ETV Bharat / state

কলিয়াবৰৰ শিলঘাটত বন্যহস্তীৰ উপদ্ৰৱ - Wild elephant menace

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:27 PM IST

Wild Elephant Menace: কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । শিলঘাটৰ সোণাৰী চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ । কথমপি প্ৰাণৰক্ষা বগাই গঞ্জু নামৰ এজন লোকৰ । উপদ্ৰৱ চলোৱা হাতীটো শীঘ্ৰে খেদি পঠিয়াবলৈ আহ্বান জনাই ভুক্তভোগী ৰাইজে ।

Wild elephant menace continue every day at Shilghat in Kaliabor
কলিয়াবৰৰ শিলঘাটত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat Assam)

কলিয়াবৰ, ৩১ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । ব্যতিক্ৰম নহয় কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল । ইতিমধ্য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰাণীৰ মুক্ত বিচৰণে মিনি কাজিৰঙালৈ পৰিণত কৰিছে কলিয়াবৰক । কেতিয়াবা যদি বনৰীয়া ম'হ, আন কেতিয়াবা গঁড়, কেতিয়াবা আকৌ বনৰজাৰ আতংক । মুঠতে বন্যপ্ৰাণীৰ বিচৰণে ত্ৰাসিত কৰি ৰাখে কলিয়াবৰবাসীক ।

ইফালে বন্যহস্তীৰ ত্ৰাস আকৌ দীৰ্ঘদিনীয়া । প্ৰায়ে কলিয়াবৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলোৱা উপদ্ৰৱৰ খবৰে লাভ কৰি আহিছে সংবাদ শিৰোনাম । বিশেষকৈ কলিয়াবৰৰ শিলঘাটবাসীয়ে প্ৰায়ে বন্যহস্তীৰ উপদ্ৰৱত কটাবলগীয়া হয় বিনিদ্ৰ ৰজনী । বৃহস্পতিবাৰে নিশাও কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত কথমপি ৰক্ষা পৰে এজন লোক । কলিয়াবৰৰ সোণাৰী চাহ বাগিচাৰ মাজবস্তিত নিশা শুই থকা অৱস্থাতে এটা বাসগৃহত উপদ্ৰৱ চলাই বনৰীয়া হাতীয়ে ।

বগাই গঞ্জু নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ঘৰত থকা ধান খাই বিস্তৰ ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে । বন বিভাগৰ লোক পলম কৈ উপস্থিত হোৱাত ক্ষোভ উজাৰে স্থানীয় লোকে । দীৰ্ঘদিনে কলিয়াবৰবাসীয়ে জীৱনটো হাতৰ মুঠিত লৈ ফুৰিছে যদিও বন বিভাগে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

প্ৰতিটো নিশাই বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে বিস্তীৰ্ণ অঞচলটোৰ ৰাইজ । পথাৰৰ শস্য অনিষ্ট কৰাৰ উপৰিও ঘৰ-দুৱাৰ ভাঙি ব্যাপক ক্ষতিসাধন কৰিছে বন্যহস্তীয়ে । ইফালে হাতী-মানুহৰ সংঘাটত প্ৰাণ হেৰুৱাইছে কেইবাজনো নিৰীহ লোকে । সেয়ে শীঘ্ৰে বন্যহস্তীৰ সমস্য়াৰ সমাধান কৰাৰ আহ্বান জনাইছে কলিয়াবৰবাসীয়ে ।

লগতে পঢ়ক: লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ - Man Elephant Conflict

ভেৰগাঁৱত বন্যহস্তীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ - Man Elephant Conflict In Udalguri

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - Wild Elephant Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.