ETV Bharat / state

নগাঁৱত বনৰজাৰ আতংক : বাঘ খেদাত দুসপ্তাহেও ব্যৰ্থ কিয় বন বিভাগ ? - Assam Flood 2024 - ASSAM FLOOD 2024

Tiger Scare In Nagaon : বিগত প্ৰায় দুসপ্তাহে একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই । বাঘৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ আছে চাৰিজনকৈ ব্যক্তি । কিন্তু দুসপ্তাহেও বাঘটো খেদি পঠিওৱাত কিয় ব্যৰ্থ হৈছে বন বিভাগ ? ইফালে অনিদ্ৰাত গঞা । মৰাপাট খেতিত বিশ্ৰাম বনৰজাৰ । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Tiger Scare In Nagaon
নগাঁৱত বনৰজাৰ আতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 7:55 PM IST

নগাঁও, ১৫ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি লাওখোৱা, বুঢ়াচাপৰি, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে । যাৰ ফলত সুৰক্ষিত স্থান বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী । আনহাতে, জনাঞ্চলত প্ৰৱেশ কৰা এই বন্যপ্ৰাণীয়ে কোনো কোনো ঠাইত সন্ত্ৰাসৰো সৃষ্টি কৰিছে ।

বাঘ খেদাত দুসপ্তাহেও ব্যৰ্থ কিয় বন বিভাগ ? (ETV Bharat Assam)

তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱত । এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁৱৰ জুৰীয়াৰ কেইবাখনো গাঁৱত । বিগত প্ৰায় দুসপ্তাহে বাঘটোৱে জুৰীয়াৰ জেঙনি, জৰামাৰী, পুঠিমাৰী, বলিকটীয়া, মেলেকাধিং আদি অঞ্চলত বিচৰণ কৰি ফুৰাত গাঁওকেইখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত বাঘটোক লৈ তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

Tiger Scare In Nagaon
মৰাপাট খেতিৰ মাজত বনৰজাৰ অৱস্থান (Drone Photo, Assam Forest Department)

ইফালে বাঘটোৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো লোক আহত হ'বলগীয়াও হৈছে । কিন্তু এই পৰ্যন্ত বাঘটোক বনাঞ্চললৈ খেদি পঠিওৱা অথৱা ট্ৰেংকুলাইজ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে । যিমানেই দিন অতিবাহিত হৈছে গঞা ৰাইজৰ মাজত আতংক বৃদ্ধি পোৱাৰ উপৰি বাঘৰ আক্ৰমণত আহতৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

বাঘৰ আক্ৰমণত আহতৰ সংখ্যা

জুলাই মাহৰ ৩ তাৰিখ । পুৱাতে পথাৰত কাম কৰিবলৈ গৈ প্ৰথমে জুৰীয়াৰ জেঙনি গাঁৱৰ দুজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড ঢেকীয়াপতীয়াটোক । পথাৰত কাম কৰিবলৈ যোৱাৰ সময়ত হঠাৎ চকুৰ সন্মুখত পৰা বনৰজাই আক্ৰমণ কৰিবলৈ লয় জেঙনি গাঁৱৰ আব্দুল আজিত আৰু আক্তৰ আলী নামৰ লোক দুজনক । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আক্তৰ আলী আৰু আব্দুল আজিত নামৰ লোক দুজন । আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগে লগে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগি পৰে । চৌদিশৰ পৰা ওলাই আহে গাঁৱৰ ৰাইজ । আৰম্ভ হয় এক আতংকময় পৰিৱেশ । লগতে খবৰ দিয়া হয় বন বিভাগক । ইফালে খবৰ পোৱাৰ পাচতেই গাঁওখনত উপস্থিত হয় বন বিভাগৰ লোক । কিন্তু বিয়লি পৰ্যন্ত বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হয় বন বিভাগ । তাৰ মাজতে বিয়লি বাঘটোৰ আক্ৰমণত পুনৰ গাঁওখনৰ আতাউৰ ৰহমান নামৰ আন এজন লোক আহত হয় । আতাউৰ ৰহমানকো সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত তিনিওকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

পৰৱৰ্তী সময়ত বাঘটোৱে জেঙনি অঞ্চলৰ পৰা জৰামাৰী, পুঠিমাৰী আদি অঞ্চলত বিচৰণ কৰা বুলি খোজৰ চিহ্ন প্ৰত্যক্ষ কৰি নিশ্চিত হয় স্থানীয় লোক । উক্ত অঞ্চলকেইটাতো বাঘটোক লৈ সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । আনহাতে, দেওবাৰে পুৱা পুঠিমাৰী অঞ্চলৰ আব্দুল ৰেজ্জাক নামৰ আন এজন লোককো আক্ৰমণ কৰি আহত কৰে বাঘটোৱে । সম্প্ৰতি বাঘৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ আছে চাৰিজনকৈ লোক । অৱশ্যে বাঘৰ আক্ৰমণত আহত চাৰিওজন লোকেই বিভাগীয় নিয়ম অনুসৰি এককালীন সাহায্য লাভ কৰিব বুলি ই টিভি ভাৰতক জনাই নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া জয়ন্ত ডেকাই ।

বন বিভাগৰ ভূমিকা

বিগত প্ৰায় দুসপ্তাহে জুৰীয়াৰ জেঙনি, জৰামাৰী, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত আতংকৰ সৃষ্টি কৰা বাঘটোক ট্ৰেংকুলাইজ অথবা বনাঞ্চললৈ খেদি পঠিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে নগাঁও বন বিভাগে । বিচৰণ কৰি থকা ঢেকীয়াপতীয়াটোক পিঞ্জৰাবদ্ধ কৰিবলৈ অঞ্চলটোত দুটাকৈ পিঞ্জৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে । ইয়াৰ উপৰি বাঘটোক ট্ৰেংকুলাইজ কৰাৰ উদ্দেশ্যে গুৱাহাটী চিৰিয়াখানাৰ এটি বিশেষজ্ঞ চিকিৎসকৰ দলকো অঞ্চলটোত মজুত ৰখা বুলি জনাইছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া জয়ন্ত ডেকাই ।

কিন্তু দুসপ্তাহেও কোনো এটা পদক্ষেপত সফল হ’ব পৰা নাই বন বিভাগ । অৱশ্যে বাঘটোৰ প্ৰতিমুহূৰ্তৰ গতিবিধি উন্নত কেমেৰাৰ সহায়ত নিৰীক্ষণতো ৰাখিছে বন বিভাগে ।

বন বিভাগৰ ব্যৰ্থতাৰ কাৰণ

ঢেকীয়াপতীয়াটোৱে বিগত দুসপ্তাহে জুৰীয়াৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ নিদ্ৰাহৰণ কৰাৰ পাচতো ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱা বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । এইক্ষেত্ৰত বাঘে বিচৰণ কৰা এলেকাত ৰাইজে কৰা অভাৱনীয় ভিৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত বন বিভাগৰ লোকো অসুবিধাৰ সন্মুখীন হোৱা বুলি ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত উল্লেখ কৰে বন্যপ্ৰাণী সংমণ্ডল বিষয়া জয়ন্ত ডেকাই । এইক্ষেত্ৰত বাঘটোক খেদি পঠিওৱা অথবা ট্ৰেংকুলাইজ কৰাত ৰাইজৰ সহায়-সহযোগ বিচাৰিছে বন বিষয়াগৰাকীয়ে ।

জনাঞ্চললৈ ক’ৰ পৰা আহিল বনৰজা

সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাওখোৱা, বুঢ়াচাপৰি, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাৰ সময়ত জুৰীয়াৰ জনাঞ্চলত আতংকৰ সৃষ্টি কৰা বাঘটো ক’ৰ পৰা আহিছে তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ । প্ৰকৃততে প্ৰকাণ্ড আকৃতিৰ ঢেকীয়াপতীয়াটো লাওখোৱা অথবা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰাই ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ।

জনাঞ্চলত বনৰজাৰ বিলৈ

লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখন বানৰ কবলত পৰাৰ সময়তেই বনাঞ্চল এৰি ওলাই অহা বনৰজাৰো যেন বিলৈ-বিপত্তিৰ সীমা নোহোৱা হৈছে । চৌদিশে মানুহৰ হুলস্থুলীয় পৰিৱেশৰ মাজত যেন আবদ্ধ হৈ দিকিবিদিক হেৰুৱাইছে বনৰজাই । যাৰ বাবে এতিয়া মৰাপাট খেতিত আশ্ৰয় ল'বলগীয়া হৈছে বনৰজাই । আনহাতে, জুৰীয়াৰ বলিকটীয়াৰ এক মৰাপাট খেতিত বনৰজাই বিশ্ৰাম লোৱাৰ এক্সক্লুছিভ আলোকচিত্ৰও আহি পৰিছে ই টিভি ভাৰতৰ হাতত ।

কিন্তু এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এটাই প্ৰশ্ন । কেতিয়া বনাঞ্চললৈ খেদি পঠিওৱা হ’ব ঢেকীয়াপতীয়াটোক ? কেতিয়া আতংকমুক্ত হ’ব গঞা ?

লগতে পঢ়ক :দহদিনে বাঘৰ আতংকত দিন কটাইছে জুৰীয়া-ধিঙৰ ৰাইজে; বাঘটোক খেদিব পৰা নাই বন বিভাগে - Tiger scare in Nagaon
লগতে পঢ়ক :চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী - Tiger Terror In Dibrugarh

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.