ETV Bharat / state

অম্বুবাচীৰ সময়ত কামাখ্যা ধামত সাধনা কৰিলে কি ফল লাভ কৰিব পাৰি ? - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:24 PM IST

Maha Ambubachi Mela: নীলাচলৰ বুকুলৈ আগমন দেশ-বিদেশৰ সাধু-সন্তৰ । ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । ১২ বছৰ সাধনা কৰি যি ফল লাভ কৰা যায়, সেই ফল অম্বুবাচীৰ সময়ত কামাখ্যা ধামত সাধনা কৰিলে ১ বছৰৰ ভিতৰতে পোৱা যায় ।

Why saints come to Kamakhya Dham during Ambubachi
অম্বুবাচীৰ সময়ত কামাখ্যা ধামলৈ কিয় আহে সাধু-সন্ত ? (ETV Bharat Assam)

গুৱাহাটী,১৪ জুন: দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । মা কামাখ্যা ধামত প্ৰতিবছৰে আহাৰ মাহত অনুষ্ঠিত কৰা হয় মহা অম্বুবাচী মেলা । জনবিশ্বাস অনুসৰি এই সময়চোৱাত ৰজঃস্বলা হয় প্ৰকৃতি । যাৰ বাবে সেই নিৰ্দিষ্ট দিন কেইটাত বন্ধ থাকে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । এই বৰ্ষত ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচীমেলা ।

২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । মহা অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে দেশ-বিদেশৰ অগণন সাধু-সন্তৰ । অম্বুবাচীমেলা আৰম্ভ হোৱাৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচলৰ বুকুলৈ বহু সাধু-সন্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।

সাধুসকলৰ বিশ্বাস অনুসৰি ১২ বছৰ নিৰ্দিষ্ট এক স্থানত বহি সাধনা, তপ-জপ কৰাৰ ফলত যি সিদ্ধি লাভ হয়, তেন্তে ক্ষেত্ৰত কামাখ্যালৈ আগমন ঘটা নগা বাবাসকলৰ বিশ্বাস অনুসৰি মা কামাখ্যাৰ ওচৰত অম্বুবাচী মেলাৰ সময়ত সাধনা কৰিলে মাৰ শক্তিৰ পৰা সেয়া ১ বছৰতে লাভ কৰিব পাৰি ।

সেয়ে এই সময়চোৱাত কামাখ্যা ধামলৈ বহু সাধু-সন্তৰ আগমন ঘটে । কামাখ্যালৈ প্ৰতিবছৰে অম্বুবাচী মেলা উপলক্ষে আগমন ঘটা সাধু-সন্তসকলৰ আপ্যায়নৰ দায়িত্বত থকা থানাপতি মহন্ত নিত্যানন্দগিৰী মহাৰাজে জনোৱা অনুসৰি বৰ্তমান সময়লৈ প্ৰায় ৮০০-৯০০ সাধুৰ নীলাচলৰ বুকুলৈ আগমন ঘটিছে । প্ৰতিবছৰে অম্বুবাচীলৈ প্ৰায় ৭-৮ হাজাৰ সাধুৰ আগমন ঘটে ।

এইবাৰ পূৰ্বতকৈ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । প্ৰায় ১৫-২০ হাজাৰ সাধুৰ আগমন ঘটিব বুলি আশা কৰে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই । অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটা সাধুসকলৰ বাবে পঞ্চনাম দশম জুনা আখাৰাৰ উপৰিও, অভয়ানন্দ, কৌটিৰলিংগ, ভুৱনেশ্বৰী এই চাৰি স্থানত আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: অম্বুবাচীৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা - Ambubachi Mela 2024

মহা অম্বুবাচী মেলালৈ কেইটিমান দিন, কি কি নিৰ্দেশনা অম্বুবাচীৰ সময়ত ? - Ambubachi Mela 2024

উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.