নগাঁও: আজি অৰ্থাৎ এক ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে উদযাপন কৰা হয় । এইডছ দিৱসৰ দিনটোত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে । তুলনামূলকভাৱে অসমত বৃদ্ধি পাবলৈ ধৰিছে এইডছ আক্ৰান্তৰ সংখ্যা । অসুৰক্ষিত যৌন সম্পৰ্ক, ইঞ্জেক্টিং ড্ৰাগছ ব্যৱহাৰ আদি কাৰণত সংক্ৰমিত হোৱা এইচ আই ভিত আক্ৰান্তৰ সংখ্যা অসমত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে । ভাৰতৰ আক্ৰান্তৰ গড় হাৰৰ তুলনাত অসমত আক্ৰান্তৰ হাৰ কম যদিও বিগত বৰ্ষসমূহৰ তুলনাত অসমত বৃদ্ধি হৈছে এইডছ আক্ৰান্তৰ সংখ্যা । উত্তৰ-পূৰ্বাঞ্চলত ভয়াৱহভাৱে বৃদ্ধি হৈছে নতুনকৈ এইডছ আক্ৰান্তৰ সংখ্যা ।
এইডছ আক্ৰান্তৰ তথ্য:
এইডছ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২৩ বৰ্ষৰ ভাৰতত এইডছ আক্ৰান্তৰ গড় হাৰ ০.২০ শতাংশ যদিও উত্তৰ-পূৰ্বাঞ্চলত এইডছ আক্ৰান্তৰ গড় হাৰ ০.১৩ শতাংশ । অসমত শেহতীয়াকৈ এইচ আই ভিৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি তথ্যত প্ৰকাশ । অসমত সম্প্ৰতি ৩২,০৩১ গৰাকী লোক এইডছত আক্ৰান্ত বুলি তথ্যত প্ৰকাশ ।
কিন্তু শেহতীয়াকৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অতি ভয়াৱহভাৱে বৃদ্ধি হৈছে নতুন এইডছ আক্ৰান্তৰ সংখ্যা । ২০২৩ চনত অসমত ২০২১ গৰাকী নতুনকৈ এইডছ আক্ৰান্ত চিনাক্ত হৈছে । যি ২০১০ চনৰ তুলনাত ২২ শতাংশ অধিক । একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰাত পূৰ্বৰ তুলনাত (৫২৪.৪১%), অৰুণাচল প্ৰদেশ (৪৬৯.৮৪%), মেঘালয় (১২৪.৭০%) আৰু অসম (২২.১১%) ত নতুন এইচ আই ভি আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি পাইছে ।
ইয়াৰোপৰি, মিজোৰাম (২.৭৩%), নাগালেণ্ড (১.৩৭%) আৰু মণিপুৰ (০.৮৭%) অধিক বৃদ্ধি হৈছে । ২০২৩-২৪ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰিসংখ্যা অনুযায়ী ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত ১০,৮২,০২৪ গৰাকী লোকক আই চি টি চি (ইন্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ)ত পৰীক্ষা কৰা হয়, য'ত ৭,২৭৪ জনক এইচ আই ভি পজিটিভ বুলি চিনাক্ত কৰা হয় । একেদৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ (এপ্ৰিল-অক্টোবৰ) ভিতৰত ৪,৩৭,৮৩০ গৰাকী লোকক পৰীক্ষা কৰা হৈছে, য'ত ৩,৯৪৭ জনক পজিটিভ বুলি চিনাক্ত কৰা হৈছে ।
জিলা অনুসৰি ২০২৪-২৫ (এপ্ৰিল-অক্টোবৰ) সময়ছোৱাৰ ভিতৰত কামৰূপ (মেট্ৰ') জিলাত ৫৩৩ গৰাকীক এইচআইভি পজিটিভ বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ পাছত নগাঁৱত ৩৭৫ গৰাকী আৰু কাছাৰত ৩৬০ গৰাকী এইডছত আক্ৰান্ত হোৱা বুলি এইডচ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা লাভ কৰা তথ্যত প্ৰকাশ । সংক্রমণৰ প্ৰধান কাৰণসমূহৰ ভিতৰত ২০২৪-২৫ বৰ্ষৰ চিনাক্ত হোৱা আক্ৰান্তৰ ভিতৰত ৬৪.৬ শতাংশ সংক্রমণ ইঞ্জেক্টিং ড্ৰাগছ ইউজাৰ অৰ্থাৎ ড্ৰাগছ ব্যৱহাৰৰ ফলত হোৱা বুলি চিনাক্ত কৰা হৈছে ।
ইয়াৰেপৰি, ২৫.২ শতাংশ সংক্রমণ যৌন সম্পৰ্কৰ ফলত হোৱা বুলিও তথ্যত প্ৰকাশ । ইপিনে, এক ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ দেশৰ লগতে অসমতো এই বিশ্ব এইডছ দিৱসটি উদযাপন কৰা হয় । এইবেলি অসমৰ কেন্দ্ৰীয়ভাৱে বিশ্ব এইডচ দিৱসটি উদাপন কৰা হয় নগাঁৱত । নগাঁও জিলা প্ৰশাসন আৰু এইডছ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে নগাঁৱৰ নেহৰুবালীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা বিশ্ব এইডছ দিৱসৰ পুৱাই নেহৰুবালীৰ পৰা উলিওৱা হয় এইডছৰ সজাগতামূলক এখনি ৰেলী ।
তৃতীয় লিংগৰ কেইবাগৰাকী লোকৰ অংশগ্ৰহেণেৰে উলিওৱা ৰেলীত নগাঁৱৰ বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে । শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি নগাঁৱত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা এইডছ দিৱসে নগাঁৱত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মন্তব্য কৰে জিলা আযুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । 'মোৰ স্বাস্থ্য মোৰ অধিকাৰ' শীৰ্ষক থীম লৈ নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা বিশ্ব এইডছ দিৱসৰ সজাগতা ৰেলীৰ অন্তত নেহৰুবালীতেই বিশ্ব এইডছ দিৱস উপলক্ষে আয়োজন কৰে মুকলি সভাৰ ।
এইডছ দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংসগ্ৰহণ কৰি ৰাজ্যত ড্ৰাগছৰ ব্যৱহাৰৰ ফলতেই এইডছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি বুলি উল্লেখ কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই । অসমত এইডচ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইচ আই ভি পৰীক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি যিকোনো ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ সময়তে এইচ আই ভি পৰীক্ষা কৰাবলৈ আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই ।
বিশ্ব এইডছ দিৱসত উপস্থিত থাকি এইডছ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰ'গ্ৰেম ডাইৰেক্টৰেও এইডছ আক্ৰান্তৰ সংখ্যা ড্ৰাগছৰ ব্যৱহাৰৰ ফলতেই বৃদ্ধি পোৱা দাবী কৰে । নগাঁৱত অনুষ্ঠিত হোৱা বিশ্ব এইডছ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অশোক বাবু, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া দলে উপস্থিত থাকে ।