ETV Bharat / state

সুৰা নীতি, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - AJYCP Workshop in Nalbari

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:55 PM IST

AJYCP against Price hike : নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক কৰ্মশালা ৷ কৰ্মশালাত উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ অদীপ কুমাৰ ফুকন, উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাই আদি ৷ চৰকাৰৰ সুৰা নীতিক তীক্ষ্ম সমালোচনা বিশিষ্ট ব্যক্তি কেইগৰাকীৰ ৷ মূল্যবৃদ্ধিৰ প্ৰসংগতো সৰৱ সংগঠনটোৰ নেতা-কৰ্মীসকল ৷

AJYCP WORKSHOP IN NALBARI
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক কৰ্মশালা (Source : Etv Bharat Assam)

নলবাৰী, 19 মে’: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত দেওবাৰে নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সাংগঠনিক কৰ্মশালা ৷ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা সংগঠনটোৰ নেতা-কৰ্মীসকলে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ ইয়াৰ পিছতে দিনযোৰা কাৰ্যসূচীৰে সাংগঠনিক সভাখন অনুষ্ঠিত হয় ৷

জিলা সমিতিৰ এই কৰ্মশালাখনত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, বিশিষ্ট নিবন্ধকাৰ অদীপ কুমাৰ ফুকন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে ৷ এই সাংগঠনিক কৰ্মশালাত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে সংগঠনটোৰ কৰ্মৰাজী, কৰ্মস্পৃহা, ত্যাগ আৰু জাতীয়তাবাদৰ সাতটা স্তৰ মানি চলি সংগঠন কৰিবলৈ বিষয়ববীয়াসকলক পৰামৰ্শ আগবঢ়ায় ৷

উক্ত অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ সুৰা নীতিক কঠোৰ সমালোচনা কৰে নিবন্ধকাৰ অদীপ কুমাৰ ফুকনে ৷ বীৰ লাচিতক বিশ্বৰ দৰবাৰলৈ নিব বিচৰা চৰকাৰখনে, এফালে হিতাধিকাৰীৰ সৃষ্টি কৰি মানুহক অকৰ্মণ্য কৰিব বিচৰাৰ লগতে ৰাজ্যত সুৰাৰ বন্যা বিয়পাই যুৱপ্ৰজন্মক উশৃংখল আৰু নিচাসক্ত কৰি সমাজখন ধ্বংস কৰিব বিচৰা বুলিও মন্তব্য প্ৰকাশ কৰে নিবন্ধকাৰ ফুকনে ৷

বিহাৰ আৰু নাগালেণ্ডে যদি সুৰাৰ বিৰুদ্ধে নীতি প্ৰয়োগ কৰিব পাৰে, তেন্তে অসমে নোৱাৰে কিয় ? যদি অসমে এই কাৰ্য কৰিব নোৱাৰে, তেন্তে দিছপুৰত গাদী দখল কৰি থকাৰ চৰকাৰৰ কোনো অধিকাৰ নাই বুলিও তেওঁ মন্তব্য কৰে ৷ সুৰাৰে ৰাজহ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা এনে সমাজ বিৰোধী চৰকাৰখনৰ কোনো প্ৰয়োজন নাই বুলিও অদীপ কুমাৰ ফুকনে বিজেপি চৰকাৰক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰে ৷

ইপিনে জাতীয়তাবাদী সংগঠনবোৰে ভিন্ন সময়ত ভিন্ন আক্ৰমণৰ লক্ষ্য হোৱাৰ সন্দৰ্ভত বিশিষ্ট নিবন্ধকাৰ গৰাকীয়ে কয় যে, "জাতি থকালৈ জাতীয়তাবাদ থাকিব, জাতীয়তাবাদ থকালৈ জাতি থাকিব" ৷ সকলোৱে একেলগে থাকিলে কোনেও জাতীয়তাবাদ অথবা জাতিৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস নকৰিব ৷

আনহাতে, সাংগঠনিক দৃষ্টিভংগীৰ লগতে ৰাজ্যত হোৱা ভয়াৱহ মূল্যবৃদ্ধি সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱাই ৷ তেওঁ কয় যে, অত্যাধিক মূল্যবৃদ্ধি সন্দৰ্ভত অসম চৰকাৰে এতিয়াও নিৰ্লিপ্ত ভূমিকা লৈ আছে ৷ শীঘ্ৰেই এই বিষয়ত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৰাণা প্ৰতাপ বৰুৱাই ৷

লগতে পঢ়ক: কা খাৰিজ হ’ব বুলি আশাবাদী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price Hike In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.