ETV Bharat / state

উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ - Veteran guitarist Jiyaur Rahman

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 3:59 PM IST

Updated : Aug 29, 2024, 4:27 PM IST

Jiyaur Rahman died: উদণ্ড যুৱকৰ আক্ৰমণত মৃত্যু মৰাণৰ প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সৈতেও গীটাৰ বজোৱাৰ সুযোগ লাভ কৰিছিল প্ৰয়াত শিল্পীগৰাকীয়ে ৷

Jiyaur Rahman died
উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল গীটাৰিষ্ট জিয়াউৰ ৰহমানৰ (ETV Bharat Assam)

মৰাণ, 29 আগষ্ট: এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ অকাল মৃত্যুক সাৱটিলে মৰাণৰ প্ৰবীণ গীটাৰিষ্ট, "Music den & Dance Academy"-ৰ স্বত্বাধিকাৰী জিয়াউৰ ৰহমানে ৷ ফৰিদ নামেৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে যোৱা ২৬ আগষ্টত মৰাণ নগৰৰ এখন দোকানৰ পৰা বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে এজন যুৱকৰ সৈতে সামান্য কথাতে তৰ্ক হয় ৷

ইয়াৰ পিছত মৰাণ নতুন নগৰৰ প্ৰহ্লাদ দাস নামৰ উদণ্ড যুৱকজনে জিয়াউৰ ৰহমানক নিৰ্মমভাৱে মাৰধৰ কৰে ৷ পিছত গুৰুতৰভাৱে আহত শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱাত জিয়াউৰ ৰহমানক চিকিৎসকে ঘৰতে জিৰণী লোৱাৰ পৰামৰ্শ দিছিল যদিও বুধবাৰে নিশা পুনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত নিশা চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ চিকিৎসাধীন অৱস্থাতে নিশা অকাল মৃত্যুক সাৱটি লয় প্ৰবীণ শিল্পীগৰাকীয়ে ৷

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে আজি আক্ৰমণকাৰী যুৱক প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰিছে ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে গীটাৰ বজোৱাৰ সুযোগ লাভ কৰা অতি অমায়িক, সৰবৰহী শিল্পীগৰাকীৰ অকাল মৃত্যুত মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে ৷ এই ঘটনা পোহৰলৈ অহা পাছতে মৰাণত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে ।

প্ৰবীণ গীটাৰিষ্টগৰাকীৰ মাতৃয়ে কয় যে আজি তেওঁৰ বুকুৰ পৰা পুত্ৰক কাঢ়ি নিয়া হৈছে, কাইলৈ আনৰ বুকুৰ পৰা সন্তানক কাঢ়ি নিব ৷ এনেকুৱা উদণ্ড যুৱকৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় ৷

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত - Police firing in Barpeta

বাঘৰ আক্ৰমণত নিহত বনকৰ্মী : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা - Orang National Park

Last Updated : Aug 29, 2024, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.