ETV Bharat / state

হিমালায়ন গ্ৰিফিন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:13 PM IST

Vulture Conservation Centre in Assam: প্ৰকৃতিৰ জামাদাৰৰূপে খ্যাত শগুনৰ সংখ্য়া হ্ৰাস পাবলৈ ধৰিছে । ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰই শগুনৰ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ভূমিকা ।

Vulture Conservation Centre in Mirza
ৰাণী সংৰক্ষিত বনাঞ্চল

ৰাণী সংৰক্ষিত বনাঞ্চল

মিৰ্জা, ১৪ ফেব্ৰুৱাৰী : প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত দুটাকৈ হিমালায়ন গ্ৰিফিন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় । মহানগৰীৰ সমীপৱৰ্তী ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ চৌহদত কেন্দ্ৰটোৰ পৰিচালক শচীন পি ৰাণাদে আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ উপস্থিতিত হিমালায়ন গ্ৰিফিন প্ৰজাতিৰ দুটাকৈ এই শগুণ ৰাণী সংৰক্ষিত সেউজীয়া বনাঞ্চলত এৰি দিয়া হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য় যে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভিন্ন কাৰণত আঘাতপ্ৰাপ্ত হোৱা বা বেমাৰী গৰু ছাগলী ভক্ষণ কৰি অসুস্থ হোৱা এই শগুণসমূহক কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে লালন পালন কৰি আঠ মাহৰ অন্তত এনেদৰে মুক্ত কৰি দিয়া হয় বনাঞ্চলত । ২০০৭ চনত আৰম্ভ হোৱা ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটোৰ এইবাৰ ১৭ বছৰত পদাৰ্পণ কৰিলে । এতিয়ালৈ মুঠ বগাপিঠিয়া, লাহিধুটীয়া প্ৰজাতিৰ শগুণ পোৱালি কেন্দ্ৰটোত এই বছৰত জন্মা হয় ১৬ টা । ২০০৭ চনৰ পৰা ২০২৪ লৈ এতিয়ালৈকে মুঠ পোৱালি জন্ম হয় ৭৫ টা । এতিয়া এই কেন্দ্ৰটোত সৰু-বৰ শগুণ আছে ১৪১ টা।

উল্লেখ্য় যে প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ক্ৰমাৎ বিলুপ্তি হ'বলৈ ধৰিছে । শগুনে সদায় প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । এই শগুনে মৃত জীৱ-জন্তু ভক্ষন কৰি প্ৰাকৃতিক প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উপৰি মানৱ সমাজৰো উপকাৰ সাধিছে । কিন্তু মানুহৰ অদূৰদৰ্শিতা বা অনান্য কাৰকৰ বাবে বিলুপ্তিৰ দিশলৈ গতি কৰাত চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল ।

লগতে পঢ়ক:চেগুনবাৰী চাহ বাগিচাৰ ফেক্টৰীত পৌৰসভাৰ তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.