ETV Bharat / state

হলৌ বান্দৰক সুৰক্ষা দিবলৈ মাৰ বান্ধি থিয় দিলে অসমৰ এখন দুৰ্গম গাঁৱৰ গঞা - HOLOOCK GIBBON CORRIDOR IN ASSAM

Holoock Gibbons in Assam: এখন দুৰ্গম অসমীয়া গাঁৱে বিলুপ্তপ্ৰায় হলৌ বান্দৰক সুৰক্ষা দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । অনুপ শৰ্মাৰ এক প্ৰতিবেদন-

HOLOOCK GIBBON CORRIDOR IN ASSAM
হলৌ বান্দৰক সুৰক্ষাৰ প্ৰয়াস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2024, 9:34 PM IST

Updated : Oct 10, 2024, 1:57 PM IST

গুৱাহাটী, 9 অক্টোবৰ: বিপন্নপ্ৰায় হলৌ বান্দৰৰ অস্তিত্ব ৰক্ষা কৰাৰ এক অনন্য পদক্ষেপ হিচাপে সোমবাৰে চানডুবি গাঁওবাসীয়ে সাধাৰণতে হলৌ বান্দৰে আশ্ৰয় লোৱা দুখন সংৰক্ষিত বনাঞ্চলৰ মাজত এটা ক’ৰিডৰৰ সীমা নিৰ্ধাৰণ কৰে । এই সীমা নিৰ্ধাৰণৰ জৰিয়তে মায়ং সংৰক্ষিত বনাঞ্চল আৰু বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজত হলৌ বান্দৰৰ মুক্ত বিচৰণ নিশ্চিত হ’ব, য’ত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘই (আই ইউ চি এন) বিপন্ন আৰু দুষ্প্ৰাপ্য প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হলৌ বান্দৰৰ প্ৰায় সাতটা পৰিয়াল আছে ।

অসমৰ কামৰূপ জিলাৰ ৰজাপাৰা আৰু চানডুবি অঞ্চলত অৱস্থিত পূব ৰজাপাৰা বনাঞ্চল গাঁও আৰু পূব ৰজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘই জনগোষ্ঠীয় কল্যাণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰা সংস্থা 7WEAVES ৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰে ।

Holoock Gibbons in Assam
হলৌ বান্দৰক সুৰক্ষাৰ প্ৰয়াস (ETV Bharat)

‘‘ৰজাপাৰা, গুটিপথাৰ, গিনপোটা, যোৰামুখীয়াৰ লগতে চানডুবি অঞ্চলটো জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ইয়াত হলৌ বান্দৰৰ সাতটা পৰিয়াল আছে, যিয়ে মায়ং আৰু বৰদুৱাৰৰ সংৰক্ষিত বনাঞ্চলত থকা নিজ বসতিস্থলৰ মাজত বিচৰণ কৰি থাকে। কিন্তু মানৱসৃষ্ট উন্নয়নমূলক কাম যেনে বাট-পথ বহলীকৰণ, কৃষিভিত্তিক কাৰ্যকলাপ আদিয়ে এই অঞ্চলৰ জৈৱ বৈচিত্ৰক একাধিক প্ৰকাৰে প্ৰভাৱিত কৰি আহিছে ।’’ ৰজাপাৰা আঞ্চলিক জনজাতি যুৱ সংঘৰ সভাপতি পক্ষীৰাজ ৰাভাই এইদৰে কয় ।

ৰাভাই কয় যে উন্নয়নমূলক কামে যাতে কোনো বিশেষ এলেকাৰ বন্যপ্ৰাণী আৰু চহকী জৈৱ বৈচিত্ৰৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে বন্যপ্ৰাণী ক’ৰিডৰৰ সীমা নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় । ৰাভাই লগতে কয়, ‘‘এই লক্ষ্য আগত ৰাখি আমি চানডুবি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছো ।’’

তেওঁ কয় যে এইখন কামৰূপ জিলাৰ বৰ্তমান সময়ত বৰ্তি থকা প্ৰাথমিক বনাঞ্চলসমূহৰ ভিতৰত অন্যতম আৰু লগতে বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ বাসস্থান, যিবোৰ স্থানীয় গাঁওবাসীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষণ কৰি আহিছে । উল্লেখ্য যে হলৌ বান্দৰবোৰে স্বভাৱসিদ্ধভাৱে এক সংগীৰ সৈতে সহবাস কৰে আৰু জীৱকূলটোৰ আন কোনো সদস্যৰ সৈতে সংগমত লিপ্ত নহয়। লক্ষ্যণীয়ভাৱে তেওঁলোকে নিজক বাসস্থানৰ বাবে উপযোগী এটা ভূখণ্ডও নিৰ্ধাৰণ কৰে আৰু তেওঁলোকৰ এটা নিৰ্দিষ্ট ধৰণৰ কণ্ঠস্বৰৰ ব্যৱহাৰে, পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোগাযোগ মাধ্যম হিচাপে কাম কৰাৰ ওপৰি তেওঁলোকৰ ভূখণ্ডৰ পৰা আন গিবনবোৰক আঁতৰাই ৰখাৰ কাম কৰে ।

Holoock Gibbons in Assam
ৰাইজে দেখুৱালে নিদৰ্শন (ETV Bharat)

হলৌ বান্দৰৰ এককগামিতাৰ অভ্যাসৰ বাবে প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বসতিস্থলবোৰৰ মাজত জীৱবিধৰ সঘনাই গতিবিধি থকাটো নিশ্চিত কৰাটো প্ৰয়োজনীয়। ইয়াত উল্লেখ কৰিব পাৰি যে যোৱা তিনি বছৰ ধৰি 7WEAVES Research ৰ লগতে স্থানীয়ভাৱে বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত সংস্থা এটাই বৰদুৱাৰ আৰু মায়ং সংৰক্ষিত বনাঞ্চলত হলৌ বান্দৰ পৰিয়াল আৰু ইয়াৰ বাসস্থানবোৰ চিনাক্ত কৰি জানিব পাৰে যে বৰদুৱাৰত তিনিটা আৰু মায়ঙত চাৰিটা হলৌ বান্দৰৰ পৰিয়াল আছে । সংস্থা দুটাই কৰা ক্ষেত্ৰভিত্তিক অধ্যয়নত এই অঞ্চলসমূহত বনাঞ্চল ধ্বংসৰ ভয়াৱহ ইংগিত পোৱা গৈছে, বিশেষকৈ গুৰুত্বপূৰ্ণ বাসস্থানসমূহ সংযোগ কৰা বন্যপ্ৰাণী কৰিড’ৰসমূহৰ বাবে ই এক ভাবুকিপূৰ্ণ বাৰ্তা ।

7WEAVES ৰ গৱেষকৰ তনয়া তালৱাৰে কয়, “হলৌ বান্দৰ আৰু বৃহৎ পৰিৱেশ তন্ত্ৰৰ প্ৰতি অহা ভাবুকিৰ কথা অনুধাৱন কৰি পূব-ৰজাপাৰাৰ বাসিন্দাসকলে এই গুৰুত্বপূৰ্ণ বাসস্থানসমূহ সংৰক্ষণৰ বাবে সংগঠিত হৈছে আৰু মায়ং আৰু বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজৰ পৰম্পৰাগত পথ হিচাপে ব্যৱহৃত এটা গুৰুত্বপূৰ্ণ কৰিড’ৰ চিনাক্ত কৰিছে ।”

‘‘হলক গিবন (অসমীয়াত হোলৌ বান্দৰ বুলি কোৱা হয়) কৰিড’ৰ নিৰ্মাণৰ আৰম্ভণি হিচাপে আৰু চিনাক্ত কৰা পৰম্পৰাগত কৰিড’ৰটোৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে সীমা নিৰ্ধাৰণৰ উদ্দেশ্যৰে স্থানীয় জনগোষ্ঠীটোৱে আনুষ্ঠানিকভাৱে পথটোত খোজ কঢ়াৰ ব্যৱস্থা প্ৰচলন কৰিছে । এই পুনৰুদ্ধাৰ কৰ্মৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে, আজি এই সম্প্ৰদায়টোৱে আৰম্ভণিতে বনাঞ্চলত ১০০ টা গছপুলি ৰোপণ কৰিছে,” তালৱাৰে লগতে কয় ।

Holoock Gibbons in Assam
গছপুলি ৰোপন (ETV Bharat)

বৰ্তমানৰ কৰিড’ৰটোৰ সীমা নিৰ্ধাৰণ আৰু অধিগ্ৰহণে ভৱিষ্যতে বেদখল বা ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন ৰোধ কৰিব বুলি ৰাভাই মতপোষণ কৰে। তেওঁ কয় যে "কৰিড’ৰৰ ভিতৰত কিছুমান স্থান আছে য’ত কৃষিকাৰ্য চলি আছে, আৰু এই শেহতীয়া পদক্ষেপৰ অংশ হিচাপে গছপুলি ৰোপণ আৰু বৰ্তি থকা গছবোৰৰ সুৰক্ষাৰ জৰিয়তে এই অঞ্চলসমূহ সংৰক্ষণ কৰাত সহায় হ’ব ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত বাৰেকুৰিৰ হলৌ বান্দৰৰ প্ৰসংগ: পৰ্যটনৰ পৰ্যাপ্ত সুবিধা লাভৰ আশা অঞ্চলবাসীৰ - Mann Ki Baat

হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ? - Gibbon Wildlife Sanctuary

Last Updated : Oct 10, 2024, 1:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.