গোলাঘাট,২৩ মে': গোলাঘাটৰ কথিত যৌন নিৰ্যাতনৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে । এগৰাকী মহিলা চিকিৎসকক গোলাঘাট কাৰাগাৰৰ কাৰাধ্যক্ষই যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠিছিল । এই অভিযোগৰ ভিত্তিত ইতিমধ্যে গোলাঘাট জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ হিতেশ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে । কিন্তু কাৰাধ্যক্ষৰ পত্নীৰ মন্তব্যৰ পিছতে এই ঘটনাই নতুন মোৰ লৈছে । পত্নীৰ অভিযোগ অনুসৰি বৃহৎ ষড়যন্ত্ৰৰ বলি হৈছে কাৰাধ্যক্ষগৰাকী । কাৰাধ্যক্ষ স্বামীৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰে পত্নীয়ে । জানিব পৰা মতে পৰিকল্পিতভাৱে চিকিৎসকগৰাকীয়ে কাৰাধ্যক্ষগৰাকীৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে ।
আনহাতে কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে সমগ্ৰ ঘটনাটোক ভিত্তিহীন আখ্যা দিয়ে । তেওঁৰ মতে মহিলা চিকিৎসকগৰাকীৰ বাসগৃহলৈ প্ৰায়ে এজন অচিনাকি ল'ৰা আহে । কাৰাধ্যক্ষগৰাকীয়ে বাধা দিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে মিছা অপবাদ দিয়ে বুলি উল্লেখ কৰে পত্নীয়ে ৷ কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে জনোৱা মতে বুধবাৰে চিকিৎসকগৰাকীৰ কোঠাত এজন যুৱকৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল হিতেশ চৌধুৰীয়ে । তাৰ পিছতে উক্ত দিনা মাজনিশা চিকিৎসকগৰাকীয়ে কাৰাধ্যক্ষৰ কোঠাত প্ৰৱেশ কৰিছিল ।
ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে পৰিকল্পিতভাৱে আৰক্ষী থানাত গোচৰ ৰুজু কৰি হিতেশ চৌধুৰীৰ ওপৰত মিছা অপৰাধ জাপি দিয়াৰ চেষ্টা কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্ততহে ঘটনাৰ ৰহস্য ফাদিল হ'ব । কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তই উন্মোচন কৰিব ।
উল্লেখ্য যে মহিলা চিকিৎসকগৰাকীয়ে অভিযোগ কৰা মতে গোলাঘাট কাৰাগাৰৰ কাৰাধ্যক্ষ হিতেশ চৌধুৰীয়ে নিজৰ বাসগৃহলৈ মাতি নি তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । বুধবাৰে গোলাঘাট আৰক্ষীয়ে কাৰাধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷