ETV Bharat / state

ক্ষতিপূৰণ বিচাৰি ৰাজপথত ৰাইজ, ভোট নিদিয়াৰ হুংকাৰ - FLOOD RELIEF SCAM

সাত বছৰেই নাপালে উপযুক্ত ক্ষতিপূৰণ । বিষয়া-কৰ্মচাৰী,গাঁও প্ৰধানৰ ভুলৰ বাবে বঞ্চিতৰ ক্ষোভ ।

Victims protest in Kaliabor
কলংপৰীয়া একাংশ মহিলাই সাব্য়স্ত কৰিলে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2024, 9:23 PM IST

কলিয়াবৰ: ২০১৭ চনৰ ১৩ আগষ্টত নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটি পাহাৰ সংযোগী মথাউৰি ভাঙি ব্ৰহ্মপুত্ৰৰ পানীয়ে কলঙৰ বুকুয়েদি বৈ আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । সেই সময়ৰ ভয়াৱহ ছবিখন এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে । সকলোৱে অসহায় লোকসকলক সহায় কৰিবলৈ দাবী জনাইছিল । চৰকাৰেও গৃহহীন লোকসকলৰ লগতে ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিব বুলি আশ্বাস দিছিল । পিছে ক্ষতিগ্ৰস্তই সাত বছৰেই নাপালে উপযুক্ত ক্ষতিপূৰণ ।

আনহাতে, এই বৰ্ষৰ যোৱা ২ জুলাইত কলিয়াবৰৰ হাতীমূৰা মথাউৰি ছিগি ব্ৰহ্মপুত্ৰৰ পানীয়ে কলঙৰ বুকুৰে বৈ গৈ সৃষ্টি কৰিছিল প্ৰলয় । এই দ্বিতীয়টো বানপীড়িতই ইতিমধ্যে ক্ষতিপূৰণ লাভ কৰিছে যদিও প্ৰথমটো বানৰ একাংশ ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত ক্ষতিপূৰণ নাপালে । সেয়ে বিগত সাত বছৰ ধৰি বানপানীৰ চৰকাৰী ক্ষতিপূৰণ নোপোৱাক লৈ সোমবাৰে দুলাল-মাধৱ,জখলাবন্ধাৰ কলংপৰীয়া একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

কলংপৰীয়া একাংশ মহিলাই সাব্য়স্ত কৰিলে প্ৰতিবাদ (ETV Bharat Assam)

২০১৭ চনৰ আগষ্টত হাতীমূৰা মথাউৰি ভাঙি কলিয়াবৰৰ বহু অঞ্চলত পানীয়ে প্লাৱিত কৰাৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ,খেতি,পশুধনৰ যথেষ্ট ক্ষতি কৰিছিল । ইয়াৰে বহুলোকে চৰকাৰীভাৱে ক্ষতিপূৰণ পাইছিল যদিও একাংশই চৰকাৰী বিষয়া-কৰ্মচাৰী,গাঁওপ্ৰধানৰ ভুলৰ বাবে কোনোধৰণৰ ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদমুখৰ হৈ পৰে ।

ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক্ষোভ :

আজি কলিয়াবৰ ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেইবাখনো গাঁৱৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত প্ৰতিবাদকাৰীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰে । এই বিষয়টোত চৰকাৰে অনতিপলমে উচিত পদক্ষেপ নল'লে আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

ক্ষতিপূৰণ নিদিলে ভোট নিদিও :

এগৰাকী প্ৰতিবাদকাৰীয়ে সাংবাদিকৰ আগত ক্ষোভেৰে কয়," বানপানীত ঘৰ ভাঙি চূৰমাৰ হ'ল । আজিলৈকে আমাক এক পইচা দিয়া নাই । ওচৰৰ দুই-তিনিঘৰ মানুহক দিছে । বাকী কাকোৱেই দিয়া নাই । এগৰাকী বৃদ্ধাই কয়,"মোক ব্য়ৱস্থা কৰি দিম বুলি কৈছিল; কিন্তু এতিয়ালৈকে মই ফুটপাথতেই আছো ।" আন এগৰাকী প্ৰতিবাদকাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়," আমাক ক্ষতিপূৰণ নিদিলে ভোট নিদিও ।"

লগতে পঢ়ক:বান সাহায্য বিতৰণত অনিয়ম; পাব লাগিছিল কোনোবাই, পাইছে বেলেগে ! - FLOOD RELIEF SCAM

আদৰ্শ বান শিবিৰত পুষ্টিহীনতাত ভুগিছে শিশু-মহিলাই; কেতিয়া আহিব ভাল দিন ? - JONAI IDEAL FLOOD CAMP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.