ETV Bharat / state

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আন্দোলন - Protest in Moran

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:54 PM IST

Protest in Moran: খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত উজনিত এক হ'ল ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন । মৰাণত খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান আৰু স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল । ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সহস্ৰাধিক লোকে কঁপালে মৰাণ নগৰ ।

Protest in Moran
১৭ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আন্দোলন (ETV Bharat Assam)

মৰাণ,৩১ আগষ্ট: ৰাজ্যত পুনৰ আৰম্ভ হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম । ৰাজ্যত অসমীয়া-অনাঅসমীয়াৰ প্ৰসংগ আৰম্ভ হোৱাৰ পাছতে যেন খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে তৎপৰ হৈছে দল-সংগঠন । বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ পাছতে মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাই খিলঞ্জীয়াৰ ৰক্ষাৰ দাবীত সোচ্চাৰ হৈছে একাংশ লোকৰ লগতে দল-সংগঠনে ।

তেনে সময়ত খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত উজনিত এক হ'ল ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন । খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষা নিশ্চিত কৰা আৰু স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত শনিবাৰে মৰাণ নগৰ কঁপালে সহস্ৰাধিক লোকে । মৰাণৰ ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবীত সোচ্চাৰ হৈ উঠে ।

সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ 'আটাছু', টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা', সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আহোম জাতীয় গণমঞ্চ, আদিবাসী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, অসমীয়া যুৱমঞ্চকে ধৰি ১৭ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত প্ৰথমে মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ‌নীতিৰ বিৰুদ্ধে সৰব হৈ উঠে বিভিন্ন সংগঠনৰ নেতৃবৃন্দ ।

ইয়াৰ পাছতে ১৭ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতত্বত মৰাণ নগৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । এই সমদলত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ লোকে 'খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰক', 'খিলঞ্জীয়া বিৰোধী নীতি ত্যাগ কৰক', 'স্মাৰ্ট মিটাৰ বন্ধ কৰক', 'অসমীয়া বিৰোধী নীতি নচলিব', 'বিজেপি চৰকাৰ হায় হায়', 'হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ', 'নন্দিতা গাৰ্লোচা হায় হায়' আদি শ্ল'গানেৰে মৰাণ নগৰৰ ৰাজপথ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা, খিলঞ্জীয়াৰ ভূমি বহিৰাগতক ক্ৰয়-বিক্ৰয় বন্ধ কৰা, সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ সুনিশ্চিত কৰা, স্মাৰ্ট মিটাৰ বাতিল কৰাকে ধৰি কেইবাটাও দাবী জনাইছে । উল্লেখ্য যে আজিৰ প্ৰতিবাদী সমদলৰ সময়ত মৰাণ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি ব্যৱসায়ীসকলেও সমদলত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: যোৰহাটত ১০ দফীয়া দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ - Non Assamese controversy

অৰুণোদয় আঁচনি নহয়, খিলঞ্জীয়া অসমীয়া মীনপালকক গুৰুত্ব দিয়ক: চৰকাৰলৈ আহ্বান এগৰাকী খিলঞ্জীয়া মীনপালকৰ - Nagaon fish farmers row

অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি : যোৰহাটত একত্ৰিত খিলঞ্জীয়া - Khilanjiya oikya mancha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.