ETV Bharat / state

কি কি সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হ’ল মুখ্যমন্ত্ৰী সচিবালয়ৰ মিনি সংস্কৰণক ? - Assam govt Dibrugarh Secretariat

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 3:00 PM IST

Assam CM Secretariat : ডিব্ৰুগড়ত অসম সচিবালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু কিয় নিৰ্মাণ কৰিবলগা হ'ল ডিব্ৰুগড় সচিবালয়ত ? কি কি থাকিব ডিব্ৰুগড় সচিবালয়ত ? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে জানো আহক ।

Dibrugarh Secretariat
অসম সচিবালয়ৰ ডিব্ৰুগড় সংস্কৰণত কি কি থাকিব ? (ETV Bharat Assam)

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ কাম-কাজ খৰতকীয়া কৰাৰ বাবে ডিব্ৰুগড়ত শুকুৰবাৰে মুকলি হৈছে নতুন সচিবালয় । ডিব্ৰুগড়ৰ মাইজানত থকা জলসম্পদ বিভাগৰ অতিথিশালাটো অসম সচিবালয় হিচাপে নিৰ্মাণ কৰি উলিওৱা হৈছে । যোৱা বৰ্ষত ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত আছিল ৰাজ্য চৰকাৰৰ কাম-কাজ অধিক গতিশীল কৰিবলৈ ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰিব মিনি সচিবালয় । সেই সিদ্ধান্তই শুকুৰবাৰে বাস্তৱ ৰূপ পালে ।

উজনি অসমৰ ৯ খন জিলাৰ কাম-কাজ দ্ৰুত গতিত কৰি তোলাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰম্ভ কৰা হৈছে । যিটো উজনি অসমৰ ৰাইজৰ বাবে ভাল খবৰ হিচাপে বিবেচিত হৈছে । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ ইয়াৰ পৰা পৰিচালনা কৰা হ'ব । কোনো লোকে এতিয়াৰে পৰা সচিবালয়ৰ কাম-কাজৰ বাবে সময আৰু ধন খৰচ কৰি গুৱাহাটীলৈ ঢাপলি মেলিব নালাগে ।

চৰকাৰে প্ৰশাসনৰ কাম-কাজ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণ কৰা হৈছে । এই সচিবালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্য সচিব, উপ-সচিবৰ সুকীয়া কাৰ্যালয়, কনফাৰেন্স হল, ভিডিঅ' কনফাৰেন্স আদি সকলো সুবিধা উপলব্ধ আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লগত লৈ আনুষ্ঠানিকভাৱে ডিব্ৰুগড় সচিবালয় মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, ডিব্ৰুগড় সচিবালয়ত উপস্থিত থকা সময়ছোৱাত এটা দিনত তিনিঘণ্টা সময় কেৱল এটা বিধানসভা সমষ্টিৰ বাবে দিব মুখ্যমন্ত্ৰীয়ে । জিলা আয়ুক্ত, চক্ৰ বিষয়া, বি ডি অ', ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিধায়কক লৈ তিনিঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে বিষয়বোৰ সম্পন্ন কৰিব । মুখ্যমন্ত্ৰীৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্য সচিব, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী বিমল বৰা, সাংসদ ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱাৰ লগতে বহুকেইজন বিধায়ক ।

সচিবালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ৰাজ্য চৰকাৰৰ অনুষ্ঠান যাতে ডিব্ৰুগড়ৰ পৰা কৰিব পাৰি তাৰ বাবে ১০০০ আসন থকা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব । ডিব্ৰুগড়ৰ পৰাই ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় কাম-কাজ চলোৱাৰ ব্যৱস্থা কৰা হ'ব । বৰাক উপত্যকাত মিনি ছেক্ৰেটেৰিয়েট আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণৰ পাচতে অসমৰ প্ৰশাসনিক কাম-কাজ ৰাইজৰ ওচৰলৈ লৈ যাবলৈ পাৰিম ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । ডিব্ৰুগড়ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী চাৰি দিন থাকিব । লাহে লাহে ডিব্ৰুগড়ৰ কাৰ্যালয়ত মন্ত্ৰীসকলৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব ।"

কিয় নিৰ্মাণ কৰা হ'ল ডিব্ৰুগড়ত সচিবালয়

ডিব্ৰুগড়ৰ মাইজানত থকা পূৰ্বৰ জলসম্পদ বিভাগৰ অতিথিশালাটো উন্নীতকৰণ কৰি নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ সচিবালয় । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ ইয়াৰ পৰা সম্পাদন কৰা হ'ব । এই জিলাসমূহৰ সকলো প্ৰশাসনিক কাম এই কাৰ্যালয়ৰ পৰায়ে কৰা কৰা হ'ব । মুখ্যমন্ত্রীয়ে প্ৰতিখন জিলাৰ সমষ্টিৰ পৰা পঞ্চায়তলৈকে কাম নিৰীক্ষণ কৰিব ।

কি কি কাৰ্যালয় আছে ডিব্ৰুগড়ৰ সচিবালয়ত

প্ৰথম মহলাত আছে :

  • মুখ্যমন্ত্ৰীৰ কাৰ্যালয়
  • মুখ্য সচিবৰ কাৰ্যালয়
  • ব্যক্তিগত মুখ্য সচিবৰ কাৰ্যালয়
  • কনফাৰেন্স ৰুম
  • ভিডিঅ' কনফাৰেন্স ৰুম
  • ভি আই পি কোঠা
  • ভি ভি আই পিৰ বিশেষ কোঠা

তলৰ মহলাত আছে :

  • যুটীয়া সচিবৰ কাৰ্যালয়
  • উপ-সচিবৰ কাৰ্যালয়
  • শাখা বিষয়াৰ কাৰ্যালয়
  • শাখা কাৰ্যালয়
  • আদৰণী কক্ষ
  • অতিথি কক্ষ

কোন কোন বিষয়া থাকিব ডিব্ৰুগড়ৰ সচিবালয়ত :

  • মুখ্যমন্ত্ৰীৰ যুটীয়া সচিব ১২ গৰাকী (Joint Secretary to the Chief Minister)
  • উপ-সচিব আৰু অবৰ সচিব ১৩ গৰাকী (Deputy Secretary/Under Secretary)
  • গ্ৰেড ১ ষ্টেনোগ্ৰাফাৰ ১৪ গৰাকী (Stenographer, Grade 1)
  • শাখা বিষয়া ১৫ গৰাকী (Branch Officer15)
  • কনিষ্ঠ সহায়ক (কম্পিউটাৰ) ২৬ গৰাকী (Junior Assistant, Computer)
  • মাল্টি টাস্কিং ষ্টাফ ৫ গৰাকী (Multi-tasking staff)

উল্লেখ্য যে ডিব্ৰুগড় সচিবালয়ত সুন্দৰকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । সাধাৰণ ৰাইজৰ বাবে ৪০ খন বাহন আৰু কৰ্মচাৰীৰ বাবে ৮০ খন বাহন ৰখাৰ ব্যৱস্থা কৰা হৈছে । এনেদৰে সু-পৰিকল্পিতভাৱে নিৰ্মাণ কৰা ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে উজনিৰ ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক :উজনিলৈ উপহাৰ; দিছপুৰৰ পিছত এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ - New secretariat in Dibrugarh
লগতে পঢ়ক :বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সাত বছৰ পিচত কটনে লাভ কৰিলে NAAC ৰ A গ্ৰেড - Cotton University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.