ETV Bharat / state

খাদ্যৰ বিষক্ৰিয়া হৈ জোনাইত মহিলাৰ মৃত্যু: বৰ্তমানেও চিকিৎসাধীন 132 জন - Food poisoning in Jonai

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 12:33 PM IST

Food poisoning: জোনাইৰ চিমেন চাপৰিত খাদ্যৰ বিষক্ৰিয়া ঘটি মৃত্যু এগৰাকী মহিলাৰ । বৰ্তমানেও ধেমাজিৰ বিভিন্ন চিকিৎসায়লত চিকিৎসাধীন পুৰুষ-মহিলা আৰু শিশুকে ধৰি 132 জনকৈ লোক ।

1 dead and 132 sick of poisoning after consuming food in jonai of dhemaji
খাদ্যৰ বিষক্ৰিয়া হৈ জোনাইত মহিলাৰ মৃত্যু (ETV Bharat Assam)

জোনাই, 16 আগষ্ট: ধেমাজি জিলাৰ জোনাই শোকাৱহ ঘটনা ৷ জোনাইৰ চিমেন চাপৰিত খাদ্যৰ বিষক্ৰিয়া হৈ মৃত্যু ঘটে এগৰাকী মহিলাৰ । মৃত্যু ঘটা মহিলাগৰাকী চিমেন চাপৰিৰ ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ।

খাদ্যৰ বিষক্ৰিয়া হৈ জোনাইত মহিলাৰ মৃত্যু : বৰ্তমানেও চিকিৎসাধীন 132 জন (ETV Bharat Assam)

জানিব পৰা মতে, 13 আগষ্টৰ দিনা জোনাইৰ চিমেন চাপৰি আঞ্চলিক বাথৌ মন্দিৰত অনুষ্ঠিত হৈছিল এক প্ৰাৰ্থনা সভাৰ ৷ এই অনুষ্ঠানত ভাগ লৈছিল চিমেন চাপৰি অঞ্চলৰ 1নং নাওকাটা, ৰাওন শান্তিপুৰ, ডেকা শান্তিপুৰ, জাৰ্মনবাৰী আদি গাঁৱৰ প্ৰায় 132 গৰাকী পুৰুষ, মহিলা আৰু শিশুৱে ৷ উক্ত প্ৰাৰ্থনা সভাত বিতৰণ কৰা মাহ-প্ৰসাদ খাই আটাইবোৰেই বিষক্ৰিয়াত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।

এই ঘটনাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত লোকসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত বিষক্ৰিয়াত ভোগা লোকসকলৰ একাংশৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

আনহাতে, আন একাংশৰ স্বাস্থ্যৰ সংকটজনক অৱস্থা লক্ষ্য কৰি উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি স্থানীয় লোকে জনায় ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে ডেকা শান্তিপুৰ গাঁৱৰ শৰ্মিলা স্বৰ্গীয়াৰী নামৰ এগৰাকী মহিলাৰ বৃহস্পতিবাৰে মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বৰ্তমানেও খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ প্ৰায় 132 জন লোক সংকটজনক অৱস্থাত ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিলাপথাৰ আদৰ্শ চিকিৎসালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি স্থানীয় লোকে জনায় ।

লগতে পঢ়ক: ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু

পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন - food poisoning in Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.