ETV Bharat / state

প্ৰৱেশ পত্ৰ দিয়াৰ পাচতো অইলৰ কাৰিকৰী পদৰ পৰীক্ষা বাতিল কৰাক লৈ দল-সংগঠনৰ ক্ষোভ - OIL INDIA

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:52 PM IST

Oil Recruitment Exam : অইলৰ কাৰিকৰী পৰীক্ষা বাতিল কৰাক লৈ দল-সংগঠনৰ ক্ষোভ ৷ ১ জুলাইত অনুষ্ঠিত হ'বলগা পৰীক্ষা কিয় বাতিল কৰিলে তাৰ কাৰণ স্পষ্ট কৰিবলৈ দাবী দল-সংগঠনৰ ৷

ANGER AGAINST OIL INDIA
অইলৰ কাৰিকৰী পৰীক্ষা বাতিল কৰাক লৈ ক্ষোভ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 23 জুন : 1 জুলাইত অনুষ্ঠিত হ'বলগা কাৰিকৰী পদৰ পৰীক্ষা বাতিল কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ প্ৰৱেশ পত্ৰ দিয়াৰ পাচতো 432টা কাৰিকৰী পদৰ পৰীক্ষা বাতিল কৰাক লৈ দল- সংগঠনৰ ক্ষোভ ৷ নিযুক্তি পৰীক্ষাটো কিয় হঠাৎ বাতিল কৰিব লগা হ'ল আৰু পুনৰ কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ আজি দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দাবী উত্থাপন কৰে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই ৷

পৰীক্ষা বাতিল কৰাক লৈ দল-সংগঠনৰ ক্ষোভ (ETV BHARAT ASSAM)

জানিব পৰা অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ 432 টা কাৰিকৰী বনুৱা নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বহিঃৰাজ্যত ব্লেকলিষ্ট হোৱা এডুটেষ্ট নামৰ এটা প্ৰতিষ্ঠানক দায়িত্ব অর্পণ কৰিছে ৷ ইয়াৰ পূৰ্বেও অইল ইণ্ডিয়াৰ বহুকেইটা লিখিত পৰীক্ষা এই বিতৰ্কিত প্ৰতিষ্ঠানটোৱে বিসংগতিৰে অনুষ্ঠিত কৰাৰ কথা পোহৰলৈ আহিছিল ৷ উত্তৰ প্ৰদেশৰ আৰক্ষী কনিষ্টবল পৰীক্ষাৰ দায়িত্ব লাভ কৰা এই বিতৰ্কিত প্ৰতিষ্ঠানটো লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীত জড়িত হৈ ইতিমধ্যে ব্লেকলিষ্ট হৈছে ৷ এনে এটা বিতৰ্কিত প্ৰতিষ্ঠানক অইল ইণ্ডিয়া লিমিটেডে বাৰে বাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব প্ৰদান কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছিল ৷

এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া এডুটেষ্ট নামৰ প্ৰতিষ্ঠানটোৱে পুনৰ বিসংগতি সৃষ্টি কৰা ভয়ত অইল ইণ্ডিয়াই পৰীক্ষা বাতিল কৰিছে নে আন কিবা কাৰণ আহি পৰিল সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'লেই সৃষ্টি হয় ব্যাপক বিসংগতিৰ ৷ শিক্ষিত নিবনুৱা সকলৰ সুৰক্ষিত ভৱিষ্যতক লৈ হেতালি খেলা অইল ইণ্ডিয়া লিমিটেডৰ এটা পূৰ্বৰ পৰম্পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে দীৰ্ঘদিনৰ পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ এনে অভিযোগৰ মাজতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই প্ৰৱেশ পত্ৰ দিয়াৰ পাচতো কাৰিকৰী পদৰ পৰীক্ষা বাতিল কৰাক লৈ সৃষ্টি হৈছে ৰসহ্যৰ ৷

লগতে পঢ়ক : NEET-NET পৰীক্ষাৰ কেলেংকাৰীক কেন্দ্ৰ কৰি লখিমপুৰ-চিলাপথাৰত জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা - NEET UG 2024 ROW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.