ETV Bharat / state

সোনাই ৰূপাই বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰত কেতিয়াৰ পৰা আৰম্ভ হৈছিল বেদখল ? - NGT SEEKS ASSAM GOVTS RESPONSE - NGT SEEKS ASSAM GOVTS RESPONSE

Encroachment in Sonai Rupai Wildlife Sanctuary : বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাৱে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ, বিদ্যালয় স্থাপন কৰাক লৈ বন বিভাগত সৃষ্টি হৈছে উদ্বেগজনিত পৰিস্থিতি ৷ অহা চাৰি সপ্তাহৰ ভিতৰত অসম চৰকাৰৰ মুখ্য সচিবক 6 জুলাইত এই বিষয়ে সবিশেষ তথ্য তথা শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সেউজ ন্যায়াধীকৰণে ৷ অৱশ্যে কেতিয়াৰ পৰা আৰম্ভ হৈছে এই বেদখল ?

Sonai Rupai Wildlife Sanctuary
সোনাই ৰূপাই বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰত বেদখল (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:54 AM IST

তেজপুৰ, 11 মে' : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ তৰফৰ পৰা অহা চাৰি সপ্তাহৰ ভিতৰত অসম চৰকাৰৰ মুখ্য সচিবক সোনাই ৰূপাই চাৰিদুৱাৰ বন্য প্ৰাণী সংৰক্ষণ ক্ষেত্ৰৰ বিষয়ে সবিশেষ তথ্য তথা শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । কিন্তু কিয় ? হঠাৎ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ তৰফৰ পৰা এনে নিৰ্দেশনা কিয় আহিল অসম চৰকাৰলৈ ।

কেতিয়াৰ পৰা আৰম্ভ হৈছে বেদখল :

অভয়াৰণ্য এখন দৰাচলতে জীৱ-জন্তুৰ পৰিভ্ৰমণ বা সংস্থাপন কৰিবলৈ সংৰক্ষণ কৰা হয়, কিন্তু এই সোনাই ৰূপাই বা চাৰিদুৱাৰ সংৰক্ষণ এলেকাত কথাটো অলপ সুকীয়া হৈ পৰিছে । ইয়াত জীৱ-জন্তুৰ পৰিৱৰ্তে মানৱ বসতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷

Sonai Rupai Wildlife Sanctuary
সোনাই ৰূপাই বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰত বেদখল (Etv bharat assam)

বিগত 2000 চনৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ল বিদ্যালয়, বাসস্থান, ভোটগ্ৰহণ কেন্দ্ৰ ,জলসিঞ্চন প্ৰকল্প আৰু ব্যক্তিগত চাহ বাগিচা আদিৰ । অসম চৰকাৰে বিগত বৰ্ষত বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি হস্তান্তৰ আৰু পট্টা প্ৰদান কৰিছে বুলিও জানিব পৰা গৈছে ।

Sonai Rupai Wildlife Sanctuary
সোনাই ৰূপাই বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ মেপ (Etv bharat assam)

কিন্তু এই অভয়াৰণ্যখনৰ বিষয়ে বহুতে চৰকাৰী ৱিকিপিডিয়া বা বেছি সময়ত সংবাদ মাধ্যমৰ যোগেদিহে জানিবলৈ সক্ষম হয় । এনে বহুবোৰ কাৰণৰ ফলত শোণিতপুৰ জিলাত হস্তী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে । সোণাই ৰূপাইৰ 220 বৰ্গ কিলোমিটাৰ সংৰক্ষিত এলেকাৰ ভিতৰত প্ৰায় আধা অংশ অবৈধ বসতিপ্ৰধান লোকৰ দখলত আছে । ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি তেওঁলোকৰ সংখ্যা কমেও 12 হাজাৰ ।

এসময়ত এশিঙীয়া গঁড়, নাহৰফুটুকী আৰু বাঘৰ খেলপথাৰ আছিল এই অৰণ্য আৰু সিপাৰে ঘাঁহনিৰ ঠাইত অৰুণাচল প্ৰদেশৰ পাহাৰৰ সৌন্দৰ্য । আশীৰ দশকত বড়োসকলৰ কিছু ৰাজনৈতিক প্ৰব্ৰজন হৈছিল যদিও 1990 চনত বনাঞ্চলৰ আৱৰণ তেতিয়াও 97 শতাংশ আছিল । 2001 চনৰ পৰা 2005 চনৰ ভিতৰত ইয়াৰ 35 শতাংশ ভূমি বেদখলত পৰিছিল । আটাইতকৈ বেছি আগ্ৰাসন হৈছিল ঢেকীয়াজুলি সমষ্টিৰ বটাছিপুৰ আৰু গেলাইৰ অঞ্চলত ।

অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দিয়া শপতনামাত উল্লেখ আছে যে, অভয়াৰণ্যখনত সেই সময়ত চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্ট মুঠ 24072 হেক্টৰ চৰকাৰী নটিফিকেচন নম্বৰ 5 ৰ দ্বাৰা 17/10/1878 চনত আছিল আৰু বালিপৰা সংৰক্ষিত অঞ্চলত 27/10/1878 চনৰ মতে 18972 হেক্টৰ এলেকা চৰকাৰী নটিফিকেচন অনুসৰি আছিল আৰু চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ এটা অংশ 22000 হেক্টৰ এলেকা সোনাই ৰূপাই সামৰি শোণিতপুৰৰ জিলা প্ৰশাসনৰ অধীনত আছিল ।

উল্লেখ্য যে, 22/10/1998 চনৰ চৰকাৰী নটিফিকেচন নম্বৰ 172 অনুসৰি 2006 চনৰ 22 জুলাইত পশ্চিম অসম বন্যপ্ৰাণী ডিভিজনৰ অধীনলৈ হস্তান্তৰ কৰা হয় আৰু সেই সময়তে সোনাই ৰূপাই অভয়াৰণ্যৰ 85 বৰ্গ কিলোমিটাৰ অংশ বেদখলৰ কবলত পৰে । মন কৰিবলগীয়া যে, মাত্ৰ এটা বিশেষ দিনৰ ভিতৰতে এই অঞ্চলত সৰ্বাধিক মাটি বেদখলৰ হাতলৈ যায় ।

বৰ্তমান এই অঞ্চলত মুঠ 38 খন বিদ্যালয় আৰু 5 কিলোমিটাৰ পকী পথ, ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে চাৰিদুৱাৰ অঞ্চলত এটা জলসিঞ্চন প্ৰকল্পও স্থাপন কৰা হয় । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ শপতনামা দাখিল কৰিবলৈ দিয়াৰ পাচত শোণিতপুৰৰ বন বিভাগৰ দলে ঢেকীয়াজুলি আৰু সোনাই ৰূপাই অঞ্চলত জৰীপ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক: অসমৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ - National Green Tribunal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.