ETV Bharat / state

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত মহিলা আয়োগলৈ স্মাৰক পত্ৰ - Jorhat Student sexual assault case

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 2:23 PM IST

Sexual assault case in Jorhat Science & Technology Institute: ৰাজ্যিক মহিলা আয়োগত উপস্থিত বীৰ লাচিত সেনা অসম ৷ যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত এগৰাকী অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আয়োগত উপস্থিত হয় বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা ৷ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ বীৰ লাচিত সেনাৰ ৷

Veer Lachit Sena Assam handed over a memorandum to the State Womens Commission demanding action against the professor of jorhat Science & Technology accused of sexual assault
যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত মহিলা আয়োগলৈ স্মাৰক পত্ৰ (ETV Bharat)

গুৱাহাটী, 4 আগষ্ট : অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাজ্যিক মহিলা আয়োগত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বীৰ লাচিত সেনা অসমে ৷ উল্লেখ্য যে, বিগত বৰ্ষত যোৰহাটৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ এগৰাকী অধ্যাপকে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি এক অভিযোগ উত্থাপন হৈছিল ৷

ডেৰবছৰ পূৰ্বে এই জঘন্য ঘটনাটো শিক্ষা প্ৰতিষ্ঠানটোত সংঘটিত হোৱা বুলি পোহৰলৈ আহিছিল যদিও আজিলৈকে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই । যাৰ বাবে শনিবাৰে বেলতলাস্থিত ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল কৰে সংগঠনটোৱে ।

সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি ড৹ ভাস্কৰ জ্যোতি শৰ্মা নামৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে অভিযোগ উত্থাপন যৌন আতিশয্যৰ ৷ কিন্তু তাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল শৰ্মাক বুলি প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে । লগতে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা বুলিও প্ৰতিষ্ঠানৰ অধ্যক্ষ ড০ অতনু কুমাৰ দত্তৰ বিৰুদ্ধেও অভিযোগ তুলিছে সংগঠনটোৱে ।

উল্লেখ কৰা প্ৰয়োজন যে, 2023 বৰ্ষৰ মে’ মাহৰ প্ৰথম সপ্তাহত এগৰাকী ছাত্ৰী আৰু তেওঁৰ মাতৃয়ে যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অতনু কুমাৰ দত্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

ইয়াৰ পাচতে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে সহযোগী অধ্যাপিকা ড৹ মণীষা ৰাজখোৱাৰ নেতৃত্বত এখন Internal complaint committee (ICC) গঠন কৰি দিছিল । এই সমিতিত ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে বাহ্যিক সদস্যা (external member) হিচাপে জিষ্টৰ সমীপৱৰ্তী বর্ষাৰণ্য গৱেষণা প্রতিষ্ঠান (RFRI)ৰ বিষয়া ড৹ ৰুণুমী দেৱী বৰঠাকুৰক অন্তর্ভুক্ত কৰিছিল । তেতিয়াই সমিতিয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ভাষ্য আৰু তথ্য-প্রমাণ গ্রহণ কৰিছিল যদিও সেই তদন্তৰ প্ৰতিবেদন আজিলৈ প্ৰকাশ নকৰিলে বুলি বীৰ লাচিত সেনা অসমে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক: পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual assault

মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.