মৰাণ: সোণালী সূতা উৎপাদনকাৰী অসমৰ মুগা একচেতীয়া সম্পদ। মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি পাইছে । শেহতীয়াকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ৰশিল্পৰ উদ্যোগ স্থাপন কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । উদ্যমী মহিলা সকলক বস্ত্ৰ শিল্পত জড়িত কৰি আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । ইয়াৰ ফলস্বৰূপে ৰাজ্যত আৰম্ভ হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ ।
ইয়াৰ মাজতেই দেওবাৰে মৰাণত উপস্থিত হৈ বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মৰাণত নতুনকৈ আৰম্ভ হোৱা প্ৰভা টেক্সটাইল নামৰ বস্ত্ৰশিল্প উদ্যোগ পৰিদৰ্শন কৰে । বস্ত্ৰশিল্পৰ উদ্যোগত কেনেকৈ স্থানীয় শিল্পী সকলক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে তাৰো বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য় যে মৰাণৰ জ্যোতিপুৰৰ শৈলেন্দ্ৰ ৰাজখোৱা নামৰ যুৱকজনে স্থানীয় শিপিনী সকলক লৈ আৰম্ভ কৰিছে এই বস্ত্ৰশিল্প উদ্যোগটো । এই উদ্যোগত উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে আৰম্ভ কৰিছে । উজনি অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ উদ্যোগীগৰাকীৰ বস্ত্ৰ উদ্যোগ পৰিদৰ্শন কৰি উদ্যোগটোৰ লগত জড়িত সকলক উৎসাহিত কৰে ।
পাট সূতাত কিমান ৰাজ সাহাৰ্য প্ৰদান কৰিব চৰকাৰে ?
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শিপিনীসকলৰ বস্ত্ৰ শিল্পক সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে । অসমত যিহেতু পাট সূতা পৰ্যাপ্ত পৰিমানে উৎপাদিত নহয়,গতিকে ৰাজ সাহাৰ্য প্ৰদান কৰি প্ৰতিগৰাকী শিপিনীয়ে যাতে পাটৰ সূতা ১৫ৰ পৰা ২০ % ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় বজাৰত যাতে গ্ৰাম্য অঞ্চলৰ শিপিনী সকলৰ উৎপাদিত বস্ত্ৰ বিক্ৰী কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছে ।"
বস্ত্ৰ শিল্পৰ ক্ষেত্ৰখনত কাৰিকৰী দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়," ইতিমধ্যে কাজিৰঙাত বস্ত্ৰ শিল্পৰ কাৰিকৰী দক্ষতা বিকাশৰ কাম চলি আছে । শতাধিক শিপিনীক বস্ত্ৰ শিল্পৰ কাৰিকৰী কৌশল শিকাই থকা হৈছে ।"