ETV Bharat / state

স্ব-নিৰ্ভৰ নাৰী আঁচনিত কোনে কোনে কৰিব পাৰিব আবেদন... - Swanirbhar Nari Asaam

Swanirbhar Nari Asaam: হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে নাম পঞ্জীয়নভুক্ত কৰিব বিচাৰিছে নেকি ? এই আঁচনিৰ জৰিয়তে কোনে পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম জানি লওক...

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:29 PM IST

Swanirbhar Nari Asaam
স্ব-নিৰ্ভৰ নাৰী আঁচনিত কোনে কোনে কৰিব পাৰিব আবেদন (ETV BHARAT ASSAM)

গুৱাহাটী, ৮ জুলাই: অৰ্থনৈতিকভাৱে দুৰ্বল নাৰীক সামান্য সকাহ প্ৰদানৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত স্ব-নিৰ্ভৰ নাৰী আঁচনিখন ৰূপায়ণ কৰা হয় । অসম স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ আঁচনিৰ মূল উদ্দেশ্য হৈছে, ৰাজ্যৰ বঞ্চিত মহিলাসকলক কৰ্মসংস্থাপন প্ৰদান কৰা ৷ ইয়াৰ জৰিয়তে তেওঁলোকে আত্মসংস্থাপনৰ দিশত এখোজ আগুৱাই যাব পাৰে আৰু লগতে আন কাৰো ওপৰত নিৰ্ভৰ নকৰিব ।

স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ পঞ্জীয়নৰ তাৰিখ আৰু কোনে কোনে কৰিব পাৰিব আবেদন:

স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ পঞ্জীয়ন এক জুলাইৰ পৰা আৰম্ভ কৰা হৈছে আৰু ৩১ জুলাইলৈ এই পঞ্জীয়ন চলি থাকিব ।

  • যিসকল ব্যৱসায়ীয়ে স্ব-নিৰ্ভৰ নাৰীৰ আঁচনিৰ জৰিয়তে পঞ্জীয়ন কৰিব তেওঁলোকে এই আঁচনিত উপলব্ধ হস্ততাঁত উৎপাদিত বস্ত্ৰ ক্ৰয় কৰিব পাৰিব । শিপিনীসকলৰ পৰা বিভাগে যি মূল্যত বস্ত্ৰ ক্ৰয় কৰে সেই মূল্যতে ব্যৱসায়ীসকলে ক্ৰয় কৰিব পাৰিব ।
  • যিসকল উদ্যোগীয়ে পঞ্জীয়ন কৰিব তেওঁলোকে হস্ততাত বস্ত্ৰ বিভাগে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিত অগ্ৰাধিকাৰ পাব ।
  • স্ব-নিৰ্ভৰ নাৰী আঁচনিত পঞ্জীয়ন কৰিবলৈ জি এছ টি পঞ্জীয়ন প্ৰমাণ পত্ৰ, পান কাৰ্ড নম্বৰ, উদ্যম পঞ্জীয়ন নম্বৰ আৰু অন্যান্য আনুসাংগিক নথিৰ প্ৰয়োজন হ'ব । পঞ্জীয়ন কৰিব বিচৰাসকলে swanirbharnaari.assam.gov.in ৱেবচাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব ।

উল্লেখ্য যে, হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ এক অভিলাসী আঁচনি হৈছে স্ব-নিৰ্ভৰ নাৰী । ২০২২-২৩ বৰ্ষত আৰম্ভ হোৱা স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৫,৫৪,৮৯২ গৰাকী শিপিনীৰ নাম পঞ্জীয়ন কৰা হৈছিল । পঞ্জীয়নভুক্ত শিপিনীসকলৰ পৰা ৩১ বিধ পৰম্পৰাগত মান্য বস্ত্ৰ ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল । ১৯ কোটিৰো অধিক টকাৰ বস্ত্ৰ ইতিমধ্যে ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে বিভাগে ।

লগতে পঢ়ক: Swanirbhar Nari scheme: হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

লগতে পঢ়ক: Swanirbhar Nari scheme : হস্ততাঁত বস্ত্ৰ শিল্প উদ্যোগৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.