ETV Bharat / state

আম্লিকতা বৃদ্ধিয়ে চাহৰ গুণাগুণ হ্ৰাস কৰিছে: ভূমি বিজ্ঞানী ড৹ জিণ্টু দত্ত - WORLD SOIL DAY

ভূমি দিৱসৰ দিনাই যোৰহাট টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ ভূমি বিজ্ঞানীৰ সকীয়নি । উপকাৰী অণুজীৱৰ ওপৰত বিশেষ প্ৰভাৱ আৰু উষ্ণতা বৃদ্ধিয়ে মাটিৰ গুণাগুণ হ্ৰাস কৰিছে ।

world soil day
আম্লিকতা বৃদ্ধিয়ে চাহৰ গুণাগুণ হ্ৰাস কৰিছে : ভূমি বিজ্ঞানী ডঃ জিণ্টু দত্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 4:43 PM IST

যোৰহাট : আজি বিশ্ব ভূমি দিৱস । এই বিশ্ব ভূমি দিৱসৰ দিনাই যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ ভূমি বিজ্ঞানী ড৹ জিণ্টু দত্তই দিলে কেতবোৰ উদ্বেগজনক বাৰ্তা । লগতে তেওঁ ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে আগবঢ়ালে বিশেষ পৰামৰ্শ ।

ভূমি বিজ্ঞানীগৰাকীয়ে কয়, "জলবায়ু পৰিৱৰ্তন আৰু মাটিত থকা উপকাৰী অণুজীৱৰ ওপৰত বিশেষ প্ৰভাৱ আৰু উষ্ণতা বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণ যথেষ্ট পৰিমাণে হ্ৰাস পাই আহিছে । মাটি আমাৰ অমূল্য সম্পদ আৰু মাটিক লৈয়ে আৰম্ভ হয় কাৰ্যপ্ৰণালী । যিদৰে আমি স্বাস্থ্য ওপৰত বিশেষ গুৰুত্ব দিওঁ ঠিক সেইদৰে মাটিৰ স্বাস্থ্যৰ ওপৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন ।

আম্লিকতা বৃদ্ধিয়ে চাহৰ গুণাগুণ হ্ৰাস কৰিছে : ভূমি বিজ্ঞানী ডঃ জিণ্টু দত্ত (ETV Bharat Assam)

ড৹ জিণ্টু দত্তই লগতে কয়, "অত্যধিক হাৰত উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰাৰ ফলত আমাৰ মাটিত থকা উপকাৰী অণুজীৱসমূহৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছে । সেয়েহে মাটিৰ গুণাগুণ ৰক্ষা কৰিবৰ বাবে জৈৱিক আৰু অজৈৱিক দুয়োটা সাৰ সমতুল্যভাৱে প্ৰয়োগ কৰাটো নিতান্তই প্ৰয়োজন । এনেবোৰ চিন্তা প্ৰণালীৰ জৰিয়তেহে আমি মাটিৰ গুণাগুণ ৰক্ষা কৰিব পাৰিম ।"

ভূমি বিজ্ঞানী দত্তই আৰু কয়, "চাহত আম্লিকতা বহু গুণে বৃদ্ধি পোৱা বাবে চাহৰ গুণাগুণ হ্ৰাস পাইছে । চাহ হৈছে এক প্ৰকাৰ বহু বৰ্ষীয় কৃষিজাত উদ্ভিদ । একেডৰা ভূমিতে বছৰ বছৰ ধৰি চাহখেতি কৰি থকা বাবেই চাহৰ গুণাগুণো হ্ৰাস পাইছে । কাৰণ চাহে বহু পৰিমাণে সাৰুৱা শক্তি শোষণ কৰে । সেয়েহে স্বাস্থ্য ধৰি ৰাখিবৰ বাবে আমি যিধৰণৰ পদক্ষেপ গ্ৰহণ কৰো, ঠিক সেইদৰে মাটিৰ স্বাস্থ্য ধৰি ৰাখিবৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন ।"

লগতে পঢ়ক :অৱসৰপ্ৰাপ্ত শিক্ষকৰ দুৰ্দশা: ২০ বছৰে বঞ্চিত প্ৰাপ্ত বকেয়াৰ পৰা
লগতে পঢ়ক :শিক্ষকো এজন-ছাত্ৰও এজন: এনেদৰেই চলিছে এখন বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.