ETV Bharat / state

প্ৰকৃতিৰ ৰুদ্ৰৰূপত পথাৰতে শুকাইছে গাখীৰতী ধান; জলসিঞ্চনৰ অভাৱত ৰাজ্যত কৃষকৰ হাহাকাৰ - Water Crisis In Paddy Field

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Poor irrigation scheme: আহিনত খেতিডৰা সঁজাল ধৰি গেৰ ধৰাৰ সময়ত পথাৰত নাই পানী ৷ কৃষি-জলসিঞ্চন বিভাগৰ আঁচনিও বিফল পানী যোগানত । আকাশলৈ চাই বৰুণ দেৱতাক কৃষকৰ প্ৰাৰ্থনা এজাক বৰষুণৰ বাবে ।

Poor irrigation scheme
পথাৰত নাই পানী (ETV Bharat Assam)

গুৱাহাটী/বজালী, ২৫ ছেপ্টেম্বৰ : এজাক মজলীয়া বৰষুণে ৰাজ্যৰ বিভিন্ন প্ৰান্ত তিয়াই গ’ল যদিও এতিয়াও ৰাজ্যজুৰি গ্ৰীষ্ম প্ৰৱাহ অব্যাহত আছে । দৈনন্দিন জনজীৱন ব্যাহত হোৱাৰ লগতে ৰাজ্যৰ কৃষকৰ জীৱনলৈয়ো প্ৰকৃতিৰ ৰুদ্ৰৰূপে শংকা কঢ়িয়াই আনিছে । কাৰণ প্ৰখৰ ৰ’দ আৰু গ্ৰীষ্ম প্ৰৱাহত হাজাৰ হাজাৰ বিঘা গেৰ ধৰা ধানৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে ৷ পানীৰ অভাৱত শুকাই গৈছে গাখীৰতী ধান ৷ মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষকে ৷ কিন্তু ৰাজ্যত কিমান পৰিমাণৰ পথাৰত পানীৰ অভাৱত চিৰাল ফাঁট দিছে আৰু ধান শুকাই গৈছে এই তথ্য এতিয়ালৈ প্ৰস্তুত কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷

ৰাজ্য়ত শেহতীয়াভাৱে সৃষ্টি হোৱা পৰিস্থিতিৰ পিচতো নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে । উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত ৰাজ্যত বহু অঞ্চলৰ পথাৰত এতিয়া বিঘাই বিঘাই শুকাইছে গাখীৰতী ধান ।

পথাৰত নাই পানী (ETV Bharat Assam)
  • ধোঁৱাচাঙত পৰিণত জলসিঞ্চন ব্যৱস্থা:

পথাৰৰ ধান পথাৰতে শুকাই যোৱাৰ সময়ত ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাই কোনো ধৰণে উপকৃত কৰিব পৰা নাই কৃষকসকলক । উদাহৰণ স্বৰূপে আমি উল্লেখ কৰি খুজিছো নামনি অসমৰ কৃষি প্ৰধান অঞ্চল বজালীৰ বিভিন্ন প্ৰান্তত খেতিপথাৰত চিৰাল ফাট মেলাৰ কথা ।

এটা বৃহৎ অঞ্চলত জলসিঞ্চন ব্যৱস্থাৰ পৰা ৰাইজে কোনোদিনে নাপালে পানী ৷ ধোঁৱাচাঙত জলসিঞ্চন ব্যৱস্থা । বজালীৰ বৃহৎ অঞ্চলত পানীৰ অভাৱত বিঘাই বিঘাই নষ্ট হৈছে খেতি । বজালীৰ হলংবাৰী, কঠালমূৰীঘাট, দিগজিৰাৰ লগতে বিভিন্ন ঠাইত এতিয়া মূৰে-কপালে হাত দিছে খেতিয়কে । উপাৰ্জনৰ একমাত্ৰ সম্বল ধানখেতি এইবাৰ নষ্ট হোৱাত উপায়হীন হৈ পৰিছে খেতিয়কসকল ।

  • ধোঁৱাচাঙত উঠা জলসিঞ্চন ব্যৱস্থাৰ উদাহৰণ:

বজালীৰ কঠালমূৰীঘাটত থকা জলসিঞ্চন ব্যৱস্থা এতিয়া ধোঁৱাচাঙত উঠিছে । ‘‘আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল’’ সদৃশ হৈছে কঠালমূৰীৰ জলসিঞ্চন ব্যৱস্থা । জলসিঞ্চন ব্যৱস্থাৰ পৰা কঠালমূৰীঘাটৰ কৃষক ৰাইজে আজিলৈ এটোপাল পানীও লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

কঠালমূৰীঘাটত বিভাগীয় কৰ্তৃপক্ষই পানী যোগান নধৰাকৈয়ে কৰ্মৰত হৈ আছে । অসম চৰকাৰৰ এনেকুৱা বৃহৎ বিভাগ থকাৰ পিচতো কৃষক ৰাইজে পথাৰত লাভ নকৰিলে পানী । জলসিঞ্চন বিভাগৰ পকী নলাবোৰ এতিয়া হাবি-জংঘলেৰে আৱৰি ৰাখিছে ।

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত ভুক্তভোগী কঠালমূৰিৰ দধীৰাম কলিতা নামৰ কৃষকজনে এই সন্দৰ্ভত কয়, “১০ বিঘা মাটিত ধান খেতি কৰিছিলোঁ । বৰষুণ নোহোৱাৰ ফলত ধানবোৰ শুকাই যাবলৈ ধৰিছে । জলসিঞ্চনৰ পানী যোগানৰ নলাবোৰত এতিয়া গছ-বন গজিবলৈ ধৰিছে । আগতে এবাৰ পানী দিছিল চৰকাৰে ৷ এতিয়া চৰকাৰক এই নলাইদি পানী যোগান ধৰিবলৈ আহ্বান জনাইছো ।”

এই কঠালমূৰিতেই জলসিঞ্চন বিভাগৰ অব্যৱহৃত নলাই সামৰি লোৱা পথাৰত খেতি কৰা আন এজন কৃষক সৌৰভ দাসে এইবাৰ কৰিছিল ২০ বিঘা খেতি ৷ কিন্তু প্ৰখৰ ৰ’দ আৰু পানী নোহোৱাৰ বাবে সৌৰভ দাসে কৰা ২০ বিঘা মাটিৰ ধান খেতি শুকাই গৈছে ৷ এই বিষয়ে উল্লেখ কৰি তেওঁ কয়, “এইবাৰ বৰষুণেই নাই । পথাৰবোৰ শুকাই গৈছে । ২০ বিঘা মাটিত ধান খেতি কৰিছিলো ৷ বাছমতি আৰু শালিধানৰ খেতি কৰিছিলো । ১৫ হাজাৰ মান টকা খৰছো কৰিছিলো । সাৰো দিছিলো ৷ কিন্তু বৰষুণ নিদিয়াৰ ফলত ধানবোৰ শুকাই ৰঙা পৰি গৈছে ৷ জলসিঞ্চন বিভাগৰ পানীৰ নলাবোৰ এনেই বনাই বহু বছৰ ধৰি পেলাই থৈ দিছে ৷ এবাৰো পানী দিয়া নাই ৷ সোনকালেই পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে ।''

অসমত ৯.৫৯ শতাংশ কৃষিভূমিতহে আছে জলসিঞ্চন:

অসম যদিও এখন কৃষিজীৱী প্ৰধান ৰাজ্য, তথাপি ৰাজ্যখনত মুঠ কৃষিভূমিৰ সামান্য অংশ ভূমিহে সামৰি লৈছে জলসিঞ্চন ব্যৱস্থাই । অলপতে অসম বিধানসভাত অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে সদৰী কৰা এক তথ্য অনুসৰি এতিয়ালৈকে অসমৰ ৩৭১৬২৬ হেক্টৰ কৃষিভূমিক জলসিঞ্চনে সামৰি লৈছে (Net Irrigated Land) আৰু ৪৯০৪৪২ হেক্টৰ একাধিকবাৰ খেতি কৰা (Gross Irrigated Land) কৃষিভূমি আছে । অৰ্থাৎ অসমৰ মুঠ কৃষিভূমিৰ ৯.৫৯%হে জলসিঞ্চনে সামৰি লৈছে আৰু ১২.৬৬% কৃষিভূমিত একাধিকবাৰ জলসিঞ্চনৰ ব্যৱস্থাই সামৰি লৈছে ।

অসমৰ মুঠ কৃষিভূমিৰ জলসিঞ্চনৰ এই শতাংশ সমূহ পৰিসংখ্যা হাতপুথি, ২০২৩ ত উল্লেখ থকা ৰাজ্যখনৰ মুঠ ৩৮৭১৬৭৮ হেক্টৰ কৃষিভূমি সাপেক্ষে নির্ধাৰণ কৰা । উল্লেখ্য যে ২০১৬ ৰ ১০ মে'ৰ পূৰ্বে অসমৰ ৩২৪৯০৪ হেক্টৰ ভূমিক পানী যোগান ব্যৱস্থাই সামৰি লৈছিল (Net Irrigated Land ) ৷

আনহাতে, একাধিকবাৰ পানী যোগানেৰে ৪৫৪৮০৯ হেক্টৰ (Gross Irrigated Land) খেতিৰ মাটিক সামৰি লৈছিল । এয়া অসমৰ মুঠ কৃষিভূমিৰ Net Irrigated Land আৰু Gross Irrigated Land সাপেক্ষে ৮% আৰু ১১.২০% আছিল । কৃষিভূমিত জলসিঞ্চনৰ এই শতাংশ সমূহ পৰিসংখ্যা হাতপুথি, ২০১৭ত থকা ৰাজ্য খনৰ মুঠ ৪০৫৯৯৩৪ হেক্টৰ কৃষিভূমি সাপেক্ষে নির্ধাৰিত ।

লগতে পঢ়ক:পানীৰ অভাৱত কঠীয়া সিঁচিব পৰা নাই কৃষকে - Poor irrigation in Tinsukia

ভাদ মাহতো পথাৰত নাই পানী,মূৰে-কঁপালে হাত দিছে কৃষকে - Water Crisis In Paddy Field

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.