ETV Bharat / state

অসমৰ কোনগৰাকী বিধায়কে ঘৰতেই আৰম্ভ কৰিছে দেওবৰীয়া পাঠশালা - Unique act of MLA Mrinal Saikia - UNIQUE ACT OF MLA MRINAL SAIKIA

MLA Mrinal Saikia:বিধায়কৰ ঘৰত দেওবৰীয়া পাঠশালা । প্ৰতি দেওবাৰে অনুষ্ঠিত হ'ব এই পাঠশালা । কোনে দিব পাঠদান ? কি থাকিব এই পাঠ্যক্ৰমত ?

MLA Mrinal Saikia
খুমটাইৰ বিধায়ক মৃণাল শইকীয়া (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:01 PM IST

গোলাঘাট, ৯ জুন: এজাক কণ কণ ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী বিধায়ক । বিধায়কগৰাকীৰ বাসগৃহতেই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক দিছে পাঠদান । বিধায়কগৰাকীয়ে দেখুৱাইছে প্ৰকৃতিৰ নানা সমল । দেখুৱাইছে গছ-গছনি, অৰ্কিড, পুখৰী আদি । শেহতীয়াকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন বিতৰ্কিত মন্তব্য়ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ বিষয়ে সজাগ আৰু সতৰ্ক কৰিবলৈ গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ।

খুমটাইৰ বিধায়ক মৃণাল শইকীয়া (ETV BHARAT ASSAM)

বিধায়ক মৃণাল শইকীয়াই নিজৰ ঘৰৰ চৌহদত আজিৰ পৰা আৰম্ভ কৰিলে দেওবৰীয়া পাঠশালা । বিধায়কগৰাকীৰ বাসগৃহত থকা অৰ্কিড, গছ-গছনি, পুখুৰী দেখুৱাই এই সকলোবোৰৰ বিষয়ে জ্ঞান দিলে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক । প্ৰকৃতিৰ বিভিন্ন সমলৰ বিষয়ে পুংখানুপুংখভাৱে বুজাই দিলে ছাত্ৰ-ছাত্ৰীসকলক । শৈশৱৰ পৰাই প্ৰকৃতিৰ বিষয়ে যাতে ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰে তাক লৈ এই পদক্ষেপ বিধায়কগৰাকীৰ ।

আজি বেতিয়নী শঙ্কৰদেৱ শিশু নিকেতনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আৰম্ভ কৰিলে এই দেওবৰীয়া পাঠশালা । গছপুলি ৰোপণ কৰাৰ লগতে অনাহকত গছ নাকাটিবলৈ ছাত্ৰ-ছাত্ৰীসকলক শিকালে বিধায়কগৰাকীয়ে । প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আনন্দিত হৈ পৰিল শিক্ষাৰ্থীসকলো । শিক্ষক,ছাত্ৰ-ছাত্ৰীসকলে ধন্যবাদ জনালে বিধায়কগৰাকীৰ এই পদক্ষেপৰ বাবে । বিধায়কগৰাকীয়ে এই প্ৰসংগত কয় যে এনেধৰণৰ পদক্ষেপেৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতিক ভাল পাবলৈ শিকিব । বিভিন্ন গছ-গছনিৰ বিষয়ে জানিবলৈ সুযোগ লাভ কৰিব ।

প্ৰকৃতিৰ বাবে,প্ৰকৃতিক লৈ বিভিন্ন সময়ত অনেক ব্যতিক্ৰমী পদক্ষেপেৰে চৰ্চাত থকা বিধায়ক মৃণাল শইকীয়াৰ দেওবৰীয়া পাঠশালাকলৈও ৰাইজে আশা প্ৰকাশ কৰিছে । ছাত্ৰ-ছাত্ৰীসকলে এই দেওবৰীয়া পাঠশালালৈ আহি আনন্দ লাভ কৰা বুলি মন্তব্য় কৰে ।

লগতে পঢ়ক:গোলাঘাটত বিধায়ক মৃণাল শইকীয়াৰ অভিনৱ প্ৰতিবাদ - Protest Against Heat Wave

হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ দুই বিধায়কৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.