গুৱাহাটী, 24 জুলাই: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মহানগৰীৰ বিৰুবাৰীত বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হোৱা ৰিংকী তিৱাৰীয়ে । মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰিংকী তিৱাৰীয়ে । বিগত 17 জুলাইত মহানগৰীৰ বিৰুবাৰীত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হৈ অগ্নিদগ্ধ হৈছিল ৰিংকি তিৱাৰীৰ লগতে আন তিনিজন । আঘাতপ্ৰাপ্ত হৈছিল একেটা পৰিয়ালৰ মাতৃ আৰু দুই শিশুসহ এগৰাকী আত্মীয়ও । আহত কেউজনকে সংকটজনক অৱস্থাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰোৱা হৈছিল ৰিংকী তিৱাৰীসহ কন্যা মীৰা তিৱাৰী, পুত্ৰ নিশান্ত তিৱাৰী আৰু পৰিয়ালৰ আন এগৰাকী সদস্য ৰোহিত আলী । চিকিৎসকে জনোৱা অনুসৰি এই দুৰ্ঘটনাত ৰিংকী তিৱাৰীৰ শৰীৰৰ 60% অংশ অগ্নিদগ্ধ হৈছিল । ইফালে ৰিংকী তিৱাৰীৰ লগত অগ্নিদগ্ধ হৈ বৰ্তমানো চিকিৎসাধীন 6 বছৰীয়া কন্যা সন্তানগৰাকী ।
উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱাৰ দিনা মহানগৰীৰ ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা বিৰুবাৰীত আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ আহিছিল পৰিয়ালটো । আলহী খাই ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনাটো । গাড়ীত উঠিবলৈ লওঁতেই বিস্ফোৰিত হৈছিল ট্ৰান্সফৰ্মাৰটো । বিৰুবাৰী আৰক্ষী চকীৰ সমীপতে থকা হাউছ নং 47 ৰ চৌহদত থকা ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হৈ সংঘটিত হৈছিল ঘটনাটো ।
পৰিয়ালৰ তথা স্থানীয় লোকৰ অভিযোগ অনুসৰি উক্ত চৌহদৰ ভিতৰত অবৈধভাবে স্থাপন কৰা হৈছিল ট্ৰেন্সফৰ্মাৰটো । কিন্তু ঘটনাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো বিৰুবাৰী আৰক্ষীয়ে অবৈধভাবে স্থাপন কৰা ট্ৰেন্সফৰ্মাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।