ETV Bharat / state

বিবাহ বহিৰ্ভূত প্ৰেম : পত্নী-প্ৰেমিকৰে মিলি হত্যা আৰক্ষী স্বামীক - EXTRA MARITAL AFFAIR - EXTRA MARITAL AFFAIR

Extra marital affair case in Guwahati : বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ পত্নী আৰু প্ৰেমিকে মিলি আৰক্ষী স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পঢ়ক সবিশেষ...

EXTRA MARITAL AFFAIR
বিবাহ বহিৰ্ভূত প্ৰেম : পত্নী-প্ৰেমিকৰে মিলি হত্যা আৰক্ষী স্বামীক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 1:07 PM IST

গুৱাহাটী, 2 জুন : মহানগৰীত ক্ৰমাৎ ভয়ংকৰভাৱে বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ এইবাৰ বিবাহ বহিৰ্ভূত সম্পৰ্কই চূৰমাৰ কৰিলে এখন সংসাৰ ৷ পৰকীয় প্ৰেমৰ বাবে পত্নী আৰু প্ৰেমিকে মিলি আৰক্ষী স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ মৃত লোকজন জালুকবাৰী থানাৰ যান-বাহন শাখাত হাবিলদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা খগেন বৰ্মন ।

বিবাহ বহিৰ্ভূত প্ৰেম : পত্নী-প্ৰেমিকৰে মিলি হত্যা আৰক্ষী স্বামীক (etv bharat assam)

জানিব পৰা মতে, বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত লছিমা গাঁৱৰ বাসিন্দা খগেন বৰ্মনে গুৱাহাটীৰ গীতানগৰ থানাৰ অন্তৰ্গত অম্বিকাগিৰি নগৰৰ ভগদত্ত পথৰ 4 নং ঘৰত পৰিয়ালসহ ভাৰাতীয়া হিচাপে থাকে ৷ তেওঁ জালুকবাৰী থানাৰ যান-বাহন শাখাত হাবিলদাৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল ।

হাবিলদাৰজনে চাৰিজনীয়া সংসাৰ সুন্দৰকৈ চলাই নিয়াৰ সময়তে, তেওঁৰ (খগেন বৰ্মন) পত্নীৰ নলবাৰী জিলাৰ ফৰিদ আহমেদৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা বুলি কনিষ্ঠ ভাতৃ নবীন বর্মনে অভিযোগ কৰে ।

অবৈধ প্রেমিক ফৰিদ আহমেদৰ খগেন বৰ্মনৰ ঘৰলৈ সঘনাই অহা-যোৱা হৈছিল বুলি কনিষ্ঠ ভাতৃ নবীন বৰ্মনে অভিযোগ উত্থাপন কৰে । ইপিনে, খগেন বৰ্মনে গৃহ জিলাত মাটি ক্ৰয় কৰিবলৈ বেংকৰ পৰা 11 লাখ টকাৰ ঋণ লৈছিল ।

কিন্তু হাবিলদাৰগৰাকীৰ পত্নীয়ে ঋণৰ 11 লাখ টকাসহ মুঠ 20 লাখ টকা অবৈধ প্রেমিক ফৰিদ আহমেদক দি দিয়ে । এই বিষয়ে জানিব পাৰি হাবিলদাৰ খগেন বর্মনে অগ্নিশর্মা হৈ পত্নীৰ লগত কাজিয়াত লিপ্ত হৈ প্ৰেমিকৰ হাতৰ পৰা 20 লাখ টকা ঘূৰাই আনিবলৈ নিৰ্দেশনা দিছিল ।

কিন্তু পত্নী মামণি পাঠকে ওলোটাকৈ স্বামী খগেন বৰ্মনকহে হত্যাৰ ভাবুকি দিয়ে । পত্নীৰ চৰিত্ৰৰ বিষয়ে জানিব পাৰি মানসিকভাৱে ভাগি পৰা খগেন বৰ্মনে ফোন কৰি কনিষ্ঠ আৰু জ্যেষ্ঠ ভাতৃক সকলো কথা বিৱৰি কৈছিল বুলি ভাতৃয়ে জানিবলৈ দিয়ে ।

আনকি তেওঁক হত্যা কৰিব পাৰে বুলি খগেন বর্মনে জ্যেষ্ঠ ভাতৃক অৱগত কৰাই থৈছিল । এই সমস্ত কথোপকথন ম'বাইল ফোনত ৰেকর্ডিং হৈ আছে বুলি কনিষ্ঠ ভাতৃয়ে উল্লেখ কৰে । ইয়াৰ মাজতে যোৱা 2 মে’ত হাবিলদাৰ খগেন বৰ্মনৰ মৃতদেহ জি এম চি এইছত পৰি থকা বুলি কনিষ্ঠ আৰু জ্যেষ্ঠ ভাতৃয়ে জানিব পাৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহে । জি এম চি এইছত আহি ভাতৃ নবীন বৰ্মনে পত্নীৰ মুখৰ পৰা আত্মহত্যা কৰা বুলি জানিব পাৰে ।

কিন্তু গীতানগৰ আৰক্ষীক খবৰ নিদিয়াকৈ মৃতদেহটো জি এম চি এইছলৈ অনা আৰু ডিঙিত ঘূৰণীয়াকৈ ৰচীৰ চিন প্ৰত্যক্ষ কৰি আৰক্ষী ভাতৃ খগেন বৰ্মনক হত্যা কৰা বুলি নবীন বৰ্মনে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হাবিলদাৰজনৰ মৰণোত্তৰ পৰীক্ষা কৰে যদিও ঘটনা সন্দর্ভত আৰক্ষীয়ে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাছিল ।

উপায়হীন হৈ জ্যেষ্ঠ ভাতৃ চন্দ্রকান্ত বর্মনে সাক্ষ্য-প্রমাণ সহকাৰে যোৱা 18 মে’ত গীতানগৰ থানাত দ্বিতীয়খন এজাহাৰ দাখিল কৰে । দ্বিতীয়খন এজাহাৰ দাখিল কৰাৰ পাচতো গীতানগৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে গোচৰ পঞ্জীয়ন কৰা নাই বুলি নবীন বর্মনে অভিযোগ কৰে । ভুক্তভোগী নবীন বৰ্মনে আৰক্ষী ভাতৃ খগেন বৰ্মনৰ হত্যাৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছে ।

উল্লেখ্য যে, হাবিলদাৰ খগেন বৰ্মনক ৰচীৰে ডিঙি চেপি হত্যা কৰি পত্নী আৰু অবৈধ প্রেমিক ফৰিক আহমেদে আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰিছে বুলি কনিষ্ঠ ভাতৃ নবীন বর্মনে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহ : বিহাৰত 24 ঘণ্টাত 19 গৰাকী লোকৰ মৃত্যু - Heat Stroke In bihar

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.