ETV Bharat / state

মৰিগাঁৱৰ সৌন্দৰ্যত মুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী; বিভিন্ন আঁচনি পৰিদৰ্শন - Suresh Gopi Morigaon Visit

author img

By ETV Bharat Assamese Team

Published : 19 hours ago

Minister Suresh Gopi Morigaon Visit : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যে প্ৰতিমাহে এজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব । এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হ'ব । এই কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে মৰিগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী । তেওঁ দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ বিভিন্ন ঠাইৰ আঁচনিসমূহ পৰিদৰ্শন কৰে ।

Minister Suresh Gopi Morigaon Visit
মৰিগাঁৱৰ সৌন্দৰ্যত মুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী (ETV Bharat Assam)

মৰিগাঁও, ২৬ ছেপ্টেম্বৰ : বুধবাৰে মৰিগাঁও জিলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী । উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি বুজ লোৱাৰ বাবে প্ৰতিমাহে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকী মৰিগাঁৱত উপস্থিত হয় । এই সময়ছোৱাত তেওঁ মৰিগাঁৱত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় । লগতে তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এগৰাকী অভিনেতা, গায়ক, টেলিভছনৰ অনুষ্ঠান উপস্থাপক তথা কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব । ইয়ালৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পৰ্যবেক্ষণ কৰিছোঁ । আৰু অধিক উন্নয়নৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে চিন্তা কৰিম ।"

তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে প্ৰতিমাহত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উত্তৰ-পূৰ্বাঞ্চললৈ আহিব লাগিব । ইয়ালৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ কিমান উন্নয়ন হৈছে তাৰ পৰ্যবেক্ষণ কৰিব লাগিব । তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় অনুদান কি হিচাপে দিব পৰা যায় তাৰো পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে ।"

উল্লেখ্য যে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধঁপাতমুক্ত যুৱ প্ৰজন্ম কাৰ্যসূচীৰ এক সমদলো শুভাৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁক সংগ দিয়ে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীস শৰ্মাই । ইয়াৰ পূৰ্বে মন্ত্ৰী সুৰেশ গোপীয়ে গুৱাহাটীৰ পৰা পোনে পোনে আহি মায়ঙত উপস্থিত হয় । মায়ঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি আৰু কাছশিলা অঞ্চল পৰিদৰ্শন কৰে ।

কাছশিলাত জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ স'তে বাৰ্তালাপৰ পিচতেই তেওঁ যন্ত্ৰচালিত নৌকাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰে । ইয়াৰ উপৰি তেওঁ দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁৱৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে । এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে মায়ঙৰ এখন তাঁতশাল বোৱা মহিলা সমবায়ক ৫ লাখ টকা ব্যক্তিগতভাৱে অনুদান আগবঢ়ায় ।

উল্লেখ্য যে এই পৰিদৰ্শনকালত তেওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰী সৈতে বিভিন্ন আঁচনি পৰিদৰ্শন কৰে । প্ৰথমে মায়ং অঞ্চলৰ মুৰব্বীৰ গাৱঁত থকা জনস্বাস্থ্য বিভাগৰ এটি আঁচনি পৰ্যবেক্ষণ কৰি কাছশিলাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে যন্ত্ৰচালিত নাৱেৰে গৈ ব্ৰহ্মপুত্ৰৰ নদীৰ খহনীয়া আৰু জিঅ' বেগৰ কাম পৰ্যবেক্ষণ কৰে ।

কাছশিলাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ মথাউৰি নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰী সুৰেশ গোপীয়ে কুমৈ গাঁৱত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰী জোনমণি কোঁৱৰৰ ঘৰটো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে দুখীয়া পৰিয়ালটোৰ ঘৰ পৰিদৰ্শন কৰি ঘৰটোৰ মজিয়া আৰু চিলিং নিৰ্মাণৰ বাবে ডেৰ লাখ টকা অনুদান দিয়ে ।

ইয়াৰ সমান্তৰালভাৱে তেওঁ কছাৰীগাঁৱৰ এটি অংগনবাড়ী কেন্দ্ৰ পৰ্যবেক্ষণ কৰে । তাৰ পিচত তেওঁ মৰিগাঁৱৰ চাৰণ বিল পৰিদৰ্শন কৰি ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে । তেওঁ চাৰণ বিলৰ সৌন্দৰ্যত আপ্লুত হোৱাৰ লগতে নৌকা বিহাৰ কৰে । আনহাতে, চাৰণ বিলৰ বিভিন্ন জলক্ৰীড়াৰ খেলুৱৈসকলৰ পাৰদৰ্শিতা প্ৰত্যক্ষ কৰি তেওঁ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰত এখনি আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন নাও অনুদান হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ - Himalayan Unclimbed Peak
লগতে পঢ়ক :বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত কোনকেইটা অসম চৰকাৰৰ দায়িত্বত ? জনালে মুখ্যমন্ত্ৰীয়ে - Assam Accord Implementation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.