ETV Bharat / state

প্ৰতিবাদত উত্তাল দেৰগাঁও : অভিযুক্তক ক্ষমা খোজাৰ দাবী স্থানীয় দল-সংগঠনৰ - Agitation in Dergaon

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 5:05 PM IST

Protest in Dergaon: কট্টৰ জাতীয়তাবাদী যুৱনেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত ৷ গৌৰৱ সোমানীক ক্ষমা খোজাৰ দাবী স্থানীয় দল-সংগঠন আৰু স্থানীয় ৰাইজৰ । সময় বান্ধি দিলে স্থানীয় দল-সংগঠনে ।

Case against Shrinkhal Chaliha
প্ৰতিবাদত উত্তাল দেৰগাঁও : অভিযুক্তক ক্ষমা খোজাৰ দাবী স্থানীয় দল-সংগঠনৰ (ETV Bharat Assam)

দেৰগাঁও, 20 আগষ্ট: "সিংহই জিৰাইছেহে শোৱা নাই"- লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে দেৰগাঁৱত আজি এই হুংকাৰ প্ৰদান কৰে অনা অসমীয়া ব্যৱসায়ীক উদ্দ্যেশি । জাতীয়তাবাদী যুৱনেতা শৃংখল চলিহাৰ বিৰুদ্ধে অনা অসমীয়া ব্যৱসায়ীয়ে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ পাছতো দেৰগাঁৱত অব্যাহত আছে প্ৰতিবাদ ।

দেৰগাঁৱত প্ৰতিবাদ

গোচৰ প্ৰত্যাহাৰ কৰাৰ পাছতো মঙলবাৰে বীৰ লাচিত সেনাসহ কেবাটাও দল-সংগঠনৰ বিষয়ববীয়া আৰু বৃহৎসংখ্যক সদস্য উপস্থিত হয় দেৰগাঁও চাৰিআলিত আৰু একলগ হৈ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গৌৰৱ সোমানীৰ বাসগৃহ অভিমুখে যায় ৷ অৱশ্যে সোমবাৰৰ নিশা স্বাস্থ্যজনিত কাৰণত গৌৰৱ সোমানীৰ আত্মীয়ৰ মৃত্যু ঘটাৰ বাবে পৰিয়ালটিৰ প্ৰতি সমবেদনা জনায় দল-সংগঠনৰ বিষয়ববীয়াই ।

ইয়াৰ পাছতেই পৰিয়ালটোৰ জ্যেষ্ঠ লোকসকলৰ সৈতে মিলিত হয় দল-সংগঠনৰ বিষয়ববীয়া । ভৱিষ্যতে এনে ধৰণৰ অসমীয়াৰ স্বাভিমানত আঘাট কৰিব পৰা কাৰ্য কৰাৰ পৰা বিৰত থকাৰ বাবে সকীয়নি প্ৰদান কৰে দল-সংগঠনৰ বিষয়ববীয়াই । সমান্তৰালভাৱে এতিয়াৰে পৰা 72 ঘন্টাৰ ভিতৰত গৌৰৱ সোমানীক দেৰগাঁৱত উপস্থিত হৈ দল-সংগঠন আৰু ৰাইজৰ সন্মুখত ক্ষমা খুজিবৰ বাবে সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে ।

বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অৰিন্দম বৰাই কয়, "আজি আমি গৌৰৱ সোমানীৰ বাসগৃহ ঘেৰাও কৰিবলৈ আহিছিলো যদিও তেখেতৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু ঘটিছে বাবে আমি সেই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলো ৷ তেওঁৰ খুৰাকৰ সৈতে কথা পাতিলো । এটা কথা ঠিক যে যুগ যুগ ধৰি আমি প্ৰতিটো জাতি-জনগোষ্ঠী একেলগে বসবাস কৰি আহিছো আৰু আগন্তুক দিনতো আমি থাকিব লাগিব ৷ কিন্তু কিছুমান বণিক গোষ্ঠী আছে যিবোৰে অসমীয়া আৰু মাৰোৱাৰীৰ মাজত বিভেদৰ সৃষ্টি কৰে ৷ গতিকে সেই বণিক গোষ্ঠীৰ লোকসকলক চিনাক্ত কৰি সমাজৰ পৰা বহিস্কাৰ কৰা উচিত ।"

72 ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী

ইফালে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেৰগাঁওৰ সমাজ সচেতক হৰেকৃষ্ণ খাউণ্ডে কয়, "এনে ঘটনা অতি দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক । অনা অসমীয়া ব্যৱসায়ীসকলক এই স্থানৰ পৰা সকীয়াই দিব বিচাৰিছো যে আমি তোমালোকৰ দোকানত কৰ্মচাৰী হিচাপে কাম কৰিলেও তুমি মোক ভাল ব্যৱহাৰ কৰিব লাগিব । যদি এই স্থানত অনা অসমীয়া ব্যৱসায়ীয়ে কাম কৰি আছে তেনেহ’লে অসমীয়া জাতিৰ আদৰ্শ আৰু স্বাভিমান অক্ষুণ্ণ ৰাখি কাম কৰিব লাগিব । আৰু অকণমানো যদি থলগিৰিৰ ওপৰত অত্যাচাৰ কৰা হয় তেন্তে আমি শান্তিৰে বহি নাথাকো । সিংহই এতিয়া জিৰণি লৈছে, সিংহ শুই যোৱা নাই আৰু সিংহ যেতিয়া সাৰ পাব তেতিয়া কাকো সুদাই নেৰে । ইয়াৰ উপৰিও শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা গৌৰৱ সোমানীয়ে 72 ঘন্টাৰ ভিতৰত সামাজিক মাধ্যম, বৈদ্যুতিক মাধ্যম আৰু চপা মাধ্যমৰ জৰিয়তে অসমীয়াৰ ওপৰত গোচৰ তৰাৰ বাবে নিজৰ দুখ স্বীকাৰ কৰি সকলোৰে আগত ক্ষমা বিচৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ কাম নকৰো বুলি ক’ব লাগিব ।"

আজি ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নিপন গগৈ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি কৃষ্ণ বৰুৱা, জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে দেৰগাঁৱৰ সমাজ সচেতন ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ গৌৰৱ সোমানীৰ: দেহৰক্ষী প্ৰদান সোমানীক - FIR against Shrinkhal Chaliha

অসমত অসমীয়া জাতীয় সংগঠনৰ অভাৱ হৈছে নেকি ? বীৰ লাচিত সেনাৰ প্ৰশ্ন - Veer Lachit Sena

শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ'ব বিষম পৰিস্থিতিৰ : আলফাৰ হুমকি - FIR against Shrinkhal Chaliha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.