ETV Bharat / state

বানৰ বিভীষিকাৰ মাজতে ৰাজ্যত বন্যপ্ৰাণীৰ সন্ত্ৰাস: নিহত 1, আহত 2 - Man Animal conflict

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 1:54 PM IST

Assam Flood 2024: ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰিছে । তাৰ মাজতে ঠায়ে ঠায়ে বন্যপ্ৰাণীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । বাঘৰ আক্ৰমণত বিহালী এজনৰ মৃত্যু । বোকাখাত এজন লোক আহত হৈছে । তিনিচুকীয়াত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ।

Assam Flood 2024
বানৰ বিভীষিকাৰ মাজতে ৰাজ্যত বন্যপ্ৰাণীৰ সন্ত্ৰাস (ETV Bharat)

নিউজ ডেস্ক,৪ জুলাই : ৰাজ্যত বানে সংহাৰী ৰূপ লৈছে । বিভিন্ন জিলা বানৰ কৱলত পৰিছে । লাখ লাখ লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অভয়াৰণ্যও বানৰ কৱলত পৰিছে । ফলস্বৰূপে বন্যপ্ৰাণীসমূহে ওখ স্থান আশ্ৰয় লৈছে । বনৰীয়া হাতী, বাঘ আদি জন্তুৱে জনাঞ্চলত প্ৰৱেশ কৰাও দেখা গৈছে । যাৰ বাবে বহু স্থানত মানুহ আৰু বন্যজন্তুৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে ।

বিশ্বনাথ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানত বুৰ যোৱাত বন্যপ্ৰাণীসমূহে নিকটৱৰ্তী অঞ্চলসমূহত প্ৰৱেশ কৰা দেখা গৈছে । কোনো কোনো স্থানত আকৌ এই বন্যপ্ৰাণীয়ে সাধাৰণ জনতাক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেঁকীয়াপতীয়াই বিশ্বনাথৰ বিহালী সমষ্টিৰ ৰাংছালী দলনিত তাণ্ডৱ সৃষ্টি কৰিছে । ঢেঁকীয়াপতীয়াৰ আক্ৰমণত অঞ্চলটোৰ হুছেইন আলী নামৰ এজন লোক নিহত হৈছে ।

জানিব পৰা মতে বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত বিহালী সমষ্টিৰ ৰাংছালী দলনিত ঢেকীয়াপতীয়াটোৱে প্ৰৱেশ কৰে । সেই সময়তে হুছেইন আলী নামৰ লোকজনক বাঘটোৱে আক্ৰমণ কৰে । লোকজনৰ হাতত থকা দা আৰু চেণ্ডেল উদ্ধাৰ হৈছিল যদিও লোকজন সন্ধানহীন হৈ আছিল । অৱশেষত বৃহস্পতিবাৰে পুৱা লোকজনৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰা হয় । বিহালী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিহালী চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

বোকাখাত : ইফালে বোকাখাতত বান কালৰূপ ধাৰণ কৰিছে । বহু লোকে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে । কিন্তু একেটা মথাউৰিতে এটা ঢেকীয়াপতীয়াই আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে । বাঘটোৱে যোগনীয়াত কুশ বৰা নামৰ এজন লোকক আক্ৰমণ কৰে । লোকজনে মূৰ আৰু হাতত গুৰুতৰভাৱে আঘাত পাইছে । তাৎক্ষণিক ভাৱে কুশ বৰাক স্থানীয় ৰাইজে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে । কিন্তু পিচত উন্নত চিকিৎসাৰ বাবে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

এই ঘটনাৰ পিচতে অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । আনহাতে প্ৰশাসন তথা বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে । এনে পৰিস্থিতিত নিশা পহৰা অবিহনে বানপীড়িত লোকসকলে মথাউৰিত আশ্ৰয় ল'ব নোৱাৰিব বুলিও আশংকা ব্যক্ত কৰিছে ।

লগতে পঢ়ক :পানীত ডুব গৈছে অসম : ৫ বছৰত অসমে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ বিপৰীতে দিল্লীয়ে দিলে মাত্ৰ ২৫০.৩১ কোটি টকা - Raijor Dal on Assam flood

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে । তাৰ মাজতে আকৌ পেঙেৰীত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে । বন্যহস্তীৰ আক্ৰমণত পেঙেৰীত এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়তে বন্যহস্তীয়ে লোকজনক আক্ৰমণ কৰে । নিহত লোকজন পেঙেৰী চাৰিআলিৰ সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে ।

পেঙেৰীৰ ডিব্ৰুজান দলঙৰ ওচৰৰ হস্তীদণ্ডীত এই ঘটনা সংঘটিত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত পেঙেৰী খাটাংপানী আঞ্চলিক বন বিষয়া আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ পৰস্থিতিৰ বুজ লয় । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.