ETV Bharat / state

অৰ্থনৈতিক অৱৰোধ কৰিব বিচৰা ব্যক্তিৰ তদন্ত হ'ব লাগে: আছুৰ সভাপতিৰ চৰকাৰলৈ আহ্বান - Nagaon fish farmers controversy

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 8:17 PM IST

AASU on fish supply controversy : অৰ্থনৈতিক অৱৰোধ কৰিবলৈ কেনেকৈ সাহস পালে ? কাৰ পৃষ্ঠপোষকাত এই ঘোষণা কৰিব পৰা হৈছে ? ইয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অসমক খণ্ড খণ্ড কৰাৰ প্ৰৱণতা বন্ধ কৰাৰ বাবে চৰকাৰক সকীয়নি আছুৰ সভাপতিৰ ।

AASU on Fish Supply Controversy
অৰ্থনৈতিক অৱৰোধ কৰিব বিচৰা ব্যক্তিৰ তদন্ত হ'ব লাগে (ETV Bharat Assam)

গুৱাহাটী, ২৭ আগষ্ট : "ৰাজ্যত সাম্প্ৰদায়িক চেপা উত্তেজনা বিৰাজ কৰিছে । সেইটো দুৰ্ভাগ্যজনক । অসমখনক বেলেগ বেলেগ নাম কৈ খণ্ড খণ্ড কৰি ভাগ কৰাৰ প্ৰৱণতাই গা কৰি উঠিছে । এই কথাই মানুহক চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে ।" শেহতীয়া মৎস্য যোগান সম্পৰ্কীয় বিতৰ্কত এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ ।

আছুৰ সভাপতিৰ চৰকাৰলৈ আহ্বান (ETV Bharat Assam)

উল্লেখ্য যে উজনি অসমত বহিৰাগতৰ বিৰুদ্ধে ৩০ টাকৈ জাতীয় দল-সংগঠনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ মৎস্য উৎপাদক তথা ব্যৱসায়ী সন্থাই উজনি অসমলৈ মৎস্য যোগান বন্ধ কৰাৰ হুংকাৰ দিছে । এইবাৰ নগাঁৱৰ ব্যৱসায়ীয়ে উজনিলৈ মাছ যোগান বন্ধ কৰা সন্দৰ্ভত দিয়া ভাবুকি প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

নিজৰ প্ৰতিক্ৰিয়াত আছুৰ সভাপতিয়ে কয়, "নগাঁৱৰ ব্যৱসায়ীয়ে উজনিত মাছ বিক্ৰী বন্ধ কৰাৰ কথাই ব্যাপক চৰ্চা লাভ কৰিছে । অৰ্থনৈতিক অৱৰোধ কৰিবলৈ তেওঁলোকে কেনেকৈ সাহস পালে ? কাৰ পৃষ্ঠপোষকাত তেওঁলোকে এই ঘোষণা কৰিব পৰা হৈছে ? ইয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

আনহাতে, নগাঁও মীনপালক সন্থাই মাছৰ ব্যৱসায়টো তেওঁলোকৰ হাতত আছে বুলি কোৱা প্ৰসংগত আছুৰ সভাপতিগৰাকীয়ে কয়, "তেওঁলোকে ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানৰ হাতত মাছ ব্যৱসায় আছে । তেওঁলোকে হুংকাৰ দিছে যে ইচ্ছা কৰিলে অসমত মাছৰ আমদানি-ৰপ্তানি বন্ধ কৰি দিব পাৰে । অৰ্থাৎ অসমত অৰ্থনৈতিক অৱৰোধ কৰিব পাৰে । এই সাম্প্ৰদায়িক শব্দটো তেওঁলোকৰ মুখৰ পৰাই ওলাই আছে ।"

ইফালে মৎস্য উৎপাদনৰ গুণগত মানৰ কথা উল্লেখ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "চৰকাৰে এতিয়া তদন্ত কৰিব লাগে যে খিলঞ্জীয়া মৎস্য ব্যৱসায়ীয়ে ১৫০ টকাত বিক্ৰী কৰিব নোৱৰা মাছ তেওঁলোকে ১০০ টকাত কেনেকৈ বিক্ৰী কৰিব পাৰে । থলুৱা মীনপালকে যদি বছৰত দুবাৰ মাছ বিক্ৰী কৰিব পাৰে, তেন্তে তেওঁলোকে কেনেকৈ তিনিবাৰ মাছ বিক্ৰী কৰিব পাৰে । মাছ ডাঙৰ কৰিবলৈ কি বৰবিহ খুৱাই আছে তাৰো তদন্ত হ'ব লাগে ।"

লগতে তেওঁ অৰ্থনৈতিক অৱৰোধ কৰিব বিচৰা ব্যক্তিৰ ওপৰত তদন্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক :উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy
লগতে পঢ়ক :সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.