ঋণ দিয়া হৈছে ।

সমল থাকিলেও নাই আদৰ

কলিয়াবৰৰ পৰ্যটনৰ উন্নয়নৰ বাবে চৰকাৰে লৈছিল বিশেষ পদক্ষেপ । কিন্তু যোৱা এবছৰে এই পৰিকল্পনা কিমান দূৰ আগবাঢ়িল সেই বিষয়ে তথ‍্যৰ অভাৱ । পৰ্যটনৰ বিশাল ক্ষেত্ৰখনত প্ৰচুৰ প্ৰাকৃতিক, ঐতিহাসিক সমলেৰে কলিয়াবৰখন ঐশ্চৰ্যশালী যদিও ইয়াৰ প্ৰকৃত মূল‍্যায়ন এই পৰ্যন্ত নোহৱাত, কলিয়াবৰখন এতিয়াও পৰ্যটন ক্ষেত্ৰখন অনাদৃত হৈ আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এক বিস্তৃত অঞ্চল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত যদিও জীৱকুলৰে পৰিপূৰ্ণ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ সৌন্দৰ্য এতিয়াও দেশী-বিদেশী পৰ্যটকে উপভোগ কৰাৰ সৌভাগ‍্যৰ পৰা বঞ্চিত হৈ আছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান বুলিলে কেৱল কঁহৰাতেই সীমাবদ্ধ হৈ থকাটো কলিয়াবৰৰ কাৰণেই দুখৰ কথা । অৱশ‍্যে এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ কঁহৰাকেন্দ্ৰিক চিন্তাৰ পৰা কিছু মুক্ত হোৱা দেখা গৈছে । কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ পাছতে বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ পৰৱৰ্তী সময়ত, ২০২০ বৰ্ষত পৰীক্ষামূলকভাবে নতুনকৈ সংযোগ কৰা বান্দৰডুবি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিছিল ।

নদী পৰ্যটনৰ সুবিধা

বান্দৰডুবিত এটা আঞ্চলিক কাৰ্যালয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই স্থাপন কৰাত কাজিৰঙা পৰ্যটনে আন এক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ প্ৰত‍্যক্ষ সহযোগত কলিয়াবৰ মহকুমা প্ৰশাসনে ২০২০ বৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত আৰম্ভ কৰা নদী পৰ্য‍টনে পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰে। পৰ্য‍টকৰ বাবে সাজু থকা 'স্পীড্ বোট'ৰ জৰিয়তে দেশী-বিদেশী পৰ্য‍টকে কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্য‍ন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰে । লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ‍্য আৰু বুঢ়াপাহাৰ অভয়াৰণ‍্যলৈও কোভিডৰ মাজতে পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমন ঘটে । এইক্ষেত্ৰত কলিয়াবৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ কাৰ্য-কুশলতা শলাগিবলগীয়া । কিন্তু তেওঁ বদলি হৈ যোৱাৰ পাছৰে কলিয়াবৰৰ পৰ্যটনত স্থবিৰতা আহি পৰে ।

লগতে পঢ়ক :সাগৰ তলিত আবিষ্কাৰ কৰা এই প্ৰাণীবিধ কি ? জানক সবিশেষ - Ghost Shark

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.