ETV Bharat / state

কেইদিনমানলৈ চাটি-ফুটি কৰিব নালাগে গৰমত; বিজুলী-ঢেৰেকনিৰে আহিব বৰষা - Weather forecast - WEATHER FORECAST

Rain in Assam: কেইদিনমানৰ বাবে উৎকট গৰমৰ পৰা ৰক্ষা পাব ৰাজ্যবাসীয়ে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুসৰি অহা তিনি-চাৰিদিনলৈ ৰাজ্যত হ’ব বৃষ্টিপাত ৷ ধুমুহা-বজ্ৰপাতৰো সম্ভাৱনা ৷

Rain in Assam
WEATHER FORECAST (Representational Image)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 5:33 PM IST

গুৱাহাটী, ২০ মে': অৱশেষত ৰাজ্যবাসীৰ গা শীতল পেলাবলৈ আহিল বৰষা ৷ যোৱা কেইদিনত তাপমান যথেষ্ট বৃদ্ধি পোৱাত গৰমত চাটি-ফুটি কৰিবলগীয়া হৈছিল সকলোৱে ৷ গৰমৰ পৰা পৰিত্ৰাণৰ বিচাৰি সকলোৱে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰা দেখা গৈছিল ৷ কিন্তু দেওবাৰে বিয়লিৰ পৰা যেন কিছু সকাহ লাভ কৰিছে ৰাইজে ৷ দেওবাৰে অহা বৰষুণজাকৰ পিচৰ পৰাই কিছু হ্ৰাস পাইছে তাপমান ৷

Rain in Assam
বতৰৰ আগলি বতৰা (RMC Borjhar)

বিজুলী-ঢেৰেকণিৰে আহিব বৰষুণ: বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা‌ মতে অহা তিনি-চাৰিদিনলৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অব্যাহত থাকিব বৃষ্টিপাত । কোনো কোনো অঞ্চলত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকনিৰে বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।

বৰষুণৰ লগতে আহিব পাৰে ধুমুহা, বজ্ৰপাতৰো আশংকা: গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, উত্তৰ-পূব অসম আৰু পার্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলৰ ১.৫-২.৫ কিলোমিটাৰ ওপৰত ঘূর্ণী বতাহ বিৰাজমান । ইয়াৰ ফলত অহা ২২ মে’ লৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব । কোনো কোনো অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে । অঞ্চল বিশেষে অহা ৪৮ ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ বলাৰ লগতে বিজুলী-ঢেৰেকনি আৰু বজ্রপাতো হ’ব পাৰে ।

Rain in Assam
বতৰৰ বতৰা (RMC Borjhar)

লগতে পঢ়ক: ধুমুহা-বৰষুণৰ তাণ্ডৱ : ঠায়ে ঠায়ে উভালি পৰিল গছ-বিদ্যুতৰ খুঁটা - heavy storm in Nalbari

২৪ ঘন্টাত ৰাজ্যৰ বিভিন্ন অঞ্চলত হোৱা বৰষুণৰ পৰিমাণ: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা ২৪ ঘন্টাত ৰাজ্যৰ বিভিন্ন অঞ্চলত হোৱা বৰষুণৰ পৰিমাণ আছিল – মানাহ ৭০ মিঃ মিঃ, গোৱালপাৰা ৫০ মিঃ মিঃ, গহপুৰ ৫০ মিঃ মিঃ, বৰপেটাত ৩০ মিঃ মিঃ, শিলচৰ ৩০ মিঃ মিঃ, নলবাৰী ৪০ মিঃ মিঃ, কাছাৰ ৪ মিঃ মিঃ, ধুবুৰী ৮ মিঃ মিঃ দুধনৈ ৩০ মিঃ মিঃ, গুৱাহাটীৰ চানমাৰী ৩০ মিঃ মিঃ, গোলাঘাট ৩০ মিঃ মিঃ, যোৰহাট ৬ মিঃ মিঃ, লামডিং ৬ মিঃ মিঃ, মঙলদৈ ২.৫ মিঃ মিঃ আৰু নগাঁও ১মিঃ মিঃ।

ৰাজ্যৰ কেইটামান অঞ্চলৰ তাপমান: আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ৰাজ্যৰ কেইখনমান চহৰত সোমবাৰৰ দিনটোত সর্বোচ্চ তাপমান হৈছে এনেধৰণৰ- গুৱাহাটী ৩৩ ডিগ্রী চেলছিয়াছ, ডিব্ৰুগড় ৩৩ ডিগ্ৰী চেলছিয়াছ, গোলাঘাট ৩০.২ ডিগ্রী চেলছিয়াছ, যোৰহাট ৩১.৮ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰ ৩৩ ডিগ্রী চেলছিয়াছ, শিলচৰ ৩২ ডিগ্রী চেলছিয়াছ আৰু তেজপুৰ ৩৪.৩ ডিগ্রী চেলছিয়াছ, ধুবুৰী ৩৪ ডিগ্রী চেলছিয়াছ ।

লগতে পঢ়ক: প্ৰচণ্ড গৰমৰ লগত কিদৰে মোকাবিলা কৰিছে মহানগৰবাসীয়ে ? - HEAT WAVE GRIPS Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.