ETV Bharat / state

লোকচক্ষুৰ পৰা আঁতৰি 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ! - Sumi Tarkik latest news

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 3:54 PM IST

Sumi Bora and Tarkik Bora : বিগত 7 দিন ধৰি তাৰ্কিক বৰা আৰু তেওঁৰ পত্নী চুমী বৰাই ক’ত আত্মগোপন কৰি আছিল । তাকে লৈ এতিয়া উঠিছে নানা প্ৰশ্ন ৷ মেঘালয়, গুৱাহাটী, ডিব্ৰুগড় নে আন ক’ৰবাত লুকাই আছিল চুমী-তাৰ্কিক ?

STF trap Sumi and Tarkik
বিগত 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ? (ETV Bharat Assam)

যোৰহাট, 12 ছেপ্টেম্বৰ : বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল যে চুমী বৰা আৰু তাৰ্কিক বৰাই প্ৰথমতে মেঘালয় আৰু তাৰ পিছত বিহাৰ, নেপাল আদিত আত্মগোপন কৰি আছিল ৷

কিন্তু সেয়া সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হ'ল ৷ কাৰণ ইতিমধ্যে এই কথা পোহৰলৈ আহিছে যে চুমী আৰু তাৰ্কিকে আত্মগোপন কৰি আছিল যোৰহাটত ৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰে হোৱা কথা বতৰাত এই কথা চুমীয়ে নিজেই স্বীকাৰ কৰিছে ৷ তাৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীৰ STF এ ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰে ৷

বুধবাৰে কোনো অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমযোগে এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছিল চুমী বৰাই ৷ চুমীয়ে কৈছিল, ‘‘আজি মই নিশা ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিম ৷’’

কিন্তু নিশা ডিব্ৰুগড় সদৰ থানালৈ নাহিল দুয়ো অভিযুক্ত ৷ পুৱতি নিশা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে X যোগে চুমী আৰু তাৰ্কিকক STF দলে গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পাচতে এতিয়া বিগত 10 টা দিনে চুমী বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি থকা স্থানক লৈ চলিছে চৰ্চা ৷

লগতে পঢ়ক : এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik

যোৰহাট কাছগড়ালত থকা তাৰ্কিক বৰাৰ পিতৃগৃহত চুমী আৰু তাৰ্কিকে বিগত 7 দিন ধৰি আত্মগোপন কৰি আছিল, এই কথা প্ৰকাশ কৰিছিল খোদ চুমী বৰাই ৷ উক্ত স্থানৰ পৰাই বিশেষ ব্যক্তিৰ তৎপৰতাত তেওঁলোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে ডিব্ৰুগড়লৈ ওলাই গৈছিল ৷ কিন্তু যোৰহাট কাছগড়ালত চুমী বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰা নাই বুলি মন্তব্য কৰিছে তেওঁলোকৰ আত্মীয়ই ৷

  • তাৰ্কিক বৰাৰ আত্মীয়ৰ ভাষ্য :

‘‘এমাহ আগত ইয়ালৈ তাৰ্কিক আহিল ৷ আইতাকৰ গা বেয়া ৷ সেয়ে আইতাকক নিবলৈ আহিছিল আৰু আমাক খোৱা বস্তু দিবলৈ আহিছিল সি ৷ চুমী বৰাই একেবাৰে মিছা কথা কৈছে ৷ আমি যদি মিছা কথা কৈছো গাঁৱৰ মানুহে ক’ব ৷ কিয়নো এহাল মানুহ এঘৰত থাকিলে গাঁৱৰ কোনোবা নহয় কোনোবাইতো দেখিব ৷ ইয়াতো যদি বিশ্বাস হোৱা নাই তেন্তে আজিকালি বহু বৈজ্ঞানিক পদ্ধতি আছে, সকলো পৰীক্ষা কৰক ৷ যদি এহাল মানুহ এঘৰত থাকে, তেন্তে ভৰিৰ চাপ, হাতৰ চাপ আদি পাব ৷ বিয়াৰ পাচৰ পৰাই ইয়ালৈ চুমী বৰা অহা নাই ৷ বাহী বিয়াৰ দিনাই চুমী বৰা এই ঘৰৰ পৰা ওলাই গৈছে আৰু অহা নাই ৷ কিন্তু তাৰ্কিক আহি থাকে ৷’’

লগতে পঢ়ক : এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

  • ট্ৰেডিং সন্দৰ্ভত তাৰ্কিকৰ আত্মীয়ৰ মন্তব্য :

‘‘আমি গাঁৱলীয়া অশিক্ষিত মানুহ ৷ লিখা-পঢ়া নজনা মানুহ ৷ বেংকলৈ গ’লে সাধাৰণ ইংৰাজীত ফৰ্ম এখন দিলেই সেই ফৰ্মখন পুৰাবলৈ অসুবিধা হয় ৷ আনৰ সহায় ল’ব লগা হয় ৷ এনেকুৱা এহাল মানুহে বাৰু কেনেকৈ জানিম চুমী-তাৰ্কিকে ক’ত, কেনেকৈ কি কাম কৰি আছে ৷’’

  • তাৰ্কিক বৰা সন্দৰ্ভত আত্মীয়গৰাকীয়ে কয় :

‘‘তাৰ্কিক বহুত ভাল ল’ৰা ৷ সি বহুত শান্ত, ভদ্ৰ,নম্ৰ আৰু অমায়িক ল’ৰা ৷ সি ঘৰত থাকিলেও ওচৰলৈ গৈ চাব লগা হয় ৷ সি ইমানেই শান্ত প্ৰকৃতিৰ ল’ৰা ৷ পঢ়া-শুনা, ব্যৱহাৰ পাতিৰ পৰা আদি কৰি তপন (তাৰ্কিক) আৰু চুমন (অম্লান) দুইটাই বহু ভাল ল’ৰা ৷ তাহাত দুয়োটাৰ মাক-দেউতাকো বহু ভাল, সেয়ে ল’ৰা কেইটাও বহু ভাল ৷ কিন্তু এই পৰিস্থিতি কেনেকৈ আহিল, সেই বিষয়েটো আমি একো নাজানো ৷’’

প্ৰকৃততে কোন সঁচা, কোন মিছা ? তাৰ্কিক বৰাৰ আত্মীয়ই মিছা মাতিছে নেকি ? নে কোনো নতুন ৰণকৌশল প্ৰস্তুত কৰিছে তাৰ্কিক বৰা আৰু তেওঁৰ পত্নী চুমী বৰাই !

লগতে পঢ়ক : চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

শেহতীয়া খবৰ অনুসৰি, চৰ্চালৈ অহা চুমী আৰু তাৰ্কিকে আত্মগোপন কৰি থকা বাসগৃহটো সন্দৰ্ভত আত্মীয়ক শীঘ্ৰে সোধ-পোছ কৰিব আৰক্ষীয়ে ৷ সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে । কাৰণ অনলাইন টেড্ৰিং কেলেংকাৰীত চুমী আৰু তাৰ্কিকৰ নাম জড়িত হৈ পৰা পিছতেই দুয়ো আত্মগোপন কৰিছিল ।

ইতিমধ্যে উক্ত কেলেংকাৰীত জড়িত মূল অভিযুক্ত তথা চুমী বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকন বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ।

লগতে পঢ়ক : একেবাৰে সাধাৰণ এজনী ছোৱালী আছিল চুমী ! শিক্ষাগুৰুৰ দৃষ্টিত বিতৰ্কিত চুমী বৰা - Sumi Borah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.