ETV Bharat / state

উৰণ সেতুৰ নিৰ্মাণে বন্ধ কৰিলে হস্তী কৰিডৰ, বনৰীয়া হাতীৰ আক্ৰমণত আহত 70 বছৰীয়া মহিলা - Man Elephant Conflict

আগিয়াত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭০ বছৰীয়া মহিলা ৷ চাৰিলেনযুক্ত ১৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰ্নিমীয়মাণ ফ্লাইঅভাৰে হাতী কৰিডৰ বন্ধ কৰি পেলোৱাৰ ফলত হাতীৰ উপদ্ৰৱত জীয়াতু ভুগিছে গঞা ৰাইজে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:27 PM IST

Man Elephant Conflict
অব্যাহত আছে হাতী-মানুহৰ সংঘাত
বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলা

গোৱালপাৰা, 18 এপ্ৰিল : গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ আগিয়াত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত 70 বছৰীয়া এগৰাকী মহিলা ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিছে মহিলাগৰাকীয়ে ৷ চাৰিলেনযুক্ত 17 নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰ্নিমীয়মাণ ফ্লাইঅভাৰে হস্তী কৰিডৰ বন্ধ কৰি পেলোৱাৰ ফলত হাতীৰ উপদ্ৰবত জীয়াতু ভুগিছে গঞা ৰাইজে ৷ ভুক্তভোগী ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ ৷

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বুধিপাৰা গাঁৱত বুধবাৰে নিশা সনেশ্বৰী নাথ নামৰ 70 বছৰীয়া এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে বুধবাৰে নিশা পদুলীৰ গেট মাৰিবলৈ যাওঁতে সন্মুখতে ৰৈ থকা এটা প্ৰকাণ্ড হাতীয়ে খেদি আহি 70 বছৰীয়া মহিলাগৰাকীক আক্ৰমণ কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ৰাইজে বন বিভাগক একাধিকবাৰ ফোন কৰিছিল যদিও বহু পলমকৈ উপস্থিত হয় ৷ আনফালে ঘটনাৰ পিচত পৰিয়ালৰ লোকে 108 সেৱাত ফোন কৰিও কোনো সঁহাৰি নাপায় বুলি অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে, 17 নং ৰাষ্ট্ৰীয় পথৰ ওপৰত বুধিপাৰাৰ পৰা নিচিন্তালৈকে শগুনবাহী বনাঞ্চল অংশত ৰ্নিমীয়মাণ ফ্লাইঅভাৰে হস্তী কৰিডৰ বন্ধ কৰাৰ ফলতে বুধিপাৰা, নিচিন্তা, জংগল ব্লক, শান্তিপুৰ, উলুপাৰা আদিকে ধৰি কেবাখনো গাঁৱত হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈছে ৷ ফলত বিগত 4 মাহত 3 জনকৈ লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছে ৷ ক্ষুব্ধ ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুধিপাৰা ফ্লাইঅভাৰৰ সন্মুখত পথ অৱৰোধ কৰি এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে এই ফ্লাইঅভাৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক : শোণিতপুৰত লোকসভা নিৰ্বাচন উপলক্ষে ১৪৪ ধাৰা জাৰি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.